NORTHEAST NOW (Assamese)

এজনৰ অৱস্থা গুৰুতৰ, আক্ৰান্ত চি আৰ পি এফ জোৱান।।গুৱাহাটী বিস্ফোৰণৰ আপদে’ট।।

May 15, 2019 8:27 pm · অনিৰ্বাণ পাঠক
Updated: May 16, 2019 1:08 pm

গুৱাহাটী চেন্ত্ৰেল শ্বপিং মলৰ সমীপত বুধবাৰৰ গ্ৰেনেদ বিস্ফোৰণত চি আৰ পি এফ আৰু এচ এচ বিৰ জোৱানৰ লগতে আহত হৈছে দুজন অসামৰিক লোক।

আহত এজনৰ অৱস্থা সংকটজনক। আহতকেইজনক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল, নেমকেয়াৰ আৰু কে জি এম টি হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে।

আহতসকলৰ দুজন এচ এচ বি জোৱান ৰমেশ লাল আৰু অমূল্য লালন। দুগৰাকী অসামৰিক লোকক অমিত খাচাৰ আৰু ৰিচা খাচাৰ বুলি চিনাক্ত কৰা হৈছে।

আহতৰ সংখ্যা আৰু বঢ়াৰ আশ্ংকা কৰা হৈছে।

ঘটনাস্থলীত বৰ্তমান আৰক্ষী সঞ্চালকপ্ৰধান কুল শইকীয়া আহি উপস্থিত হৈছে।

গ্ৰেনেড বিস্ফোৰণ সংঘটিত হোৱা স্থানৰ পৰা কিছু দুৰ আতৰত আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই আছিল। আৰক্ষীৰ তালাচীৰ মাজতে অচিনাক্ত দুৰ্বিত্তই গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰে।

আৰক্ষীয়ে গোটেই অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। মহানগৰ আৰক্ষী আয়ুক্তই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ পাছত কাৰ হাত আছে সেই সম্পৰ্কে এতিয়ালৈ জানিব পৰা হোৱা নাই বুলি মন্তব্য কৰে।

অসমৰ মুখ্য মন্ত্ৰীয়ে গ্ৰেনেড বিস্ফোৰণৰ ঘটনাক গৰিহনা দিয়াৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে। অসম আৰক্ষীৰ বোমা বিশেষজ্ঞৰ দল আৰু ফৰেনচিক বিশেষজ্ঞৰ দলে ঘটনাস্থলীত উপস্থিত হৈ বিস্ফোৰকৰ নমূনা সংগ্ৰহ কৰিছে।

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু বিজেপিৰ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী ববিতা শর্মাইও ঘটনাস্থলী পৰিদৰ্শন কৰে। ভট্টাচাৰ্য্যই ঘটনাটোৰ বাবে আৰক্ষীক দোষাৰোপ কৰে। তেওঁ কোৱা মতে মহানগৰীত চেক পোষ্টৰ সংখ্যা বঢ়াৰ পাছত এনেধৰণৰ কূটাঘাত কেনেদৰে সংঘটিত হবলৈ পালে বুলি প্ৰশ্ন কৰে।

দুৰ্ঘটনাত আহত হোৱা লোকসকল হ’ল-ৰমেশ বৰ্মন (৪৫) , অমূল্য ডেকা (৩০), ফাৰডিন হাচনান ৰহমান (২১) , অমিত কুমাৰ (৪২), ৰিয়া খেৰছা (১৫), চুলতান জাহালদুৰ ৰহমান (৫২), বিজয় কুমাৰ শ্বাহ (২২) আৰু কল্যাণ বৈশ্য।

 

Related News