ভাবিছিল মনে বিচৰা ছোৱালী জনীক অলপ বেলেগ ধৰণে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াব।
সেই মতে যুৱতীক যুৱকে লৈ গৈছিল পৰ্বত শিখৰৰ এটা শিলৰ ওপৰলৈ।
শিলটোৰ ওপৰত উঠি নাটকীয় ভংগীমাৰে যুৱকে প্ৰেমৰ প্ৰস্তাৱ দিলে যুৱতীক।
যুৱকৰ মুখৰ পৰা প্ৰেমৰ প্ৰস্তাৱ পাই আনন্দত আত্মহাৰা হৈ পৰিল যুৱতী।
যুৱকৰ দৰেই নাটকীয় ভংগীমাৰ যুৱকৰ প্ৰেমৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাবলৈ লওতেই ঘটি গ’ল মহা অঘটন।
ভৰি পিচলি যুৱতী পৰি গ’ল শিলটোৰ পৰা তললৈ।
আচম্বিতে ঘটি যোৱা ঘটনাত হতচকিত হৈ পৰা যুৱকে কি কৰিব কি নকৰিব একো ধৰিব নোৱাৰি চিধাই জাঁপ দিলে তললৈ।
উদ্দেশ্য প্ৰেয়সীক উদ্ধাৰ কৰা। কিন্তু ইমান তললৈ সৰি পৰা যুৱতীক কোনো প্ৰকাৰে উদ্ধাৰ কৰাৰ সাধ্য নাছিল যুৱকৰ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে অষ্ট্ৰিয়াত।
অষ্ট্ৰিয়াৰ ফালকাৰ্ট পৰ্বতৰ শিখৰত প্ৰেমৰ প্ৰস্তাৱ দিবলৈ গৈয়েই সংঘটিত হয় এই অঘটন।
কিন্তু কথাতে আছে সকলো শেষ হৈ যোৱা বুলি ভাবিলেও বহু সময়ত সকলো শেষ নহয়।শেষ হওঁ হওঁ হ’বলৈ লৈয়ো যেন কিছু ৰৈ যায়।
অষ্ট্ৰিয়াৰ প্ৰেমিক যুগলৰ ক্ষেত্ৰতো তেনেই হ’ল।শিলৰ পৰা প্ৰায় ২০০ মিটাৰ তললৈ বাগৰি পৰাৰ পিছতো যুৱতী গৰাকী পৰ্বতৰ বৰফৰ দলিচাত গৈ আৱদ্ধ হৈ ৰ’ল।
যুৱতীক উদ্ধাৰ কৰিবলৈ যোৱা যুৱকজনো শিলটোৰ পৰা জঁপিয়াই দিয়াৰ পিছতে প্ৰায় ৫০ মিটাৰ গৈ পৰ্বতৰ ভাঁজ এটাত ওলমি ৰ’ল।
এই সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি থকা কেইজন মান লোকে লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰে।
মৃত্যুক কাষৰ পৰা দেখা পোৱা যুৱক –যুৱতী হালে নৱজীৱন লাভ কৰি আনন্দ মনেৰে ঘৰমুৱা হ’ল।
যাওঁতে উদ্ধাৰকাৰী আৰক্ষীৰ লোকসকলৰ লগতে আৰক্ষীক খবৰ দিয়া লোক কেইজনক কৈ গ’ল—‘আমাৰ বিয়ালৈ কিন্তু আপোনালোক নহাকৈ নাথাকিব’।ইয়াকে কয় ৰাখে হৰি মাৰে কোনে…