• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিক ৫০ লাখ টকা অনুদান দিয়াৰ পাছতেই ত্ৰিপুৰাত বিশ্ববিদ্যালয় স্থাপনৰ অনুমতি গাজিয়াবাদৰ ট্ৰাষ্টক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2025 9:27 am
ফটো সৌজন্যঃ দ্য কালেক্টেভ ৰিপোৰ্টাৰ্ছ।

ফটো সৌজন্যঃ দ্য কালেক্টেভ ৰিপোৰ্টাৰ্ছ।

20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুটা কোঠাৰ এটা সৰু ফ্লেট। সেয়াই হেনো ইৰা ছ’চিয়েল চেৰিটেবল ট্ৰাষ্টৰ সম্পূৰ্ণ অফিচ! গাজিয়াবাদৰ এই সংস্থাই বিজেপিক ৫০ লাখ টকাৰ অনুদান দিছিল। অভিযোগ অনুসৰি, ইয়াৰ পাছতেই ত্ৰিপুৰাত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ট্ৰাষ্টটোক অনুমতি দিয়া হয়।

ৰাজধানী আগৰতলাৰ পৰা প্ৰায় ১৫৩ কিলোমিটাৰ দূৰত, উত্তৰ ত্ৰিপুৰা জিলাৰ তিলথাই গাঁৱত সেই ‘আৰ্য্যাৱৰ্ত ইণ্টাৰনেচনেল ইউনিভাৰ্চিটি’ স্থাপন কৰা হৈছে। এই বিশ্ববিদ্যালয়ৰ বাবে ১৮ হাজাৰ বৰ্গমিটাৰ ভূমি আৱণ্টন কৰা হৈছে।

Apply Now

নামত ‘আন্তৰ্জাতিক’ যদিও তাত শিক্ষাৰ্থীৰ বাবে সাধাৰণ কোনো সা-সুবিধাৰ ব্যৱস্থা নাই। আনকি কেম্পাছলৈ যোৱা পথটোও ভঙা। যোৱা বছৰ অক্টোবৰ মাহত এদল শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয়খনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

কোন নিয়মৰ অধীনত এই প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছে, আৰু ইয়াৰ ইউজিচিৰ (UGC) অনুমতি আছে নে নাই— সেই তথ্য ৰাজহুৱা কৰাৰ দাবী জনোৱা হয়। সেই সময়ত বিশ্ববিদ্যালয়খনৰ আচাৰ্য্য (Chancellor) গুঞ্জন বানচল আৰু প্ৰ-আচাৰ্য্য (Pro-Chancellor) দীপক বানচলৰ সৈতে তেওঁলোকৰ বাক-বিতণ্ডা হৈছিল। ইয়াৰ পাছত বিষয়টো লৈ অনুসন্ধান কৰাত এটাৰ পাছত এটাকৈ অনিয়মৰ ছবি পোহৰলৈ আহে।

২০২৩ চনত বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। দেখা গৈছে যে বিশ্ববিদ্যালয় স্থাপনৰ পূৰ্বে ট্ৰাষ্টটোৱে বিজেপিক ৩০ লাখ টকা অনুদান দিছিল। ইয়াৰ উপৰিও, ২০২২-২৩ বিত্তীয় বৰ্ষত বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক ৰমনকুমাৰ ৰোশন আৰু আচাৰ্য্য গুঞ্জনেও ১০ লাখ টকা কৈ অনুদান আগবঢ়াইছিল।

২০২৩ চনত বিধানসভা নিৰ্বাচনত জয়ী হৈ বিজেপিয়ে ত্ৰিপুৰাত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহে। সেই বছৰেই বিধানসভাত আৰ্য্যাৱৰ্ত ইউনিভাৰ্চিটি স্থাপনৰ বাবে প্ৰয়োজনীয় বিল গৃহীত হয়। এই শিক্ষানুষ্ঠানখন স্থাপন হোৱাৰ পাছত কেন্দ্ৰ আৰু ত্ৰিপুৰাৰ কেইবাগৰাকীও মন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষই সেই ঠাই পৰিদৰ্শন কৰিছে।

ইৰা ছ’চিয়েল চেৰিটেবল ট্ৰাষ্টক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে। ট্ৰাষ্টটো ২০১৫ চনত পঞ্জীয়ন কৰা হৈছিল। সদস্য হিচাপে গুঞ্জন আৰু ৰমনৰ নাম আছিল। কিন্তু গাজিয়াবাদৰ বিহাৰ নগৰ অঞ্চলৰ যি ঠিকনাত ট্ৰাষ্টটো পঞ্জীয়ন কৰা হৈছিল, সেয়া আচলতে দুটা কোঠাৰ এটা ফ্লেট। বাহিৰত ট্ৰাষ্টৰ চাইনবৰ্ড থাকিলেও ফ্লেটটো এটা পৰিয়ালে ভাড়া লৈ আছে। পৰিয়ালটোৰ সদস্যসকলে জনাইছে যে তেওঁলোকে তিনি বছৰ ধৰি তাত ভাড়া দি থাকিলেও মালিকৰ বিষয়ে বিশেষ একো নাজানে।

দেখা গৈছে যে ২০১৬ চনত গুঞ্জন আৰু ৰমনে আন দুটা ট্ৰাষ্ট খুলিছিল। তিনিওটা ট্ৰাষ্টৰ নথি-পত্ৰ একে। চৰকাৰী নথিত কামৰ পৰিসৰৰ বিষয়ে হুবহু একে কথা লিখা আছে। ২০১৫ চনত স্থাপন হোৱা এটা ট্ৰাষ্টৰ সদস্যসকলে কেনেকৈ ২০২৩ চনৰ ভিতৰত ত্ৰিপুৰাৰ শীৰ্ষ বিজেপি নেতাৰ সৈতে “বন্ধুত্ব” স্থাপন কৰিলে? এই বিষয়টোক লৈ স্বাভাৱিকতে প্ৰশ্ন উঠিছে।

আৰ্য্যাৱৰ্ত ইউনিভাৰ্চিটিৰ স্বীকৃতি, চৰকাৰী সহায় আৰু ট্ৰাষ্টৰ সৈতে বিজেপিৰ সম্পৰ্কৰ বিষয়ে ত্ৰিপুৰা চৰকাৰক কেইবাটাও লিখিত প্ৰশ্ন কৰা হৈছিল। কিন্তু কোনো উত্তৰ পোৱা নগ’ল। বৰঞ্চ সেই সকলোবোৰ প্ৰশ্ন ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ (CEO) কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয়। স্বাভাৱিকতে, মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে এই প্ৰশ্নসমূহৰ উত্তৰ তেওঁলোকে নাজানে বুলি জনাই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd