DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সীমান্ত অঞ্চল পৰিদর্শন গোলাঘাট জিলাৰ উপায়ুক্তৰ; ফোন কৰি স্বাস্থ্যৰ খবৰ ল’লে ৰোগীৰ

চাহ বাগিচাত দৈনিক মুঠ জনসংখ্যাৰ দশমিক ৩ শতাংশ পৰীক্ষা নকৰিলে কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হ'ব : উপায়ুক্ত

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
June 6, 2021 10:52 am
DC Golaghat

ফটো: নৰ্থইষ্ট নাও।

172
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে শনিবাৰে জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ গড়বস্তি, কলাজান আদি অঞ্চল পৰিদর্শন কৰি সীমান্ত অঞ্চলৰ ভৌগলিক অৱস্থা আৰু বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ লগতে চি আৰ পি এফৰ মেৰাপানী শিবিৰতে সীমান্ত সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

উপায়ুক্তগৰাকীক চেক্টৰ কমাণ্ডাৰ আৰু ডি চেক্টৰৰ সীমান্ত দণ্ডাধীশে স্পৰ্শকাতৰ এলেকাসমূহৰ লগতে সীমান্তত সৃষ্টি হোৱা বিভিন্ন আইন-শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে অৱগত কৰায়।

উপায়ুক্তগৰাকীৰ সৈতে সীমান্ত পৰিদর্শনকালত চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ চেকেণ্ড ইন কমাণ্ড, সীমান্তৰ চি আৰু ডি চেক্টৰৰ চেক্টৰ কমাণ্ডাৰ, সীমান্ত উপ আৰক্ষী অধীক্ষক, ডি চেক্টৰৰ সীমান্ত দণ্ডাধীশ আৰু মেৰাপানী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী উপস্থিত আছিল।

ইয়াৰ পাছতে উপায়ুক্তগৰাকীয়ে মেৰাপানী শিবিৰতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এটা গছপুলি ৰোপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

উপায়ুক্তগৰাকীয়ে লগতে কাছমাৰী আদৰ্শ চিকিৎসালয়ো পৰিদর্শন কৰে । তেওঁ চিকিৎসালয়খনত চিকিৎসক-নাৰ্ছৰ উপস্থিতি, ৰোগীৰ পঞ্জীয়ন আদি নিৰীক্ষণ কৰি চিকিৎসালয়খনৰ কেইবাজনো ৰোগীক ফোন কৰি খবৰ লয়।

তেওঁ ৰোগীৰ খোৱা-বোৱা, ঔষধ-পাতি আদিৰ বিষয়ে ৰোগীৰ পৰাই বা-বাতৰি লোৱাৰ লগতে চিকিৎসালয়খনৰ ৰান্ধনীশালটো পৰিদৰ্শন কৰে।

উপায়ুক্তগৰাকীয়ে তাৰ পাছতে দৈয়াং চাহ বাগিচাৰ প্ৰতিষেধক আৰু পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰি ক’ভিড বিধি মানি চলা হৈছেনে নাই সেইয়া পৰ্যবেক্ষণ কৰে।

তেওঁ চাহ বাগিচা কৰ্তৃপক্ষক প্ৰতিদিনে মুঠ জনসংখ্যাৰ দশমিক ৩ শতাংশ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে। এনে নকৰিলে বাগানখনক কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

উপায়ুক্তগৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ সৈতে এখন পৰ্যালোচনা সভাতো অংশ লয়। বৈঠকত উপায়ুক্তগৰাকীয়ে পৰীক্ষা, প্ৰতিষেধক প্ৰদান, আক্ৰান্তৰ হাৰ আদি বিভিন্ন দিশ পৰ্যালোচনা কৰে ।

Recent News

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd