• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বলিষ্ঠ পদক্ষেপৰ বাবে ব্যৰ্থ হৈছিল অসমক পূর্ববংগত চামিলৰ ষড়যন্ত্ৰ : নিৰোদ কে বৰুৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2018 3:54 pm
12-10-18 Guwahati- Nirud kr Baruah lecture on Gopinath Bordoloi (3)

দিচপুৰ প্ৰেছ ক্লাবৰ বক্তৃতানুষ্ঠানত বুৰঞ্জীবিদ নিৰোদ কুমাৰ বৰুৱা। ফটো: য়ু বি

19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটিছ ৰাজৰ সময়ছোৱাতে অসমক পূৰ্ব বংগৰ সৈতে চামিল কৰাৰ যি চেষ্টা চলিছিল তাৰ প্ৰধান ষড়যন্ত্ৰকাৰী আছিল অবিভক্ত অসমৰ প্ৰাক্‌ স্বাধীনতাৰ পাকিস্তানী মুছলিম লীগৰ প্ৰধানমন্ত্ৰী ছাৰ চৈয়দ মহম্মদ ছাদুল্লা। এই মন্তৱ্য আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বুৰঞ্জীবিদ, লেখক, গৱেষক নিৰোদ কুমাৰ বৰুৱাৰ।

তাৎপৰ্যপূৰ্ণভাৱে জাতীয় কংগ্ৰেছৰ জৱাহৰলাল নেহৰুৱে চাদুল্লাৰ প্ৰতি সমৰ্থন আগবঢ়াই অসমক পূৰ্ব বংগৰ সৈতে চামিল কৰাত সেউজ সংকেত দিছিল বুলিও বুৰঞ্জীবিদগৰাকীয়ে সদৰী কৰিছে।

Apply Now

বৰুৱাই লগতে স্পষ্টভাৱে অভিমত আগবঢ়ায় যে অসম কংগ্ৰেছৰ গোপীনাথ বৰদলৈৰ বলিষ্ঠ পদক্ষেপৰ বাবেই এই ষড়যন্ত্ৰ সফল হ’ব নোৱাৰিলে। তেওঁ লগতে কয় যে মুছলিম লীগ গঠন হোৱাটো অসম তথা সমগ্ৰ দেশৰ বাবে আছিল দুৰ্ভাগ্যজনক।

শুকুৰবাৰে দিচপুৰ প্ৰেচ ক্লাৱৰ উদ্যোগত আয়োজিত ‘ব্ৰিটিছৰাজ তথা মুছলিম লীগৰ অসমক পাকিস্তানক অন্তৰ্ভুক্ত কৰাৰ ষড়যন্ত্ৰ আৰু ৰক্ষকৰ ভূমিকাত ভাৰতৰত্ন গোপীনাথ বৰদলৈ’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি প্ৰথিতযশা বুৰঞ্জীবিদগৰাকীয়ে  ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক এগৰাকী দূৰদৰ্শী, অত্যন্ত চতুৰ, অত্যন্ত সাহসী, সহিষ্ণু, উদাৰ, সৎ, সংযমী, প্ৰগতিশীল, স্থিতপ্ৰজ্ঞ, লক্ষ্য স্থিৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যক্তি বুলি অভিহিত কৰে।

বিশিষ্ট বুৰঞ্জীবিদ গৰাকীয়ে বক্তৃতা আৰম্ভ কৰিয়েই কয় যে চন্দ্ৰ কুমাৰ আগৰৱালাই ‘শংকৰদেৱ’ নামৰ কবিতাটোত লিখি যোৱাৰ দৰে শংকৰদেৱে ধৰ্ম দিলে, ভাষা দিলে, কৃষ্টি দিলে, মানৱতা দিলে। তাৰ পিছৰ পৰ্যায়ত আধুনিক যুগত যিখিনি পাবলগীয়া আছিল, সেইখিনি দি গ’ল গোপীনাথ বৰদলৈয়ে।

তেওঁ বুৰঞ্জীৰ সমলৰ আধাৰত ফহিয়াই দেখুৱাই যে ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত গোপীনাথ বৰদলৈ কাৰাগাৰত  থকাৰ সুযোগ লৈ চৈয়দ চাদুল্লাই অসমক পূৰ্ব বংগৰ সৈতে চামিল কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। স্বাস্থ্যজনিত কাৰণত বৰদলৈক ব্ৰিটিছৰাজে কাৰাগাৰৰপৰা মুকলি কৰি দিয়াৰ পিছত তেওঁ এই ষড়যন্ত্ৰৰ উমান পাই চৈয়দ চাদুল্লাৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছিল।

বৰুৱাই অতি স্পষ্ট আৰু নিৰ্বিবাদে এই কথা সদৰী কৰে যে জৱাহৰলাল নেহৰুৱেও চাদুল্লাৰ এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। বৰং ‘ছেকচন’ আৰু ‘গ্ৰুপিং’লৈ বৰদলৈয়ে খেলিমেলিৰ সৃষ্টি কৰিব বিচাৰিছে বুলি নেহৰুৱে অভিযোগ উত্থাপন কৰিছিল।

অসমে ‘ছেক্‌চন’ বা ‘গ্ৰুপিং’ কোনোটোতে নাথাকে বুলি বৰদলৈয়ে দৃঢ় স্থিতি গ্ৰহণ কৰাৰ বাবেই অসম পূৰ্ব বংগৰ সৈতে চামিল হোৱাৰপৰা ৰক্ষা পৰিল বুলি বুৰঞ্জীবিদগৰাকীয়ে স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে জাৰ্মান নিবাসী বুৰঞ্জীবিদ নিৰোদ কুমাৰ বৰুৱাই গোপীনাথ বৰদলৈৰ জীৱনৰ ওপৰত বিশদ গৱেষণা চলোৱাৰ লগতে সেই সময়ৰ অসমৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়েও পুংখানুপুংখ অধ্যয়ন চলাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd