• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্ধুৰ স’তে ফোনত কথা পাতোতে আপত্তি কৰাৰ বাবে ভায়েকক ডিঙি চেপি হত্যা বায়েকৰ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2021 1:03 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

1.5k
VIEWS
Share on FacebookShare on Twitter

এজনী ১৫ বছৰীয়া ছোৱালীয়ে ইয়াৰফোন কেবলেৰে (earphone cable) ডিঙি চেপি হত্যা কৰিলে নিজৰ ৯ বছৰীয়া ভায়েকক।

উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাত সংঘটিত হৈছে এই শিহৰণকাৰী হত্যাকাণ্ড।

বাতৰি অনুসৰি, ছোৱালীজনীয়ে তাইৰ মোবাইল ফোনত এজন বন্ধুৰ স’তে বাৰ্তালাপ কৰি থকাৰ বাবে ভায়েকে আপত্তি দৰ্শায়।

যাৰ ফলত ধৈৰ্যচ্যুতি ঘটি ছোৱালীজনীয়ে ভায়েকক ডিঙি চেপি মাৰে।

ঘটনাটো সংঘটিত হৈছিল যোৱা সপ্তাহৰ বৃহস্পতিবাৰেই কিন্তু পোহৰলৈ আহে সোমবাৰে।

ছোৱালীজনীক মঙলবাৰে আৰক্ষীয়ে আটক কৰি কিশোৰ গৃহলৈ পঠিয়াই দিয়ে।

আৰক্ষীৰ ভাষ্য অনুসৰি, ঘৰত পিতৃ-মাতৃ নথকাৰ অৱস্থাত ছোৱালীজনীয়ে ঘণ্টা ঘণ্টাজুৰি মোবাইল ফোনত সময় পাৰ কৰে।

ভায়েকে কথাটো কিছুদিন পূৰ্বে পিতৃ-মাতৃক জনাইছিল, যাৰ ফলত ছোৱালীজনী ঘৰত গালি-গালাজৰ সম্মুখীন হৈছিল।

বৃহস্পতিবাৰে ঘৰত পিতৃ-মাতৃ নথকা অৱস্থাত পুনৰ তাই মোবাইলত বন্ধুজনৰ স’তে কথা পাতিব ধৰে আৰু ভায়েকে আপত্তি প্ৰদৰ্শন কৰে।

এজন আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি ভায়েকে আপত্তি প্ৰদৰ্শন কৰাৰ পাছতে দুয়োৰে মাজত সংঘাত হয়, ভায়েকে বায়েকক আক্ৰমণ কৰিবলৈ অগ্ৰসৰ হয়, কিন্তু অৱশেষত বায়েকে তাক ইয়াৰফোনেৰে ডিঙি চেপি হত্যা কৰে।

হত্যা কৰাৰ পাছত ৯ বছৰীয়া ল’ৰাটোক ঘৰত নাপাই মাক-দেউতাকক আৰক্ষীক খবৰ দিয়ে আৰু বিচাৰ খোচাৰ কৰে।

পাছদিনা, ঘৰৰ এটা গুদাম ঘৰৰ পৰা দুৰ্গন্ধ বিয়পি আহে আৰু যেতিয়া গুদামৰ দোৱাৰ খোলা হয়, ল’ৰাটোৰ মৃতদেহটো পোৱা যায়।

মৃতদেহটোৰ পেট, ডিঙি, হাতত আঘাতৰ চিন পোৱা গৈছে।

লগালগ দেউতাকে সন্দেহবসতঃ এজন চুবুৰীয়া লোকৰ ওপৰত এজাহাৰ দাখিল কৰে।

লোকজনক আৰক্ষীয়ে আটক কৰে।

অনুসন্ধানকালত পোৱা যায় যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত চুবুৰীয়া লোকজন সেই স্থানত নাছিলেই।

তাৰপাছত ল’ৰাটোৰ বায়েকক যেতিয়া মাক-দেউতাক আৰু শিশু কল্যান বিষয়াৰ উপস্থিতিত আৰক্ষীয়ে জেৰা কৰে, তাই নিজৰ অপৰাধ স্বীকাৰ কৰি কয় যে তাই ভায়েকক হত্যা কৰিব বিচৰা নাছিল।

Recent News

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd