NORTHEAST NOW (Assamese)

নৰ্থ-ইষ্ট য়ুনাইটেডত চুক্তিবদ্ধ অভিজ্ঞ গলৰক্ষক ছ’ৰাম আংগানবা

August 8, 2019 7:59 pm · এন ই নাও নিউজ
ছ’ৰাম আংগানবা

আগন্তুক ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এল ছীজনৰ বাবে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে অভিজ্ঞ গলৰক্ষক ছ’ৰাম আংগানবাক চুক্তিবদ্ধ কৰিছে।

আজি এই কথা ক্লাব কৰ্তৃপক্ষই টুইটাৰৰ জৰিয়তে ৰাজহুৱা কৰে।

মণিপুৰৰ ইম্ফলত জন্মগ্ৰহণ কৰা ২৬ বছৰীয়া অভিজ্ঞ গলৰক্ষকগৰাকীৰ অন্তৰ্ভুক্তিয়ে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিক যথেষ্ট সহায় কৰিব বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰে।

২০০৮ বৰ্ষত ফুটবল কেৰিয়াৰ আৰম্ভ কৰা আংগানবা যোৱা বৰ্ষৰ আই এছ এলৰ চেম্পিয়ন দল বেংগালুৰু এফ চিত চুক্তিবদ্ধ হৈ আছিল।

পেচাদাৰী ফুটবলাৰ হিচাপে পৰিচিত ছ’ৰাম আংগানবা চিলং লাজং, বেংগালুৰু এফ চি, দিল্লী ডাইনামোজ, মোহন বাগান আদিৰ দৰে দেশৰ আগশাৰীৰ ক্লাবৰ হৈ খেলাৰো অভিজ্ঞতা আছে।

উল্লেখ্য যে আজি কিছুদিন পূৰ্বে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে ক্ৰ’ৱেচিয়াৰ বিশ্বকাপৰ ব্ৰঞ্জ বিজয়ী ফুটবলাৰ ৰবাৰ্ট জৰ্নিক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।

Related News