• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পলিঅ’ মুক্ত ভাৰতলৈ পুনৰ ভাবুকি! পলিঅ’ভাইৰাছৰ উপস্থিতি পোৱা গৈছে গাজিয়াবাদৰ নলাৰ পানীত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2026 11:13 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ গাজিয়াবাদস্থিত দুন্দাহেৰা জল শোধন প্ৰকল্পৰ নলাৰ পানীৰ নমুনাত ‘ভেকচিন ডিৰাইভড পলিঅ’ ভাইৰাছ’ (ভি ডি পি ভি) টাইপ-১ ধৰা পৰাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ভাৰতক পলিঅ’ মুক্ত দেশ হিচাপে ঘোষণা কৰাৰ পিছত ৰাজধানী দিল্লীৰ সমীপৱৰ্তী অঞ্চলত এই ভাইৰাছৰ উপস্থিতিয়ে প্ৰশাসনক সষ্টম কৰি তুলিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা স্বাস্থ্য বিভাগে লগে লগে ১২ টা স্পৰ্শকাতৰ অঞ্চলৰ প্ৰায় ডেৰ লাখ ৫ বছৰৰ অনুৰ্ধৰ শিশুৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ঘৰে ঘৰে গৈ এক জৰুৰী জৰীপ অভিযান আৰম্ভ কৰিছে।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, পলিঅ’ মুক্ত ভাৰতৰ লক্ষ্যৰে প্ৰতি মাহে চহৰ আৰু গাঁৱৰ জল শোধন প্ৰকল্পসমূহৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰি দিল্লীলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। সোমবাৰে পোহৰলৈ অহা পৰীক্ষাৰ ফলাফলত দুন্দাহেৰা প্ৰকল্পৰ পানীত এই ভাইৰাছৰ অৱস্থিতি নিশ্চিত হোৱাৰ পিছতে ৰাজ্যৰ স্বাস্থ্য বিষয়া আৰু প্ৰশাসনে জুম মাধ্যমৰ জৰিয়তে এক জৰুৰী বৈঠকত মিলিত হয়। দুঘণ্টীয়া এই বৈঠকৰ অন্তত ভাইৰাছৰ উৎস বিচাৰি উলিয়াবলৈ আৰু শিশুসকলৰ মাজত পলিঅ’ৰ লক্ষণ নিৰ্ণয় কৰিবলৈ ১০৭ টা বিশেষ চিকিৎসা দল গঠন কৰি তৎকালীনভাৱে ফিল্ডত নমাই দিয়া হৈছে। এই দলসমূহে ইতিমধ্যে প্ৰথম দিনাই ৫ হাজাৰতকৈ অধিক শিশুৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে।

Apply Now

এই জৰীপ অভিযানৰ অধীনত ৰাজ নগৰ, শাস্ত্ৰী নগৰ, বুলন্দচহৰ ৰোড ঔদ্যোগিক অঞ্চল, দৌলতপুৰা, নিউ পঞ্চৱতী কলনী, ঘুকনা, হিন্দন বিহাৰ, কৈলা ভাট্টা, মিৰ্জাপুৰ, বিজয় নগৰ-১, বিজয় নগৰ-২ আৰু খৈৰাতী নগৰৰ দৰে ১২ টা স্পৰ্শকাতৰ অঞ্চল সামৰি লোৱা হৈছে। এই সমগ্ৰ প্ৰক্ৰিয়াটো ৰাজ্যিক পৰ্যায়ৰ বিষয়াৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ (ডব্লিউ এইচ অ’) বিশেষজ্ঞসকলেও নিবিড়ভাৱে পৰ্যবেক্ষণ কৰি আছে। বিষয়াসকলে সন্দেহ প্ৰকাশ কৰিছে যে দুৰ্বল নিয়মীয়া টিকাকৰণ আৰু পলিঅ’ অভিযানৰ ত্ৰুটিৰ বাবেই এই ভাইৰাছৰ সংক্ৰমণ ঘটিব পাৰে। টিকাকৰণ নকৰা বা ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা কোনো অসুস্থ শিশু বা ভ্ৰমণকাৰীৰ মলৰ জৰিয়তে এই ভাইৰাছ নলাৰ পানীত মিহলি হোৱাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে।

গাজিয়াবাদৰ মুখ্য চিকিৎসা বিষয়া ডাঃ শচীন চন্দ্ৰ বৈশ্যই এই সন্দৰ্ভত জানিবলৈ দিয়ে যে দুন্দাহেৰা এছ টি পিৰ নলাৰ পানীৰ নমুনাত ভেকচিন ডিৰাইভড পলিঅ’ ভাইৰাছ টাইপ-১ পোৱা গৈছে আৰু ইয়াৰ পাছতে প্ৰকল্পটোৰ চৌপাশৰ ১২ টা অঞ্চলত ৫ বছৰলৈকে শিশুসকলক চিহ্নিত কৰি ঘৰে ঘৰে জৰীপ আৰম্ভ কৰা হৈছে। আনহাতে, জিলা নিৰীক্ষণ বিষয়া ডাঃ আৰ কে গুপ্তাই কয় যে অঞ্চলটোত পলিঅ’ ভাইৰাছৰ উপস্থিতি নিশ্চিতভাৱে উদ্বেগৰ বিষয়। স্বাস্থ্য বিভাগে ইয়াক অত্যন্ত গুৰুত্ব সহকাৰে লৈছে আৰু কোনো ধৰণৰ বিপদ যাতে সৃষ্টি নহয় তাৰ বাবে ক্ষিপ্ৰতাৰে কাম আৰম্ভ কৰিছে। প্ৰতিগৰাকী শিশুৰ ওপৰত পৰীক্ষা চলাই বিষয়াসকলে ভাইৰাছৰ উৎস বিচৰাৰ চেষ্টা কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

বৰ্তমান স্বাস্থ্য বিভাগৰ দলসমূহে নিৰ্ধাৰিত অঞ্চলসমূহত শিশুসকলৰ নিয়মীয়া টিকাকৰণ সম্পূৰ্ণ হৈছেনে নাই তাৰ তথ্য সংগ্ৰহ কৰি থকাৰ লগতে প্ৰয়োজন অনুসৰি পলিঅ’ৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থাও কৰিছে। যেতিয়ালৈকে সকলো স্পৰ্শকাতৰ অঞ্চলৰ প্ৰতিগৰাকী ৫ বছৰৰ অনুৰ্ধৰ শিশুৰ স্বাস্থ্য পৰীক্ষা আৰু ভাইৰাছৰ উৎসৰ সন্ধান সম্পূৰ্ণ নহয়, তেতিয়ালৈকে এই নিৰবচ্ছিন্ন জৰীপ অভিযান অব্যাহত থাকিব বুলি কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd