• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় গণনাট্য সংঘৰ গোলাঘাট জিলা অভিবৰ্তন সম্পন্ন, বৰ্ধিত গোলাঘাট জিলা সমিতি গঠন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2026 2:23 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাটৰ আগশাৰীৰ বিদ্যালয় শিশু ভৱনত ২৫ জানুৱাৰী ২০২৫ তাৰিখে ভাৰতীয় গণনাট্য সংঘৰ জিলা অভিবৰ্তন খনি সম্পন্ন হৈ যায়। অভিবৰ্তনখনি গণশিল্পী মঘাই ওজাৰ উত্তৰসূৰী ধনেশ্বৰ শইকীয়া ওজাৰ দলটিয়ে মঘাই ওজাৰ বুলনিৰে শুভাৰম্ভ কৰে।

সভাখনি সঞ্চালনা কৰে বিশিষ্ট শিক্ষাবিদ তথা সমাজ সংগঠক হেম ফুকনে। উদ্দেশ্যে ব্যাখ্যা কৰে অভিবৰ্তনৰ অন্যতম আহ্বায়ক তথা ভাৰতীয় গণনাট্য সংঘ,অসম ৰাজ্যিক সমিতিৰ যুটীয়া সম্পাদক সোণেশ্বৰ নৰহে।

Apply Now

উদ্দেশ্যে ব্যাখ্যাত তেওঁ অসম আৰু অসমীয়াক ধন্য কৰা বৰেণ্য অসমীয়া গণ-গীতিকাৰ কেশৱ মহন্ত, গণশিল্পী দিলীপ শৰ্মা,কবি নৱকান্ত বৰুৱা, অনিল ৰায়চৌধুৰী আৰু গণকন্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ বিভিন্ন মাধ্যমেৰে উদযাপন কৰাটো সম্প্ৰতি অসমীয়া জাতিৰ নৈতিক দায়িত্ব বুলি সদৰি কৰে।

সেয়ে ২০২৬ বৰ্ষক ‘জাতীয় কৃতজ্ঞতা বৰ্ষ’ হিচাপে গণ্য কৰি গোলাঘাটৰ সচেতন সমাজে লগ হৈ ভাৰতীয় গণনাট্য সংঘৰ হৈ উদযাপনৰ সিদ্ধান্ত গ্ৰহণৰ উদ্দেশ্য প্ৰকাশ কৰে । যি ভাৰতীয় গণনাট্য সংঘৰ আদৰ্শ ই সেই সকল পুৰোধাক সমৃদ্ধ কৰিছিল সেই ভাৰতীয় গণনাট্য সংঘৰ মজিয়াক অসমীয়া জাতিয়ে সুৰক্ষা আৰু সজীৱ কৰি ৰখাৰ জাতীয় দায়িত্বত ভিত্তিতে জিলাৰ সকলো প্ৰান্তৰ সমভাৱাপন্ন উপস্থিত সন্মানীয় সদস্য বৰ্গক লৈ ভাৰতীয় গণনাট্য সংঘৰ এখন সৱল জিলা সমিতি গঠনৰ পোষকতা কৰাৰ মতামত গ্ৰহণ কৰাই সভাৰ প্ৰধান উদ্দেশ্য বুলি দোহাৰে।

ভাৰতীয় গণনাট্য সংঘৰ তাৎপৰ্য ব্যাখ্যা কৰি হেম ফুকনে সকলো সমভাৱাপন্ন লোক সংযুক্ত হৈ কাম কৰাটো সময়ৰ কঠোৰ আহ্বান বুলি উল্লেখ কৰে। একেদৰে ভৱেশ দত্ত,অনু খণিকৰ, নিজৰা বৰঠাকুৰ, বিতুপন গগৈ, প্ৰদীপ বৰুৱা, নীলপদ্ম আচাৰ্য আদিয়ে সহমত প্ৰকাশ কৰি বক্তব্য আগবঢ়াই জিলা সমিতিখনি গঠণ কৰাৰ পৰামৰ্শ আগবঢ়ায়।

সভাৰ পৰামৰ্শ অনুসৰি চাৰিজনীয়া সদস্যৰে গঠিত বৰ্ডক সমিতিৰ এখন পেনেল প্ৰস্তুত কৰি দাখিলৰ নিৰ্দেশ দিয়া অনুপাতে উপদেষ্টা মণ্ডলীৰ উপৰিও প্ৰায় ৩৫ জনীয়া সমিতিৰ তালিকা প্ৰকাশেৰে ভাৰতীয় গণনাট্য সংঘৰ প্ৰতি থকা গোলাঘাট জিলাৰ সচেতন জনতাৰ দায়বদ্ধতাকেই প্ৰকাশ কৰিছে।

সৰ্বসন্মতিক্ৰমে ওজা ধনেশ্বৰ শইকীয়া আৰু নুনুসিং কৰ্মকাৰক মুখ্য উপদেষ্টা ৰূপে ১২ গৰাকী উপদেষ্টা, ডা’ অমূল্য বৰাক সভাপতি, কাৰ্যকৰী সভাপতিদ্বয় ৰুমী শইকীয়া, সপোন জ্যোতি ঠাকুৰ  আৰু সাধাৰণ সম্পাদক ৰূপে সোণেশ্বৰ নৰহক লৈ উপ সভাপতি ৫ গৰাকী, সম্পাদক মণ্ডলীত ৫ গৰাকী, সহ সম্পাদক ৫ গৰাকী, সাংগঠনিক সম্পাদক ৫ গৰাকী আৰু অন্যান্য ১৫ গৰাকী সদস্যৰ দ্বাৰা গঠিত সমিতিক অভিবৰ্তনখনে অনুমোদন জনায়।

ভাৰতীয় গণনাট্য সংঘৰ নীতি, সংবিধান আৰু গঠন তন্ত্ৰৰ প্ৰতি আনুগত্য স্বীকাৰ কৰি উপস্থিত থকা সকলো সদস্য প্ৰতিনিধিয়ে ভাৰতীয় গণনাট্য সংঘত ৫০ টকীয়া প্ৰ-পত্ৰ পূৰণ কৰি সদস্য ভৰ্তি হয়। এই অভিযানে জ্যোতিপ্ৰসাদ- বিষ্ণুপ্ৰসাদ-ভূপেন হাজৰিকাৰ পূৰ্ণতা ভৰা ভাৰতীয় গণনাট্য সংঘৰ প্ৰাসঙ্গিকতাক জীয়াই ৰাখিব বুলি সদনে মত প্ৰকাশ কৰে।

অভিবৰ্তনখনি সৰুপথাৰ, দেৰগাঁও, দৈয়াং, কমাৰবন্ধা, গোলাঘাট,কাজিৰঙা, বোকাখাত, কমাৰগাঁও, মৰঙিৰ পৰা বিশিষ্ট বিদ্বান তথা সামাজিকভাৱে প্ৰতিষ্ঠিত ব্যক্তি যথাক্ৰমে  ধনেশ্বৰ শইকীয়া ,নুনুসিং কৰ্মকাৰ, ৰুমী শইকীয়া, ভৱেশ দত্ত, ডা’ কুমুদ কুমাৰ দত্ত, নিজৰা বৰঠাকুৰ, কল্পনা চেতিয়া, নৰকান্ত শইকীয়া, হেম ফুকন, প্ৰদীপ বৰুৱা,অমূল্য বৰা, ভৱকান্ত  শইকীয়া, সদা হাজৰিকা, চুফীয়া হুছেইন, সপোনজ্যোতি ঠাকুৰ, পল্লৱ বৰবৰা, দিলীপ কুমাৰ শৰ্মা, ৱাজিদূৰ ৰহমান, অজন্তা ৰাজখোৱা, প্ৰণতি ঢেকিয়াল ফুকন, বীৰেণ দাস, নিলোফাৰ এ মাহতাবী, ৰাজুমণি গগৈ, বনশ্ৰী কাকতি , সংগীতা শইকীয়া, বৰ্ণালী বৰুৱা, নীৰেন কাকতি, বিতুপন গগৈ, দিগন্ত শইকীয়া, নয়নমণি মেধি, ডা’ প্ৰদীপ বড়া, পলাশ লইং , ইনজু আহমেদ, থৈবী ফুকন, স্পনানী গগৈ, জ্যোৎস্না হিলৈদাৰী শইকীয়া, পাপু ঘোষ, গীতিৰেখা দত্ত, বিতুপন মাজি, পল্লৱ হাজৰিকা,ৰাতুল ফুকন, সুব্ৰত পুৰকায়স্থ, সোণেশ্বৰ নৰহৰ স্বাক্ষৰিত পত্ৰৰ আহ্বানত অনুষ্ঠিত অভিবৰ্তনত জিলাৰ প্ৰতিটো প্ৰান্তৰ বৌদ্ধিক, সাংস্কৃতিক,প্ৰগতিশীল তথা গণতান্ত্ৰিক সমভাবাপন্ন ব্যক্তিসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানত লোক শিল্পী আমিৰ কৰ্মকাৰে আদিবাসী জনজীৱনৰ এটা বেলাড সদৃশ লোক গীত পৰিৱেশন কৰে।

আহ্বায়ক সকলৰ উপৰিও অনুষ্ঠানত উপস্থিত থাকে শিক্ষাবিদ অনু খনিকৰ, লনি ফুকন, মন্টী খাউণ্ড, নৱজ্যোতি বৰা ,নলীন হাজৰিকা, নীলপদ্ম আচাৰ্য, দৰ্শনা দেবী, ৰৌচনআৰা বেগম, জীৱন গগৈ, চিন্তামণি দত্ত, মৌচুমী গগৈ, পূণ্য প্ৰকাশ গগৈ, জ্যোৎস্না শইকীয়া, ৰীণা বৰা গগৈ, ভূপেন ফুকন আদি।

শেষত কাৰ্যকৰী সমিতিৰ নৱ নিৰ্বাচিত সভাপতি ডাঃ অমূল্য বৰাৰ সভাপতিত্বত সমিতিৰ চিনাকি পৰ্বৰ পাছতেই সভাৰ কামৰ সামৰণি পৰে।।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd