বিগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহনৰ দিনাই অৰ্থাৎ ৫ ডিচেম্বৰত ঢেকিয়াল অঞ্চলৰ হাবিয়াল গাঁৱত আৰক্ষীৰ গুলীচালনাত জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ এজন নিৰীহ যুৱক নিহত হোৱা ঘটনা যেন গোলাঘাট আৰক্ষীৰ বাবে এক কলংকিত অধ্যায় হৈ পৰিছে।
জিলাখনৰ সদ্য বিদায়ী উপায়ুক্ত গৌৰৱ বোথ্ৰা আৰু আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ৰ কাৰ্য্যকালত সংঘটিত উক্ত ঘটনাই গোলাঘাট জিলা প্ৰশাসন আৰু আৰক্ষীৰ জনস্বাৰ্থতকৈ যে স্বজনপ্ৰীতিহে বেছি সেইয়া স্পষ্ট কৰি তুলিছিল। শেহতিয়াকৈ পুনৰ গোলাঘাট আৰক্ষীক অস্বস্তিত পেলাই এই বিষয়টো পোহৰলৈ আহিছে গোলাঘাট অধিবক্তা সন্থাই ৰাজহুৱাভাবে তথ্য বিচাৰি কৰা এক আবেদনকলৈ।
জ্ঞানেদ্ৰ হত্যা ঘটনাৰ সৈতে জড়িত বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য বিচাৰি সন্থাৰ সভাপতি মহেন্দ্ৰ নাথ দত্তই যোৱা ১৭ ডিচেম্বৰতে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত গোলাঘাট আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ জন তথ্য বিষয়াক এক আবেদন কৰিছিল। কিন্তু এটা মাহ উকলি যোৱাৰ পিছতো কাৰ্যালয়টোৱে কোনো তথ্য নিদিয়া কাৰ্যই পুনৰবাৰ বিষয়টোত ৰহস্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি উক্ত আবেদনৰ জৰিয়তে অধিবক্তা সন্থাৰ তৰফৰ পৰা সভাপতি গৰাকীয়ে গোলাঘাট সদৰ আৰক্ষী থানাত যোৱা ৪ ডিচেম্বৰৰ পৰা ৫ডিচেম্বৰ পৰ্যন্ত জেনেৰেল ডায়েৰীত পঞ্জীয়ন সকলো অভিযোগৰ তথ্য ,সদৰ আৰক্ষী থানাত পঞ্জীয়ন কৰা ১০৫৪/১৮ নম্বৰৰ গোচৰটোৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা আৰক্ষী বিষয়া গৰাকীৰ নাম আৰু পদবী, যোৱা ৫ ডিচেম্বৰত জ্ঞানেন্দ্ৰ ৰাজখোৱাক গ্ৰেপ্তাৰ ৰ বাবে প্ৰেৰণ কৰা আৰক্ষী বিষয়াসকলৰ নাম আৰু পদবীৰ সম্পৰ্কে তথ্য বিচৰা হৈছিল।
ইয়াৰ উপৰি সভাপতিগৰাকীয়ে বোকাখাতৰ এছ ডি পি অ বিতুল চেতিয়াৰ বদলিকৰণৰ নিৰ্দেশ কিমান তাৰিখে উলাইছিল আৰু গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে এই নিৰ্দেশ কেতিয়া লাভ কৰিছিল তথা জ্ঞানেদ্ৰ ৰাজখোৱাৰ গুলীচালনা ঘটনাৰ সংক্ৰান্তত উপ-আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়াৰ বিৰুদ্ধে বিভাগৰ তৰফৰ পৰা কিবা তদন্ত, শাস্তিমূলক ব্যৱস্থা হৈছে নেকি এই সন্দৰ্ভতো তথ্য বিচৰা হৈছিল।
কিন্তু লক্ষণীয়ভাবে সমগ্র ঘটনাত ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আৰক্ষী বিষয়া পার্থ প্ৰতিম শইকীয়াক সকলো প্ৰকাৰৰ ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰচেষ্টা চলোৱা গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে আইনজীবীসকলকো অংগুষ্ঠ দেখুৱাবলৈ কুণ্ঠাবোধ নকৰিলে।
গোলাঘাট আৰক্ষীৰ এনে সন্দেহজনক ভূমিকাই সেয়ে জ্ঞানেদ্ৰ ৰাজখোৱাৰ হত্যাকাণ্ড ঘটনাত জড়িত প্রকৃত দোষীয়ে শাস্তি পাব নে নাই তাতো প্ৰশ্নৰ সৃষ্টি কৰিছে।উল্লেখযোগ্য যে উক্ত ঘটনাকলৈ গোলাঘাট আৰক্ষী আৰু প্ৰশাসনৰ সন্দেহজনক ভূমিকাৰ বাবে গোলাঘাট অধিবক্তা সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ দিয়াৰ যো-যা চলাইছে।