বিমানৰ শৌচালয়ত ওলাল ২ কোটি টকাৰ সোণ
দেওবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰা এখন বিদেশী বিমানৰ শৌচালয়ৰ পৰা ২ কোটি টকাৰ সোণৰ বিস্কুট উদ্ধাৰ কৰিছে দিল্লীৰ শুল্ক বিভাগে।
শুল্ক বিভাগৰ বিষয়াসকলে জনোৱা মতে, গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি বিমানখনত তালাচী চলোৱা হয়।
বিমানবন্দৰৰ ২ নং টাৰ্মিনেলত ৰখাই থোৱা এখন বিদেশী বিমানত উদ্ধাৰ হয় এই বিশাল মূল্যৰ সোণ। বিমানখনৰ শৌচাগাৰৰ ভিতৰত এটা ধূসৰ এটা পেকেট প্ৰত্যক্ষ কৰে নিৰাপত্তাৰক্ষীয়ে। সেই পেকেটটো খুলিয়েই চাৰিটা সোণৰ বিস্কুট লাভ কৰে বিষয়া সকলে।
জানিব পৰা মতে উদ্ধাৰ হোৱা সোণখিনিৰ ওজন ৩.৯৬৯ গ্ৰাম। এই সোণৰ বিস্কুটখিনিৰ বজাৰ মূল্য ১ কোটি ৯৫ লাখ টকাতকৈও অধিক বুলি জানিব পৰা গৈছে।
সোণখিনি ক’ৰ পৰা আনিছিল আৰু ক’লৈ লৈ যোৱাৰ পৰিকল্পনা আছিল সেই বিষয়ে তদন্ত চলাই আছে শুল্ক বিভাগে।
উল্লেখ্য যে বিভিন্ন দেশৰ পৰা সোণ সৰবৰাহৰ ঘটনা এয়া নতুন নহয়। আফ্ৰিকা আৰু পশ্চিম এছিয়াৰ কেইবাখনো দেশৰ পৰা ভাৰতলৈ সস্তীয়া সোণ আমদানি কৰাৰ প্ৰচেষ্টা দীৰ্ঘ সময়ৰ পৰাই অব্যাহত আছে।
শুল্ক বিভাগৰ নিৰীক্ষণত প্ৰায়ে ধৰা পৰে অবৈধ সোণ। দেওবাৰেও ৰাজধানীৰ মূল বিমানবন্দৰতো একেই ঘটনা সংঘটিত হয়।