আৰক্ষী বনাম অধিবক্তা: জ্ঞানেন্দ্ৰ হত্যাক লৈ ঐক্যবদ্ধ যুঁজত গোলাঘাটৰ উকীল সমাজ

Photo of the deceased Gyanendra Rajkhowa

নিহত জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ ছবি। নৰ্থ ইষ্ট নাও।

গোলাঘাটৰ হাবিয়াল গাঁৱত অসমৰ পঞ্চায়্ত নিৰ্বাচনৰ প্ৰথম ভোট গ্ৰহণৰ দিনটোত আৰক্ষীৰ গুলীত বিদ্ধ হৈ প্ৰাণ হেৰুওৱা জ্ঞানেন্দ্ৰ ৰাজখোৱা হত্যাক পোনপটীয়াকৈ “পুলিচী নৃশংসতা”ৰূপে অভিহিত কৰি ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজৰ সংকল্প লৈছে জিলাখনৰ সমগ্ৰ অধিবক্তা সমাজে।

ঘটনাটোৰ আৰক্ষী পৰ্য্যায়ত চলিত তদন্তত অসন্তষ্টি প্ৰকাশ কৰি এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজৰিত আবেদন দাখিলৰ বাবে বুধবাৰে সাধাৰণ সভাত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিছে গোলাঘাট বাৰ এচ’চিয়ে’চনে।

“উচ্চ ন্যায়ালয়ৰ অধীনত এটা বিশেষ তদন্তকাৰী গোট গঠনৰ বাবে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰাৰ্থনা জনোৱাৰ সিদ্ধান্ত লৈছো,” নৰ্থ ইষ্ট নাও-ক জনালে এচ’চিয়ে’চনৰ সভাপতি মহেন্দ্ৰ নাথ দত্তই।

ঘটনাটোৰ বৰ্তমান চলি থকা তদন্তত মুঠেও সন্তুষ্ট নহয় অধিবক্তা সমাজ। চলিত তদন্তই সমগ্ৰ বিষয়টোত আৰক্ষীয়ে প্ৰদান কৰা গুৰুত্বক লৈ “সন্দেহ”ৰহে সৃষ্টি কৰিছে বুলি মন্তব্য কৰিছে এচ’চিয়ে’চনে।

“অপৰাধ অনুসন্ধান বিধিৰ ১৬৪ ধাৰাৰ অধীনত মৃতকৰ বিৰুদ্ধে সাক্ষ্য সংগ্ৰহত আৰক্ষী ব্যস্ত আছে— যিটো আমাৰ মতে আন নহয়, কেৱল দোষী আৰক্ষী বিষয়াজনক সুৰক্ষা দিয়াৰ বাবেই কৰা হৈছে। তাৰোপৰি উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ বিৰুদ্ধে তদন্তৰ দায়িত্ব দিয়া হৈছে বোকাখাতৰ মহকুমা আৰক্ষী বিষয়াক— যিজনৰ বদলিৰ নিৰ্দেশ ঘটনাটোৰ পূৰ্বেই জাৰি হৈছে,” এই মন্তব্য এচ’চিয়ে’চনৰ সম্পাদক দুৰ্গা প্ৰসাদ জে’চৱালৰ।

লগতে পঢ়ক– শাস্তি হ’ব পাৰে আৰক্ষীৰ?

উপ আৰক্ষী অধীক্ষক শইকীয়া আৰু গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগতো অভিযোগ দাখিল কৰিব অধিবক্তা সংগঠনটোৱে। তাৰোপৰি বিষয়া দুজনৰ “তৎকালীন” নিলম্বন দাবীৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্তও গ্ৰহণ কৰিছে সংস্থাটোৱে।

গুলী চলোৱাৰ পৰিৱৰ্তে সীমা সুৰক্ষা বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান, “মানসিকভাৱে বিকাৰগ্ৰস্ত” ৰাজখোৱাৰ বিৰুদ্ধে আন “অ-প্ৰাণঘাতী” পদ্ধতি গ্ৰহণ কৰিব পৰা হ’লহেঁতেন বুলিও মন্তব্য কৰিছে অধিবক্তা সংগঠনটোৱে।

“গোটেই ঘটনাটো পুলিচী নৃশংসতাৰ এটা জ্বলন্ত নিদৰ্শন,” সম্পাদক জে’চৱালৰ মন্তব্য।