NORTHEAST NOW (Assamese)

মহিলা-শিশুৰ পুষ্টিৰ বাবে নতুন পুষ্টিকৰ খাদ্য: বজাৰত মোদীৰ ফটো সম্বলিত চকলেট

April 6, 2022 12:14 pm · এন ই নাও নিউজ, গুৱাহাটী

পুষ্টিৰ অভাৱত পৰা মহিলা তথা শিশুৰ বাবে সুখবৰ! পুষ্টিৰ যোগান ধৰিব পৰা এবিধ নতুন চকলেট বজাৰত মুকলি হৈছে। এই পুষ্টিকৰ চকলেটৰ এক বিশেষত্বও আছে। সেয়া হৈছে, এই চকলেটৰ আৱৰণত আছে প্ৰধানমন্ত্ৰী মোদীৰ হাস্যবদন মুখাৱয়বৰ ছবি!

এই চকলেটটোৰ আন এটা লক্ষ্যণীয় দিশো আছে। কিয়নো শাসনাধিষ্ঠ বিজেপি চৰকাৰে মুকলি কৰিছে এই চকলেট।

গুজৰাট বিজেপিয়ে পুষ্টিহীনতা থকা শিশুসকলৰ বাবে পুষ্টিৰ বাবে চীনাবাদামৰ এই বিশেষ চকলেটবিধ মুকলি কৰিছে।

গুজৰাট বিজেপিৰ মুৰব্বী চি আৰ পাটিলৰ নেতৃত্বত আৰম্ভ কৰা এই চকলেটৰ নমুনা দেওবাৰে সাংসদসকলৰ মাজত বিতৰণ কৰা হয়।

প্ৰধানমন্ত্ৰী মোডীৰ ফটোৰ সৈতে পেকেটবোৰত চকলেটবিধৰ উপাদানসমূহৰ বিৱৰণ উল্লেখ কৰা হৈছে।

বিজেপি সাংসদ দুষ্মন্ত সিঙে চকলেটবিধৰ পুষ্টিৰ গুণাগুণ সন্দৰ্ভত এটা টুইটো কৰিছে।

দুষ্মন্ত সিঙে টুইটটোত লিখিছে, “স্বাস্থ্যকৰ ভাৰতৰ নিৰ্মাণৰ বাবে দেশৰ মহিলা তথা শিশুৰ উপযুক্ত পোষণ হোৱা অতি জৰুৰী। দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মোজীজীৰ প্ৰেৰণাত মহিলা তথা শিশুৰ বাবে এক স্বাস্থ্যবৰ্দ্ধক চকলেট।”

টুইটটোৰ লগত সাংসদজনে নিজে এই বিশেষ চকলেটবিধ খাই থকা এখন ফটোও প্ৰচাৰ কৰিছে।

 

অৱশ্যে প্ৰধানমন্ত্ৰী মোদীৰ ফটোৰ জৰিয়তে বিজেপিৰ কৌশলী প্ৰচাৰ দেশত নতুন কথা নহয়। ইয়াৰ পূৰ্বেও সামগ্ৰী কঢ়িওৱা মোনাৰ পৰা খাদ্যৰ পেকেজিঙলৈকে মোদীৰ ফটো ব্যৱহাৰ কৰি বিজেপিয়ে কৌশলীভাৱে প্ৰচাৰ চলাইছে।

আনহাতে চলিত বছৰতে গুজৰাটত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰক আকৃষ্ট কৰিবলৈ তথা মন মুহিবলৈও বিজেপিয়ে এই চকলেটবিধ মুকলি কৰি দিছে বুলি অনুমান কৰা হৈছে।

Related News