NORTHEAST NOW (Assamese)

চাৰিটা অন্ধ সন্তানক লৈ হাজম মাৰাকৰ হাহাকাৰ : আৰক্ষী বিষয়াই আগবঢ়ালে সহায়ৰ হাত

August 11, 2019 8:02 am · নীলমণি শৰ্মা
হাজম মাৰাকৰ অন্ধ পৰিয়ালটোৰ কাষত গোৱালপাৰাৰ আৰক্ষী অধীক্ষকগৰাকী। ফটো : নৰ্থইষ্ট নাও

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ জাৰিকুন্তীত অতি দৰিদ্ৰতাৰ মাজৰে দিন অতিবাহিত কৰিছে এটি পৰিয়ালে।

পৰিয়ালটোৰ চাৰিটা সন্তানেই জন্মৰ পৰা অন্ধ ৷ গাৰো সম্প্ৰদায়ৰ হাজম মাৰাকে বৰ কষ্টেৰে অন্ধ সন্তান কেইটিক ডাঙৰ-দীঘল কৰিছে।

দিন হাজিৰা কৰি পোৱা টকা কেইটাৰে সংসাৰে নচলে, তথাপি এটি এটি কৈ লালন পালন কৰিছে চাৰিটাকৈ অন্ধ সন্তানক।

হাজম মাৰাকৰ জ্যেষ্ঠ  পুত্ৰৰ বৰ্তমান বয়স ৪৫ বছৰ। ইমানদিনে চৰকাৰৰ পৰা কোনো সাহায্য লাভ কৰা নাই ৷

সন্তান কেইটাক চিকিৎসা কৰিব পৰাকৈ হাতত ধনো নাই। হাজিৰা কৰি পোৱা টকা কেইটাৰে কোনো মতে পৰিয়ালটো চলে।

পৰিয়ালটোৰ থাকিবলৈ ভাল ঘৰ এটাও নাই, খোৱা পানীৰো সুবিধা নাই। স্থানীয় লোকে অন্ধ পৰিয়ালটোক সহায়ৰ বাৱে বিভিন্ন সময়ত দাবী জনাই আহিছে যদিও আজি লৈ চৰকাৰ-প্ৰশাসনে কোনো কাণসাৰ দিয়া নাই।

আনকি এন পৰিস্থিতিত পৰিয়ালটোৰ কাষত কোনো দল-সংগঠনো উপস্থিত হোৱা নাই ৷ সম্প্ৰতি অতি দৰিদ্ৰতাৰ মাজৰে হাজম মাৰাকে হাজিৰা কৰি পৰিয়ালটো পোহ-পাল দি আহিছে ৷

শেহতীয়াকৈ অসম-মেঘালয় সীমান্তত বসবাস কৰা এই অন্ধ পৰিয়ালটোৱে কিছু আশাৰ ৰেঙণি দেখিছে ৷ চৰকাৰ-প্ৰশাসন কিম্বা কোনো দল-সংগঠন নহয়, এগৰাকী আৰক্ষী অধীক্ষকে এইবাৰ পৰিয়ালটোক সহায়ৰ বাবে আগবাঢ়ি আহিছে।

অসম-মেঘালয় সীমান্তৰ জাৰিকুন্তীৰ অতি দূৰ্গম অঞ্চলত উপস্থিত হৈ শনিবাৰে গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষ সুশান্ত বিশ্ব শৰ্মাই  অসহায় পৰিয়ালটোক সহায়ৰ প্ৰতিশ্ৰুতি দিছে।

আৰক্ষী অধীক্ষক গৰাকীয়ে হাজম মাৰাকৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক সহায় কৰিব বিচৰাত পৰিয়ালটো উৎফুল্লিত হৈ পৰে ৷

ইতিমধ্যে জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে চিকিৎসাৰ বাবে গুৱাহাটীৰ এগৰাকী চিকিৎসকৰ লগত আলোচনা কৰি সোমবাৰে অন্ধ পৰিয়ালটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে।

তেওঁ  লগতে পৰিয়ালটোক থাকিবলৈ অতি শীঘ্ৰেই এটি ঘৰ সাজি দিয়াৰো দায়িত্ব লৈছে।

Related News