NORTHEAST NOW (Assamese)

সোণৰ দাম হ্ৰাস, প্ৰতি ১০ গ্ৰামত ৫০০০ টকালৈকে কমিছে মূল্য

March 17, 2020 7:32 pm · এন ই নাও নিউজ

ঘৰুৱা বজাৰত সোণৰ দাম হ্ৰাস পাই আছে। ১০ গ্ৰামত ৪৪,৫০০ টকাৰ পৰা সোণৰ মূল্য প্ৰায় ৫,০০০ টকা হ্ৰাস হৈছে।

ৰূপৰ দামো এম চি এক্সত প্ৰতি কেজিত ৫ শতাংশ কমি ৩৪,৫০০ টকা হৈছেগৈ।

সোণক বিশ্ব বজাৰৰ সংকটৰ সময়ত সুৰক্ষিত বিনিয়োগ বুলি ধৰা হয় যদিও কৰ’নাভাইৰাছৰ আতংকৰ বাবে ইয়াৰ মূল্যৰ তাৰতম্য ঘটিছে।

সোমবাৰে স্পট গ’ল্ড প্ৰতি আউন্সত ১৫১১.৩০ ডলাৰলৈ হ্ৰাস পায়। এই মূল্য যোৱা নৱেম্বৰৰ পৰা নিম্নতম।

শুকুৰবাৰে সোণৰ দাম প্ৰতি ১০ গ্ৰামত প্ৰায় ১৮০০ টকা হ্ৰাস পাইছিল। ৰূপৰ ক্ষেত্ৰতো এম চি এক্সত প্ৰায় ০.১১ শতাংশ হ্ৰাস পাইছিল।

বিশেষজ্ঞসকলৰ মতে, বিশ্ব বজাৰৰ উঠা-নমাৰ লগতে কৰ’নাভাইৰাছৰ আতংকৰ বাবে সোণৰ চাহিদা হ্ৰাস পাইছে।

সোণ আৰু ৰূপ দুয়োবিধ মূল্যৱান ধাতুৰে মূল্য আৰু কমিব পাৰে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে।

Related News