• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটত আছুৰ মোদী বিৰোধী ধ্বনি, “নৰেন্দ্ৰ মোদী মুৰ্দাবাদ”

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
October 14, 2019 10:17 pm
AASU_Golaghat

নুমলীগড় শোধনাগাৰটো ব্যক্তিগত খণ্ডলৈ হস্তান্তৰৰ পৰিকল্পনাৰ ঘোৰ বিৰোধিতাত আছুৰ প্ৰতিবাদ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাটত আজি সদৌ অসম ছাত্ৰ সন্থাৰ জিলা গোটটোৱে এটা প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰি অসম আন্দোলনৰ ফলত লাভ কৰা নুমলীগড় শোধনাগাৰটো ব্যক্তিগত খণ্ডলৈ হস্তান্তৰৰ পৰিকল্পনাৰ ঘোৰ বিৰোধিতা কৰে।

ছাত্ৰ সংগঠনটোৱে নুমলীগড় ৰিফাইনেৰি লিমিটেডৰ প্ৰধান প্ৰৱেশদ্বাৰত দুঘণ্টীয়া প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি নৰেন্দ্ৰ মোদী হায়, হায়, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল কাম নাই, আদি ধ্বনি দিয়ে।

Apply Now

প্ৰতিবাদী কাৰ্য্যসূচীটো আছুৰ গোলাঘাট জিলাৰ সভাপতি নিৰঞ্জন সোণোৱাল আৰু সাধাৰণ সম্পাদক প্ৰিন্স দলেৰ নেতৃত্বত উলিওৱা হয়।

মোদী চৰকাৰে ভাৰত পে’ট্ৰ’লিয়াম ক’ৰ্পৰেইশ্যন লিমিটেড (বি পি চি এল) নামৰ দেশৰ অন্যতম লাভদায়ক ৰাষ্ট্ৰীয় উদ্যোগটো ব্যক্তিগত খণ্ডলৈ গতাবলৈ কৰা পৰিকল্পনাটোৱে বি পি চি এলৰ অধীন নুমলীগড় শোধনাগাৰ লিমিটেডকো ব্যক্তিগত খণ্ডৰ অধীনলৈ নিব বুলি সংগঠনটোৰ দাবী।

“ব্যক্তিগতকৰণৰ দীৰ্ঘস্থায়ী পৰিণা আছে, ই ৰাজ্যখনৰ অৰ্থনীতিক ক্ষতিগ্ৰস্ত কৰিব আৰু পিছপৰা উত্তৰ-পূবৰ উন্নয়নত প্ৰভাৱ পেলাব। শোধনাগাৰটো স্থাপনৰ উদ্দেশ্যক ই বিফল কৰিব” আছুৰ গোলাঘাট জিলাৰ সহকাৰী সাধাৰণ সম্পাদক মানোৱাৰ হুছেইনে কয়।

কিছুদিন পূৰ্বে গোলাঘাট আছুৱে প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীলৈ সুকীয়া সুকীয়াকৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত শংকা প্ৰকাশ কৰি কৈছিল যে যিহেতু এন আৰ এলত বি পি চি এলৰ ৬১.৬৫ শতাংশ অংশীদাৰিত্ব আছে, গতিকে মূল প্ৰতিষ্ঠানটো (বি পি চি এল) ব্যক্তিগতকৰণ কৰিলে ইয়াৰ অধীন প্ৰতিষ্ঠানটোও ব্যক্তিগতকৰণ হৈ পৰিব।

ছাত্ৰ সংগঠনটোৱে কয়, এন আৰ এল ছবছৰীয়া অসম আন্দোলনৰ ফল, যিটো আন্দোলন হৈছিল ৰাজ্যখনত থকা অবৈধ বিদেশীৰ বহিষ্কাৰৰ দাবীত আৰু ৮০০-ৰো অধিক যুৱক চহিদ হৈছিল।

আন্দোলনৰ সমাপ্তি ঘটোৱা অসম চুক্তিখনত এই শোধনাগাৰ স্থাপনৰ চৰ্ত অন্তৰ্ভুক্ত কৰা হৈছিল।

স্থাপন কৰাৰ পিছত ২০০১ চনৰ পৰা ই বৰ্তমানলৈকে ধাৰাবাহিকভাৱে খাৰুৱা তেল শোধনৰ কাম কৰি আহিছে আৰু মূল্যৰ ফালৰ পৰা ইয়াক দেশৰ উল্লেখযোগ্য সম্পদৰ ভিতৰত ধৰা হয়। এতিয়ালৈকে শোধনাগাৰটোৱে দেশ তথা ৰাজ্যলৈ ৩০,০০০ কোটি টকাৰো অধিক ৰাজহৰ বৰঙনি আগ বঢ়াইছে।

সংগঠনটোৱে প্ৰধান মন্ত্ৰী মোদীক কেন্দ্ৰীয় চৰকাৰৰ এই পৰিকল্পনা ত্যাগ কৰিবলৈ দাবী জনাইছে।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd