NORTHEAST NOW (Assamese)

নতুন নিৰ্দেশনা; হিংসাত্মক প্ৰতিবাদী, পথ অৱৰোধ আৰু ধৰ্ণাকাৰীয়ে নাপাব চৰকাৰী চাকৰি

February 3, 2021 11:40 am · এন ই নাও নিউজ

বিহাৰ আৰক্ষীয়ে জাৰি কৰা এখন জাননীক লৈ বৰ্তমান সময়ত বিতৰ্কৰ সৃষ্টি হৈছে।

হিংসাত্মক প্ৰতিবাদ, পথ অৱৰোধ আৰু ধৰ্ণাত বহা লোক সকলে কোনোধৰণৰ চৰকাৰী চাকৰি অথবা চৰকাৰী কাম-কাজ লাভ নকৰিব বুলি বিহাৰ আৰক্ষীয়ে জাননীখনত উল্লেখ কৰে।

নিৰ্দেশনাত উল্লেখ থকা অনুসৰি যদিহে কোনো লোকে প্ৰতিবাদৰ সময়ত হিংসাত্মক পন্থা অৱলম্বন কৰে তেন্তে আৰক্ষীয়ে তেওঁৰ চৰিত্ৰৰ প্ৰমাণপত্ৰত এই বিষয়ে উল্লেখ কৰিব।

বিহাৰৰ আৰক্ষী সঞ্চালক প্ৰধান এছ কে সিংহালে স্বাক্ষৰ কৰা পত্ৰখনত এনেদৰে উল্লেখ কৰা হয়।

উল্লেখযোগ্য যে, চৰকাৰী চাকৰিৰ বাবে পুলিচ ভেৰিফিকেশ্যন প্ৰয়োজনীয়। যিকোনোধৰণৰ কামৰ প্ৰমাণপত্ৰৰ বাবেও পুলিচ ভেৰিফিকেশ্যন প্ৰয়োজনীয়।

আৰক্ষীয়ে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে হিংসাত্মক প্ৰতিবাদত অংশগ্ৰহণ কৰা লোক সকলে ভবিষ্যতে অসুবিধাৰ সন্মুখিন হোৱাটো স্বাভাৱিক।

পথ অৱৰোধ, ধৰ্ণা আদি ৰোধৰ আৰক্ষীৰ এনে পদক্ষেপে গণতান্ত্ৰিক প্ৰতিবাদক মষিমুৰ কৰিব বুলি একাংশ লোকে মত প্ৰকাশ কৰে।

Related News