NORTHEAST NOW (Assamese)

‘গোমাতা মোৰো মা, মই গো-মাংস স্পৰ্শ কৰি পোৱা নাই” : হিন্দু ধৰ্মৰ প্ৰতি অগাধ শ্ৰদ্ধা চলমান খানৰ

February 8, 2025 11:32 am ·

কেৱল মুছলমান ধৰ্মৰ লোক হোৱাৰ বাবেই দীৰ্ঘদিন ধৰি হিন্দুত্ববাদী সকলৰ আক্ৰোশৰ বলি হৈ আহিছে বলীউডৰ জনপ্ৰিয় অভিনেতা চলমান খান। কেৱল সেয়াই নহয়, ভাৰতীয় চিনেমালৈ তেওঁৰ অৱদান পাহৰি ইণ্টাৰনেটত একাংশ লোকে বাৰে বাৰে দাবী কৰে যে ‘চলমান খান পাকিস্তানলৈ গুচি যাওক’।

উল্লেখ্য যে চিনেমাৰ জৰিয়তে সকলো ধৰ্মৰ মাজত সমন্বয়ৰ বাৰ্তা দি আহিছে চলমান খানে। ইয়াৰ উপৰিও স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা আৰ্তজনক সহায় কৰি দেখুৱাইছে যে তেওঁ সঁচাকৈয়ে মানৱতাৰ ধৰ্মত বিশ্বাস কৰে।

উল্লেখ্য যে চলমান খানে গণেশ চতুৰ্থী আৰু দীপাৱলীৰ দৰে সনাতনী উৎসৱ সমূহো নিজৰ ঘৰত পালন কৰে। অৱশ্যে মুছলমান হোৱাৰ পিছতো ছলমান খানে গো-মাংস স্পৰ্শ নকৰে।

কেইবছৰমান পূৰ্বে জনপ্ৰিয় টক শ্ব ‘আপ কি আদালতত অতিথি হিচাপে উপস্থিত আছিল চলমান। তাতে তেওঁ বুজাই দিয়ে যে তেওঁ কিয় গো-মাংস নাখায়।

বলীউডৰ ছুপাৰষ্টাৰগৰাকীৰ মতে, হিন্দু ধৰ্মত গৰুক যেনেকৈ মাতৃ হিচাপে পূজা কৰা হয়, তেনেকৈয়ে গৰু তেওঁৰ বাবেও মাতৃৰ দৰে।

‘আপ কি আদালতত তেওঁক সোধা হৈছিল যে চলমান খানে কি খাই ভাল পায়। উত্তৰত তেওঁ ক’লে, “মই গো-মাংস আৰু গাহৰিৰ মাংসৰ বাহিৰে সকলো খাওঁ। মই গৰুক মাতৃ জ্ঞান কৰোঁ। আচলতে মোৰ নিজৰ মা হিন্দু আৰু পিতৃ মুছলমান। ইফালে মোৰ আনগৰাকী মা খ্ৰীষ্টিয়ান। মাৰ লগত একেখন ঘৰতে থাকো। মোৰ বাবে সকলো ধৰ্ম সমান। সকলো ধৰ্মৰ সমন্বয়ত সকলোৱে বিশ্বাস কৰা উচিত।”

Related News