• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰএছএছৰ অভিকেন্দ্ৰ হোজাইত দলৰ ভেটি হেৰওৱাৰ আশংকাত শিলাদিত্যৰ শৰণাপন্ন বিজেপি নেতৃত্ব

কিয় হিমন্তই তৰা-নৰা চিগি দৌৰি যাবলগীয়া হ'ল হোজাইলৈ?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2021 3:16 pm
Hojai-MLA-Shiladitya-Dev-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোজাই সমষ্টিকলৈ বিজেপিৰ শীৰ্ষ নেতৃত্বই কথাবোৰ যিমান সহজ ভাবে ভাবিছিল সিমান সহজ হৈ নাথাকিল।

সমষ্টিটোৰ বিজেপি বিধায়ক শিলাদিত্য দেৱক দলীয় টিকটৰ পৰা বঞ্চিত কৰি ৰাম কৃষ্ণ ঘোষক প্ৰাৰ্থিত্ব দিয়াৰ পিছতে বিজেপিৰ ৰাজনৈতিক সমীকৰণত আউল লাগিছে।

Apply Now

দলৰ পৰা এলাগী কৰাৰ ক্ষোভত প্ৰৱীণ বিজেপি নেতা শিলাদিত্যই দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

ইমান খিনিলৈকে শিলাদিত্য বিজেপিৰ বাবে মুঠেও মূৰ কামোৰণি হৈ উঠা নাছিল। বৰঞ্চ বাটৰ কাঁইট আঁতৰিল বুলি বহু বিজেপি নেতাই হয়তো আনন্দহে কৰিলে। কিন্তু লেঠা লাগিল  তেতিয়াহে যেতিয়া টিকট বঞ্চিত শিলাদিত্যই হোজাইৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাবে নিৰ্বাচন খেলাৰ কথা ভাবিলে।

শিলাদিত্যৰ এনে স্থিতিয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ অৱস্থা চাবলগীয়া কৰি তুলিলে। হোজাই সমষ্টিত ৰাম কৃষ্ণ ঘোষক টিকট দিয়াৰ সময়ত এবাৰলৈয়ো শিলাদিত্যৰ কথা নভবা বিজেপি নেতৃত্বই এই কথা হাড়ে-হিমজুৱে উপলদ্ধি কৰিলে যে শিলাদিত্যই হোজাইত নিৰ্দলীয় প্ৰাৰ্থী হিচাবে নিৰ্বাচন খেলিলে সমষ্টিটোত যে বিজেপিৰ নাও ডুবিব সেয়া নিশ্চিত।

সেইবাবেই অভিমানী শিলাদিত্যক ভালৰি লগাবলৈ তৎপৰ হৈ পৰিল বিজেপি নেতৃত্ব। প্ৰথমে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই শিলাদিত্যক বিভিন্ন ধৰণে বুজনি দিলে।

হোজাইতে নহয়, পুৰণি বিজেপি তথা আৰএছএছৰ বাবে শিলাদিত্য এটা জনপ্ৰিয় নাম।অসমত যেতিয়া বিজেপিয়ে বিধানসভা নিৰ্বাচনত এখন আসন পোৱাৰো পৰিবেশ নাছিল সেই সময়ৰে পৰাই শিলাদিত্যৰ দৰে নেতাসকলে চৰম কষ্ট তথা ত্যাগ স্বীকাৰ কৰি বিজেপিক মানুহৰ গ্ৰহণযোগ্য দল এটাত পৰিণত কৰোৱালে। আজি দলটোত যিসকল নেতাই দপদপাই আছে তেওঁলোকৰ ৯৫ শতাংশৰে বিজেপিৰ সৈতে পূৰ্বে কোনো সম্পৰ্ক নাছিল। বৰঞ্চ তেনে নেতাৰ ভিতৰৰে বহু নেতাই বিজেপি আৰু মোদীক কুকুৰে কাঁইট নোখোৱাকৈ গালিহে পাৰিছিল।

তেনে ৰূপ সলোৱা নেতাই এতিয়া বিজেপিৰ ভাগ্য নিয়ন্তা। যিকি নহওঁক, পুৰণি বিজেপি শিলাদিত্যৰ বিদ্ৰোহৰ পৰিণতি উপলদ্ধি কৰি আজি হোজাইলৈ তৰা-নৰা চিগি দৌৰ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লংকাস্থিত শিলাদিত্যৰ বাসভৱনত উপস্থিত হৈ হিমন্ত বিশ্বই দিলে এখন সংবাদমেল। সংবাদমেলত সৌসিদিনালৈ দলৰ পৰা একপ্ৰকাৰ এলাগী কৰি থোৱা শিলাদিত্যক উচ্চ প্ৰশংসা কৰিলে হিমন্তই।

হিমন্তই কয়—‘শিলাদিত্য বিজেপিত তাহানিতো আছিল, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব’। শিলাদিত্যক উদ্দেশ্যি পুনৰ কোৱা হ’ল—শিলাদিত্যক দলে সন্মানজনক স্থানত উপবিষ্ট কৰিব।

কি হ’ব সেই সন্মানজনক স্থান সেয়া অৱশ্যে স্পষ্টকৈ কোনেও একো নক’লে।নিৰ্বাচন হৈ যোৱাৰ পিছত শিলাদিত্যক দিয়া কথাবোৰ পাহৰণিৰ গৰ্ভত লীন হ’ব পাৰে বুলিও বহুতে আশংকা কৰিছে।

যিকি নহওঁক দলে ফেক্টৰ নহয় বুলি ভবা শিলাদিত্যই যে এনেদৰে দলৰ নেতাসকলক জিকাৰ খুৱাই দিব পাৰিছে সেয়াও তেওঁৰ এক কৃতিত্ব বুলি বহুতে আলোচনা কৰা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd