DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

একেটা চিৰিঞ্জেৰে অনেক ৰোগীক বেজী দিয়াৰ পৰিণতি : কন্যা শিশুৰ শৰীৰত ধৰা পৰিল HIV

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2023 8:26 pm
99
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশত এগৰাকী কন্যা শিশুৰ শৰীৰত এইচ আই ভি পজিটিভ ধৰা পৰাৰ পিছতেই অভিযোগ উত্থাপন হৈছে যে এখন চিকিৎসালয়ৰ চিকিৎসকে শিশুসকলক বেজী দিবলৈ ব্যৱহাৰ কৰে একেটা চিৰিঞ্জ। শিশুটিৰ পিতৃ মাতৃয়ে উত্থাপন কৰিছে এই অভিযোগ। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষী গ্ৰেপ্তাৰ কৰিছে এজন চিকিৎসকক।

উত্তৰ প্ৰদেশৰ উপ–মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে এই ঘটনাৰ প্ৰতিবেদনৰ বাবে ৰাণী বাই লোধি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক তলব কৰিছে। এই ঘটনাত যদি কোনো লোক দোষী সাব্যস্ত হয় তেন্তে তেওঁক কঠোৰ শাস্তি দিয়া হ’ব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

একাংশ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি কেইমাহ মান আগতে এগৰাকী কন্যা শিশুক উত্তৰ প্ৰদেশৰ ৰাণী বাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাৰপিছত যোৱা ২০ ফেব্ৰুৱাৰীত শিশুটি এইচ আই ভি পজিটিভ বুলি ধৰা পৰে।

শিশুটিৰ পিতৃ–মাতৃয়ে জিলা দণ্ডাধীশ অংকিত আগৰৱালাক অভিযোগ দাখিল কৰিছে যে চিকিৎসালয়খনৰ একাধিক শিশুক একেটা চিৰিঞ্জেৰেই বেজী দিয়া হৈছিল। যাৰ বাবে তেওঁলোকৰ সন্তান এইচ আই ভিত আক্ৰান্ত।

লগতে তেওঁলোকে অভিযোগ কৰে যে চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দিবলৈ যাওঁতে সেই নিশাই শিশুটিক হাস্পাতালৰ পৰা পঠিয়াই দিয়া হৈছিল। কেৱল সেয়াই নহয়, তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰা হৈছিল।

জিলা স্বাস্থ্য বিষয়া উমেশকুমাৰ ত্ৰিপাঠীয়ে জনোৱা মতে, এই ঘটনাৰ তদন্ত অব্যাহত আছে। লাভ কৰা তথ্যসমূহ প্ৰতিবেদনৰ ৰূপত জিলা দণ্ডাধীশলৈ প্ৰেৰণ কৰা হ’ব। কোনো কোনো ব্যক্তি দোষী সাব্যস্ত হ’লে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Recent News

Fire at Mexican immigration detention center

ডিটেনচন চেণ্টাৰত ভয়াৱহ অগ্নিকাণ্ড: ৩৯ গৰাকী প্ৰব্ৰজনকাৰীৰ মৃত্যু

Lok Sabha Om Birla

একজোঁট বিৰোধী! অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’ব লোকসভাৰ অধ্যক্ষ ওম বিৰলা!

Kejriwal on Modi Adani

সন্মুখতহে আদানী; আঁৰত মোদী! আদানী কেলেংকাৰীৰ গোচৰত যুদ্ধংদেহি কেজৰিৱাল

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd