• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটত নতুনকৈ ৬১জন লোক কৰ’নাত আক্ৰান্ত; সক্ৰিয় ৰোগীৰ সংখ্যা ২০৫ লৈ বৃদ্ধি

মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে গোলাঘাট পৌৰসভা এলেকাত তিনি দিনত ৩৯,৯০০টকাৰ জৰিমনা সংগ্ৰহ

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
April 23, 2021 7:24 am
COVID19-image-credit-Odishatv-750x375

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাত বৃহস্পতিবাৰে নতুনকৈ ৬১জন লোকৰ দেহত ক’ভিড-১৯ৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২০৫ লৈ বৃদ্ধি পাইছে।

ইয়াৰে ১৩৯জন ঘৰতে আছুতীয়াকৈ থকাৰ বিপৰীতে ৬১জন লোক গোলাঘাট ক’ভিড চিকিৎসালয়, ৩জন যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আৰু দুজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে ।

Apply Now

বৃহস্পতিবাৰে ২,০৯১জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১০৯জনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয়। ৰেপিড টেষ্টতে ৬১জন লোকৰ দেহত সংক্ৰমণ ধৰা পৰে।

উল্লেখযোগ্য যে গোলাঘাট জিলাত পহিলা এপ্ৰিলৰ পৰা এতিয়ালৈকে ২৬,০৭২ টা ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছে। এই সময়ছোৱাত জিলাখনত ২৭০ জন লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়। অৱশ্যে বৰ্তমান ইয়াৰে ২০৫ জনহে সক্ৰিয় ক’ভিড ৰোগী ।

জিলাখনত এই সময়ছোৱাত দুজন লোকৰ ক’ভিডত মৃত্যু হৈছে। গোলাঘাটত কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে  সতৰ্কতামূলক ব্যৱস্থাসমূহ অধিক কঠোৰভাৱে পালনত গুৰুত্ব আৰোপ কৰিছে।

কালি তৃতীয় দিনাও জিলাখনত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে কৰ্মবাহিনীসমূহে ব্যাপক অভিযান চলায়। অৱশ্যে ৰাইজৰ মাজত মাস্ক পৰিধানক লৈ সজাগতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

বৃহস্পতিবাৰে গোলাঘাট পৌৰসভা এলেকাত মাস্ক পৰিধান নকৰা লোকৰ পৰা ৬,৪০০টকাৰ জৰিমনা আদায় কৰা হয়। ইয়াকে লৈ যোৱা তিনিটা দিনত গোলাঘাট নগৰত  মুঠ ৩৯,৯০০টকাৰ জৰিমনা বিহা হৈছে।

ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জিলাখনৰ বিভিন্ন ৰাজহুৱা স্থান, দোকান -বজাৰ আদিত ক’ভিড বিধিসমূহ পালন কৰাত জিলা উপায়ুক্তই গুৰুত্ব আৰোপ কৰিছে।

তেওঁ সঠিকভাৱে মাস্ক পৰিধান কৰাৰ লগতে স্বাস্থ্য বিধিসমূহ মানি এই ৰোগ প্ৰতিৰোধত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনক সহায় কৰিবলৈ পুনৰ এবাৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছে।

ইপিনে গোলাঘাট নগৰত কালি জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত স্থায়ী অনুভাষ যন্ত্ৰৰ সহায়ত ক’ভিড বিধিসমূহ মানি চলাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়।

গোলাঘাট জিলাত ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কার্যসূচীও অব্যাহত আছে।  জিলাখনত যোৱা ১৬ জানুৱাৰীৰ পৰা কালিৰ দিনটোলৈকে ৬০,৮৬৮ পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে।

ফ্ৰণ্টলাইন কৰ্মীক এতিয়ালৈকে ১১,২৮২টা প্ৰথম পালি আৰু ৭,০৬৪টা দ্বিতীয় পালি প্ৰতিষেধক দিয়া হৈছে।

আনহাতে, স্বাস্থ্যসেৱা কৰ্মীক ৫,৩৪৩ টা প্ৰথম পালি আৰু ৩,৮৪৬ টা দ্বিতীয় পালি দিয়া হৈছে। একেদৰে ৪৫ বছৰ বয়সৰ উৰ্ধৰ লোকক ৩০,১৫২ টা প্ৰথম পালি আৰু ৩,১৮১ টা দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

জিলাখনত এতিয়ালৈকে ৩১৮ ভায়েল কোভাক্সিন আৰু ৫,৭৮৬ ভায়েল কোভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হৈছে।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd