• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জুবিন গাৰ্গ প্ৰসংগত মুখ্যমন্ত্ৰীক উভতি ধৰিলে গৌৰৱ গগৈয়ে; অতি শীঘ্ৰেই ফাদিল কৰিব ১২ হাজাৰ বিঘা ভূমিৰ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:44 am
71
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰাৰ সময়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ। মঙলবাৰে যোৰহাটত মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু আত্মীয়ৰ সৈতে জড়িত প্ৰায় ১২ হাজাৰ বিঘা ভূমিৰ তথ্য অতি শীঘ্ৰেই ৰাজহুৱা কৰিব বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগতো তেওঁ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনী স্বাৰ্থত জুবিন গাৰ্গক ব্যৱহাৰ কৰাৰ যি অভিযোগ আনিছিল, তাৰ প্ৰত্যুত্তৰ হিচাপেই কংগ্ৰেছ নেতাজনে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰে।জুবিন গাৰ্গৰ প্ৰসংগটোক কংগ্ৰেছে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি গৌৰৱ গগৈয়ে কয় যে, খোদ মুখ্যমন্ত্ৰীয়েই পূৰ্বতে কৈছিল যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব নোৱাৰিলে ৰাইজে তেওঁক ভোট দিয়াৰ প্ৰয়োজন নাই। আজি সেই একেগৰাকী মুখ্যমন্ত্ৰীয়েই কংগ্ৰেছক প্ৰশ্ন কৰা কাৰ্য্যক আশ্চৰ্যজনক বুলি অভিহিত কৰি গগৈয়ে প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰীয়ে এতিয়া জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ’ল নে নাই তাৰ উত্তৰ দিব পাৰিবনে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে গুৱাহাটীত বিজেপিৰ ‘সংকল্প পত্ৰ’ মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই অভিযোগ কৰিছিল যে ‘ইনক্লুছিভ মাইণ্ডছ’ নামৰ এটা ৰাজনৈতিক পৰামৰ্শদাতা প্ৰতিষ্ঠানৰ পৰামৰ্শ মৰ্মে কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰত জুবিন গাৰ্গৰ প্ৰসংগ বাৰে বাৰে উত্থাপন কৰিছে। আনকি পুনৰ শাসনলৈ আহিলে উক্ত ষড়যন্ত্ৰৰ বাবে প্ৰতিষ্ঠানটোৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল।এই ৰাজনৈতিক বাকযুদ্ধৰ মাজতে কংগ্ৰেছ নেতাজনে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি বিষয়টো আন এক দিশলৈ ঢাল খুৱায়। গগৈয়ে দাবী কৰে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত কেনেদৰে ভূমি অধিগ্ৰহণ কৰা হৈছে সেয়া অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে অৱগত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ আত্মীয়ৰ সৈতে জড়িত প্ৰায় ১২ হাজাৰ বিঘা ভূমিৰ সবিশেষ কংগ্ৰেছে অতি শীঘ্ৰেই জনসাধাৰণৰ সন্মুখত দাঙি ধৰিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।

Apply Now

আনহাতে, নিৰ্বাচন আয়োগৰ ওচৰত তথ্য লুকুৱাই পাকিস্তান আৰু লণ্ডনত গৌৰৱ গগৈয়ে সম্পত্তি গঢ়া বুলি বিজেপিয়ে উত্থাপন কৰা অভিযোগসমূহকো সাংসদগৰাকীয়ে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু ভিত্তিহীন বুলি নাকচ কৰে। জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈকে এইধৰণৰ অভিযোগ অনা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ দলে কেৱল অসমৰ ৰাইজৰ প্ৰকৃত সমস্যামূহ উত্থাপন কৰাতহে মনোনিৱেশ কৰিছে। মুখ্যমন্ত্ৰীৰ প্ৰতি তীব্ৰ কটাক্ষ কৰি গগৈয়ে লগতে কয় যে মুখ্যমন্ত্ৰীৰ ভৰিৰ তলৰ মাটি কঁপিবলৈ আৰম্ভ কৰিছে আৰু সত্য এদিন পোহৰলৈ অহাৰ লগতে ৰাইজে নিজেই প্ৰকৃত বাস্তৱ দেখিবলৈ পাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd