• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘আপৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসনৰ ষড়যন্ত্ৰ ব্যৰ্থ’: বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে সৰৱ আপৰ মুখপাত্ৰ পুনম গগৈ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 25, 2024 4:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভুৱা ৱৰ্ক অৰ্ডাৰৰ জৰিয়তে কোটি কোটি টকা লুণ্ঠন কৰা বিজেপি নেতা অসীম দাসৰ গ্ৰেপ্তাৰৰ ঘটনাই ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোট চৰকাৰৰ স্বৰূপ উদঙাই দিছে। জনতা ভৱনৰ উপৰি মন্ত্ৰী সঞ্জয় কিষাণৰ কাৰ্যালয় অথবা কনফাৰেঞ্চ হলত বহি ভুৱা ৱৰ্কি অৰ্ডাৰ প্ৰস্তুত কৰা বিজেপি নেতাগৰাকীৰ সৈতে আৰু কোন কোন জড়িত আছে সেই কথা স্পষ্ট কৰা উচিত।

এনে বৃহৎ দুৰ্নীতি ক্ষমতাশালী আন কোনো ব্যক্তিৰ সহায় অবিহনে কৰাটো সম্ভৱ নহয়।” আজি গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ ৰাজ্যিক নেতা অম্লানজ্যোতি হাতীবৰুৱাই এই মত ব্যক্ত কৰে । আম আদমী পাৰ্টিয়ে ইয়াৰ আঁৰৰ ব্যক্তিসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। মুখ্যমন্ত্ৰীয়ে পাঠ্যক্ৰমত চৰিত্ৰ পাঠ অন্তৰ্ভুক্ত কৰাৰ প্ৰসংগত আপৰ নেতাগৰাকীয়ে কয়, ” চৰকাৰে বিজেপিৰ নেতা কৰ্মী সকলক চৰিত্ৰ পাঠৰ শিক্ষা দিয়া উচিত। ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত শাসনাধিষ্ঠিত বিজেপিৰ নেতা কৰ্মী সকলৰ চৰিত্ৰ গঠন কৰিব লাগিব। সেইবাবেই চৰিত্ৰ পাঠ তেওঁলোকৰ বাবে বাধ্যতামূলক কৰা উচিত।” আনহাতে শাসক দলৰ মন্ত্ৰী বিমল বড়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি সংবাদমেলত অম্লানজ্যোতি হাতীবৰুৱাই সদৰি কৰে যে টিংখাং সমষ্টিৰ অন্তৰ্গত পিঠাগুটি গাওঁ পঞ্চায়তৰ বিজেপি দলৰ পৰা নিৰ্বাচিত হোৱা প্ৰাক্তন সভাপতি জীতেন তাঁতীৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। কালি আদালতে তেওঁক জামিনত মুক্তি দিয়ে।

তেখেতে বিজেপি দলৰ পৰা পঞ্চায়তৰ সভাপতি হিচাপে পাঁছ বছৰ কাৰ্যকাল সুকলমে পাৰ কৰাৰ পিছত বিজেপি দলৰ নীতি আদৰ্শ তথা জনবিৰোধী কাৰ্যৰ বিপক্ষে অৱস্থান গ্ৰহণ কৰি দল ত্যাগ কৰে। তেওঁ আম আদমি পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ আপত যোগদান কৰে। আপত যোগদানৰ পিছত তেখেতৰ ওপৰত প্ৰভাৱশালী মন্ত্ৰী তথা টিংখাং সমষ্টিৰ বিধায়ক বিমল বড়াই পুলিচ প্ৰশাসনৰ ক্ষমতাৰ অপব্যৱহাৰ প্ৰয়োগ কৰি ভুৱা গোচৰ জাপি জীতেন তাঁতীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু টিংখাং আপৰ কৰ্মকৰ্তা সকলৰ সততা তথা উদ্যোমৰ কাৰণে ডিব্ৰুগড় জিলা ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে। আপৰ ৰাষ্ট্ৰীয় নেতা অৰবিন্দ কেজৰিৱাল ক ভুৱা গোচৰ জাপি দিয়াৰ দৰেই জীতেন তাঁতীৰ বিৰুদ্ধেও ভুৱা গোচৰত কাৰাগাৰত আৱদ্ধ কৰি ৰখাৰ চেষ্টা ব্যৰ্থ হ’ল। “

Apply Now

ইপিনে, সংবাদমেলত ৰাজ্যত বনাঞ্চল ধ্বংসৰ ফলত সৃষ্টি হোৱা ভয়াবহ পৰিবেশক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপৰ ৰাজ্যিক মুখপাত্ৰ পুনম গগৈয়ে। ৰাজ্য চৰকাৰৰ ধ্বংসমুখী উন্নয়নমূলক কাম কাজৰ বিৰুদ্ধে সৰৱ দলৰ মুখপাত্ৰ পুনম গগৈয়ে কয়,” ২০০০ চনৰ পৰা অসমত ২,৬৯০ বৰ্গ কিঃমিঃ বনাঞ্চল ধ্বংস কৰা হৈছে। গ্লোবেল ফৰেষ্ট ৱাটচ্ ৰ তথ্য অনুসৰি ৰাজ্যখনত বিগত ২২ বছৰত ৩ লাখ ২৪ হাজাৰ হেক্টৰ বন ভূমি ধ্বংস কৰা হৈছে। ইয়াৰ ভয়ংকৰ প্ৰভাৱ তথা নেতিবাচক ফল অসমবাসীয়ে ভুগিবলগীয়া হৈছে।” আনহাতে, শেহতীয়া ভাৱে উন্নয়নৰ নামত হোলোঙাপাৰ গিবন অভয়াৰণ্যত ধ্বংস যজ্ঞ আৰম্ভ হৈছে। আপুৰুগীয়া হলৌ বান্দৰৰ বিচৰণভূমি গিবনত চলা ধ্বংস যজ্ঞ শীঘ্ৰেই বন্ধ কৰিবলৈ পুনম গগৈয়ে দাবী জনায়।

তেওঁ কয়,” পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ স্বাৰ্থত চৰকাৰে গিবন অভয়াৰণ্যৰ সংৰক্ষণত গুৰুত্ব প্ৰদান কৰা উচিত। বনাঞ্চল ধ্বংসৰ জৰিয়তে সৃষ্টি হোৱা পৰিস্থিতিয়ে জীৱন ধাৰণৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। সকলোৱে লক্ষ্য কৰিছে যে যোৱা কেইটামান দিনত ৰাজ্যত হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ বহুকেইগৰাকী লোকৰ মৃত্যু হৈছে। পৰিবেশ ধ্বংসৰ ফলত এই দৰে সাধাৰণ মানুহে আজি মৃত্যক আকোঁৱালি লবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কৰ্মস্থলীত বহুতো শ্ৰমিক হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ অসুস্থ হোৱা পৰিলক্ষিত হৈছে। পৰিবেশ ধ্বংসৰ ফলত তথা অস্বাভাৱিক গৰমৰ প্ৰকোপত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়লৈ এক কালীন সাহায্য আগবঢ়াবলৈ আম আদমী পাৰ্টিয়ে চৰকাৰক দাবী জনাইছোঁ। “

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd