DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী উচ্চ ন্যায়ালয়ত নীপক’-গোলাঘাটবাসীৰ ভাগ্য

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
November 10, 2018 10:47 pm
Gauhati-High-Court-min-1-990x742-768x576

গুৱাহাটী উচ্চ ন্যায়ালয়। ফাইল ছবি।

213
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডস্থিত দৈয়াং জলবিদ্যুৎ প্ৰকল্পই এৰা পানীয়ে গোলাঘাট জিলাত সৃষ্টি কৰা তাণ্ডৱৰ বাবে জৱাবদিহি কৰি নীপক’ (NEEPCO)ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জিলাখনৰ দুজন ব্যক্তি।

প্ৰশান্ত কুমাৰ দত্ত নামৰ এজন কাৰিকৰী অভিযন্তা আৰু খুমতাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰ বব্ৰুবাহন শইকীয়াই নীপক’ৰ বিৰুদ্ধে দাখিল কৰা আবেদন দুখন (ক্ৰমে পি আই এল নং ৫৮/১৮, ৬০/১৮) ন্যায়ালয়ে গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

জলপ্ৰলয়ৰ বাবে দায়ী কৰি নীপক’ৰ পৰা ক্ষতিপূৰণ দাবীৰে আবেদন দাখিল কৰিছে শইকীয়াই। যোৱা ২৭ জুলাইৰ পৰা ৮ আগষ্ট পৰ্য্যন্ত জলবিদ্যুৎ প্ৰকল্পটোৱে এৰা পানীয়ে সৃষ্টি কৰা জলপ্ৰলয়ৰ বাবে জিলাখনৰ লোকসকলে নীপক’ক ক্ষতিপূৰণ দাবী কৰাৰ বিপৰীতে কোম্পানিটোৱে ইয়াৰ দোষ প্ৰশাসনলৈ ঠেলি আজি পৰ্য্যন্ত ক্ষতিপূৰণ দিয়া নাই।

অভিযন্তা দত্তয়ো জলপ্ৰলয়ৰ বাবে নীপক’কে জগৰীয়া কৰিছে। “দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জাবৰ-জোথৰ নিষ্কাষণৰ বাবে নীপক’ৱে গ্ৰহণ কৰা পদ্ধতিৰ বাবে জলস্তৰ ইয়াৰ সৰ্বোচ্চ সীমা ৩২৪ মিটাৰলৈ বৃদ্ধি পায় আৰু অতিৰিক্ত পানী বহন ক্ষমতা নোহোৱা হৈ পৰে। ফলত উক্ত সময়ত পাহাৰৰ পৰা বৈ অহা অতিৰিক্ত পানী বান্ধে ধৰি ৰাখিব নোৱাৰা হয় আৰু ইয়াক নিয়ন্ত্ৰণৰ বাবে বান্ধ মুকলি কৰি দিব লগা হয়। চলিত বৰ্ষত বাৰিষাৰ বতৰতো এনে পন্থা লোৱাৰ বাবেই বান্ধৰ জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাত বান্ধ খুলিব লগা হৈছিল,” দত্তৰ অভিযোগ।

নীপক’ৰ পৰা ক্ষতিপূৰণ দাবীৰে জিলাখনৰ ভুক্তভোগীসকলে ব্যাপক প্ৰতিবাদ কৰাৰ বিপৰীতে কোম্পানিটোৱে গোলাঘাট জিলা প্ৰশাসনে জনসাধাৰণৰ বাবে সময়ত সতৰ্কীকৰণ জাৰি নকৰাৰ বাবেহে বিস্তৰ ক্ষতি হোৱা বুলি মন্তব্য কৰিছিল।

বানপানীটোত গোলাঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত গোলাঘাট চহৰৰ কাষৰীয়া আৰু মেৰাপানী অঞ্চলৰ ১৭খন, মৰঙীৰ ১৭খন, সৰুপথাৰৰ ১২খন, খুমতাইৰ ১৩খন, বোকাখাতৰ ১৮খন আৰু উৰিয়ামঘাট (চেক্তৰ বি)ৰ ৭খন ৰাজহ গাঁৱৰ অন্তৰ্গত ১১৬ খন গাঁৱৰ বিস্তৰ ক্ষতি হৈছিল।

চৰকাৰী তথ্য অনুসৰিয়ে উক্ত বানত জিলাখনৰ ২১৮৫.৬৪ হেক্তৰ কৃষিভূমি প্লাবিত হৈছিল আৰু প্ৰায় ৫৫ হাজাৰ জন লোক ক্ষতিগ্ৰস্ত হৈছিল।

বানপানীটোত বোকাখাত অঞ্চলৰ খগেশ্বৰ গোৱালা, বৰপথাৰৰ কিৰণ ৰায় আৰু উৰিয়ামঘাটৰ বীৰেন্দ্ৰ কিচকু নামৰ তিনিজন লোকেও প্ৰাণ হেৰুৱাব লগা হৈছিল।

Recent News

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd