NORTHEAST NOW (Assamese)

চৰকাৰী কৰ্মচাৰী হ’ব নোৱাৰিব নিৰ্বাচনী আয়ুক্ত : উচ্চতম ন্যায়ালয়

March 12, 2021 3:24 pm · এন ই নাও নিউজ

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কয় যে এটা গণতান্ত্ৰিক ব্যৱস্থাত নিৰ্বাচনী আয়োগৰ স্বতন্ত্ৰতাক কেতিয়াও আপোচ কৰিব নোৱাৰি।

তদুপৰি এজন কেন্দ্ৰীয় অথবা ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰীয়ে নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিব নোৱাৰিবল বুলিও উচ্চতম ন্যায়ালয়ে আদেশ কৰিছে।

নিৰ্বাচনী আয়োগৰ স’তে চৰকাৰী কৰ্মচাৰীক যুক্ত কৰাটো সংবিধানৰ প্ৰতি উপহাস বুলি উচ্চতম ন্যায়ালয়ে কয়।

ন্যয়াধীশ ৰহিণ্টন এফ নাৰিমান আৰু ন্যায়াধীশ বি আৰ গাভাইয়ে সংবিধনানৰ ১৪২ আৰু ১৪৪ অনুচ্ছেদৰ অনুসৰি উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্ত জাৰি কৰিছে।

ন্যায়াধীশ দুজনে কয় যে নিৰ্বাচনী আয়ুক্তসকল ”স্বতন্ত্ৰ ব্যক্তি’ হোৱা উচিত।

উল্লেখযোগ্য বিজেপি শাসিত গোৱা চৰকাৰে চৰকাৰৰ আইনী সচিবক ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ পাছতে উচ্চতম ন্যয়ালয়ে এই ৰায়প্ৰদান কৰিছে।

গোৱা চৰকাৰে ৰাজ্যখনৰ পৌৰ নিৰ্বাচন পৰিচালনা কৰিবলৈ চৰকাৰী কৰ্মচাৰীক ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হিচাপে অতিৰিক্ত দায়িত্ব প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে গোৱাৰ মাৰগাও, মৰ্মুগাও, মাপুছা, ছাংগুৱেম আৰু কুৱেপেমকে ধৰি ১১খন পৌৰসভাৰ নিৰ্বাচনৰ ২০ মাৰ্চত অনুষ্ঠিত হ’ব।

Related News