• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সহযোগীসকলৰ ওলোটা খৰ আৰু IUML-ৰ পাভলুটি! যাদুকৰী সংখ্যাক লৈ বিপত্তি; আজিও শপত লোৱা নহয় বিজয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2026 11:12 am
87
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডু বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছত অভিনেতা-ৰাজনীতিবিদ বিজয় ক্ষমতা দখল কৰাৰ পৰা ‘এখোজ দূৰত’ আছিল। কিন্তু শেষ মুহূৰ্তৰ ৰাজনৈতিক সমীকৰণত ই ‘নাটকীয় ক্লাইমেক্স’ হৈয়েই থাকিল।

সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ প্ৰয়োজনীয় ১১৮ জন বিধায়কৰ সমৰ্থন অবিহনে বিজয়ক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ দিয়া সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছে ৰাজ্যপাল আৰ ভি আৰ্লেকাৰে। ফলত শনিবাৰে অৰ্থাৎ আজি বিজয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা হৈ নুঠিল।

Apply Now

২৩৪ আসনৰ তামিলনাডু বিধানসভাত মেজিক ফিগাৰ ১১৮। বিজয়ৰ দল তামিলাগা ভেত্ৰী কাঝাগামে ১০৮খন আসন লাভ কৰি নিজৰ আধিপত্য প্ৰদৰ্শন কৰিছে যদিও চৰকাৰ গঠনৰ বাবে আৰু ১০ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন।

কংগ্ৰেছে নিজৰ ৫ জন বিধায়কৰ সৈতে বিজয়ক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছিল যদিও শেষ মুহূৰ্তত আই ইউ এম এল (IUML) আৰু টি টি ভি দিনাকৰণৰ এ এম এম কেয়ে(AMMK)বিজয়ক পিঠি দিছে। ৰাজভৱনৰ সূত্ৰ অনুসৰি বিজয়ৰ হাতত বৰ্তমান ১১৬ জন বিধায়কৰ সমৰ্থন আছে, যিটো লক্ষ্যতকৈ ২ জন কম। ফলত এই পৰিস্থিতিত তামিলনাডুত চৰকাৰ গঠন আজি সম্ভৱ নহয়।

১০০ খনতকৈও অধিক আসন লাভ কৰাৰ পাছতো যে যাদুকৰী সংখ্যাটো লাভ কৰিব পৰা নাই সেয়া দেখি টিভিকে-ই বাওঁপন্থী আৰু কংগ্ৰেছৰ পৰা সহায় বিচাৰে। প্ৰথম অৱস্থাত দুয়োটা দলৰ কোনো এটাই আগ্ৰহ প্ৰকাশ কৰা নাছিল যদিও দুদিন পিছত কংগ্ৰেছে পুৰণি মিত্ৰতা ভংগ কৰি টিভিকেৰ কাষত থিয় দিছিল। সূত্ৰ অনুসৰি তেওঁলোকৰ ৫ জন বিধায়কক হায়দৰাবাদৰ এখন ৰিজ’ৰ্টলৈ স্থানান্তৰ কৰা হৈছে যাতে ‘হৰ্ছ ট্ৰেডিং’ নহয়।

আনহাতে, আই ইউ এম এলে এখন পত্ৰত উল্লেখ কৰিছে যে তেওঁলোক টিভিকেৰ মিত্ৰতাত নাই। পুনৰ এএমএমকেৰ মুৰব্বী টিটিভি দিনাকৰনে ৰাজ্যপাললৈ পত্ৰ লিখি বিজয় নহয় এআইএডিএমকে চৰকাৰ গঠনৰ আহ্বান জনায়। বিজয়ে দাখিল কৰা সমৰ্থন পত্ৰত স্বাক্ষৰ ভুৱা হ’ব পাৰে বুলি দাবী কৰে দিনাকৰনে।

বিগত দুদিনত দুবাৰকৈ ৰাজ্যপালক সাক্ষাৎ কৰিছে বিজয়ে। তেওঁ দাবী কৰে যে তেওঁৰ ওচৰত ১১৮ জন লোকৰ সমৰ্থন আছে। কিন্তু গৱৰ্ণৰ আৰ্লেকাৰে স্পষ্ট কৰি দিছে যে তেওঁ কোনো মৌখিক দাবীত পতিয়ন নাযায়; তেওঁ ১১৮ জন বিধায়কৰ স্বাক্ষৰৰ সৈতে সমৰ্থন পত্ৰ দাখিল কৰাৰ পিছতহে শপত গ্ৰহণৰ তাৰিখ ঘোষণা কৰিব।

এই ৰাজনৈতিক অস্থিৰতাৰ মাজতে বিজয়ৰ দলৰ বিধায়িকা মেৰী উইলছন এতিয়াও এই মিত্ৰতাক লৈ আশাবাদী। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে বিজয়ে আজি ৰাতি ভাল খবৰটো দিব আৰু তেওঁ কেৱল ৫ বছৰৰ বাবেই নহয় ভৱিষ্যতৰ বাবেও মুখ্যমন্ত্ৰী হ’ব।

উল্লেখ্য যে বিজয়ৰ উত্থানে ডি এম কে আৰু এ আই এ ডি এম কেৰ ৬২ বছৰীয়া দ্বিমেৰু ৰাজনীতিক কঁপাই তুলিছে। কিন্তু এই দুগৰাকী বিধায়কৰ অভাৱ চৰকাৰ গঠনৰ পথত বিজয়ৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।

আনহাতে, বাওঁপন্থী দলসমূহে (চিপিআই আৰু চিপিএম) বাহিৰৰ পৰা সমৰ্থনৰ কথা কৈছে যদিও কংগ্ৰেছে কেবিনেটত যোগদানৰ বাবে চৰ্ত বান্ধি দিছে। এতিয়া বিজয়ে শেষ মুহূৰ্তত ট্ৰাম্প কাৰ্ড খেলি আৰু দুজন বিধায়কৰ সমৰ্থন লাভ কৰিব পাৰে নে তামিলনাডুৱে আকৌ এবাৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ দিশে আগবাঢ়ে সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

August 10, 2026 9:02 pm
ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

August 10, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd