• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিবেশ ৰক্ষাৰ বাবে নহয়, ধ্বংস-অভিলেখৰ বাবেহে চৰকাৰৰ অমৃত বৃক্ষ আন্দোলন: আপ

তিনি লাখ গছপুলি ৰোপন কৰি অভিলেখ কৰা ডিব্ৰুগড়ৰ অভয়পুৰত এতিয়া আছে কেৱল শুকান ঠাৰি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2023 4:08 pm
Amrit Vriksha Andulan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিবেশ ৰক্ষাৰ বাবে নাইবা বনাঞ্চল বৃদ্ধিৰ বাবে নহয়, কেৱল মাথোঁ গীনিজ ৰেকৰ্ড কৰাৰ বাবেহে আছিল চৰকাৰৰ ‘অমৃত বৃক্ষ আন্দোলন’- এই মন্তব্য আপ অসমৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাৰ।

আজি আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত ৰাজ্যৰ শাসকীয় বিজেপি চৰকাৰৰ ‘অমৃত বৃক্ষ আন্দোলন ‘ ৰ প্ৰকৃত স্বৰূপ উদঙাইবিৰুদ্ধে সোচ্চাৰ হৈ আপৰ উপ সভাপতি জিতুল ডেকাই এই অভিযোগ উত্থাপন কৰে।

Apply Now

ডেকাই কয়, “বৃহৎ বৃক্ষৰোপন অভিযান পৰিবেশ আৰু বন বিভাগৰ উল্লেখনীয় সাফল্য বুলি প্ৰচাৰ চলাই আজি চৰকাৰে আনুষ্ঠানিক ভাবে ৯টা শাখাত বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰ গিনিজ কতৃপক্ষৰ পৰা গ্ৰহণ কৰা অনুষ্ঠান আয়োজন কৰিছে।”

চৰকাৰে এই প্ৰমাণ পত্ৰ ল’ব বিচৰা ৯ টা অভিলেখৰ অন্যতম এটা হ’ল- যোৱা ১৫ ছেপ্তেম্বৰত ডিব্ৰুগড় বন সংমণ্ডলৰ অধীনত অভয়পুৰত এঘণ্টাত ৩,৩১,৯২৯ টা গছপুলি ৰোপণ কৰি কৰা অভিলেখ।

গছপুলি ৰোপণ কৰা দুমাহ উকলি যোৱাৰ পিছত চৰকাৰৰ এই অভিলেখ সন্দৰ্ভত আপ অসমৰ ডিব্ৰুগড় জিলাৰ সভাপতি দ্বিজেন গগৈ আৰু নাহৰকটিয়া সমষ্টি সমিতিৰ সম্পাদক সুব্ৰত ভূঞাৰ নেতৃত্বত এটি দলে সেই স্থান পৰিদৰ্শন কৰিছিল।

জিতুল ডেকাই উল্লেখ কৰা মতে, দুয়োগৰাকী আপ নেতাই অভয়পুৰ সন্দৰ্ভত যি তথ্য প্ৰদান কৰিলে সেয়া ছবিয়ে হতবাক কৰি তুলিব অসমৰ ৰাইজক। চৰকাৰে ডিব্ৰুগড়ৰ অভয়পুৰত বৃক্ষৰোপন কৰা স্থানত ৰোপন কৰা ৯০ শতাংশ গছপুলিয়ে এতিয়া মৰি গৈছে বুলি উল্লেখ কৰে ডেকাই।

সংবাদ মেলত আপ নেতাগৰাকীৰ দাবী, কেৱল শুকান গছপুলি আৰু বাঁহৰ কামিৰে ভৰি আছে অভিলেখ সৃষ্টি কৰা অঞ্চল। চৰকাৰৰ উদ্দেশ্য যে কেৱল গীনিজ ৰেকৰ্ড কৰা, পৰিবেশ ৰক্ষা কৰা নহয় সেয়া এই কথাই প্ৰমাণ কৰিছে বুলি বিজেপি চৰকাৰক সমালোচনা কৰে জিতুল ডেকাই।

কাকতত বিজ্ঞাপন দি এনে অভিলেখৰ বাবে বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু চৰকাৰৰ বন বিভাগে প্ৰমাণ পত্ৰ দিবলৈ লাজ পাব লাগে বুলিও আপ নেতাগৰাকীয়ে কটাক্ষ কৰে।

অমৃত বৃক্ষ আন্দোলনেৰে বিশ্ব অভিলেখ কৰা বুলি গৌৰৱ কৰা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই যোৱা দুমাহৰ আগতে ৰোপন কৰা গছ পুলি সমূহ বৰ্তমান কি অৱস্থাত আছে বন বিভাগক সুধিছেনে বুলিও তেওঁ প্ৰশ্ন কৰে।

যিহেতু চৰকাৰক কেৱল গীনিজ ৰেকৰ্ড কৰা প্ৰমাণ পত্ৰ লাগে, সেয়ে লাখ লাখ গছপুলি ৰোপন কৰি গছপুলি সমূহ মাৰি পেলোৱা ৰেকৰ্ডৰ বাবেও গীনিজ কতৃপক্ষক আবেদন জনাব পাৰে বুলি চৰকাৰলৈ বিদ্ৰুপাত্মক পৰামৰ্শ আগবঢ়ায় তেওঁ।

তেতিয়া চৰকাৰৰ ৰেকৰ্ডৰ সংখ্যা আৰু এটা বৃদ্ধি হ’ব। বন আৰু পৰিবেশ ৰক্ষাৰ নামত চৰকাৰৰ এনে আন্তৰিকতাহীন কাৰ্যক ধিক্কাৰ দিছে আপ, অসমে । আজিৰ সংবাদ মেলত ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আমিৰ হুছেইনো উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd