• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ হাতলৈ গুজৰাট! আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, চকু নিবদ্ধ দেশবাসীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2022 10:17 am
Gujarat Election
139
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাজনীতিত বহুচৰ্চিত গুজৰাট বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৰাজ্যখনৰ ৮৯খন বিধানসভা আসনত ভোটদান কৰি জনসাধাৰণে নিৰ্ণয় কৰিব গুজৰাটৰ ক্ষমতা কাৰ হাতলৈ যাব। অৱশ্যে ইতিমধ্যে ধাৰাবাহিকভাৱে ছয়টাকৈ কাৰ্যকাল শাসনত অধিষ্ঠিত থকা বিজেপিয়ে সপ্তমবাৰৰ বাবে গুজৰাটৰ মচনদ দখলৰ প্ৰায় সম্ভাৱনা আছে।

১৯৯৫ চনৰ পৰা ৰাজ্যখনত শাসন চলাই অহা বিজেপিৰ বাবে এতিয়া আসনৰ সংখ্যা বৃদ্ধি কৰাটো অন্যতম লক্ষ্য হৈ পৰিছে। ২০০২ চনৰ পৰা দলটোৱে দখল কৰা আসনৰ সংখ্যা ক্ৰমে সংকুচিত হৈ আহিছে। ২০১৮ চনৰ নিৰ্বাচনত বিজেপিয়ে নিজৰ দখললৈ অনা আসনৰ সংখ্যা ১৩৭ ৰ পৰা ৯৯ লৈ হ্ৰাস পাইছে।

ৰাজ্যৰ ১৮২ খন আসনৰ ভিতৰত ১৪০ খন আসন দখলৰ লক্ষ্য নিৰ্ধাৰণ কৰি দলটোক পোনপটীয়াকৈ নিয়ন্ত্ৰণ কৰি আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ১৪০ খন আসনৰ লক্ষ্যৰে বিজেপিয়ে হাই ভল্টেজ অভিযান চলাইছে। বিজেপিৰ এই লক্ষ্যৰ সমুখত কিছু মাত্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টি, চমুকৈ আপ- এ।

ৰাজ্যখনত এইবাৰ জোৰদাৰ ৰাজনৈতিক প্ৰচাৰত নামি পৰিছে আপ। ৰাজ্যৰ জনসাধাৰণক আকৃষ্ট কৰাৰ উদ্দেশ্যে আপ- এ দিল্লী চৰকাৰৰ দৰেই জনসাধাৰণক কেইটামান বিশেষ প্ৰতিশ্ৰুতি দিছে। যোৱা সময়ছোৱাত দলটোৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে বহু দিন ৰাজ্যৰ ৰাজনীতিত দখলৰ লক্ষ্যৰে গুজৰাটত কটাইছে।

চলিত বৰ্ষৰ আৰম্ভণিতে পঞ্জাৱত লাভ কৰা ব্যাপক বিজয়ৰ দ্বাৰা উৎসাহিত হৈ আপ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক গুজৰাটক দলটোৰ পৰৱৰ্তী লক্ষ্য হিচাপে গঢ়ি তুলিছে। ইতিপূৰ্বেই কেজৰিৱালে ২০১৮ চনৰ গুজৰাটত অনুষ্ঠিত হোৱা নিৰ্বাচনত একাউণ্ট খুলিব নোৱাৰা আপে ৯২খন আসন লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে।

শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি দিল্লীত থকা দলৰ চৰকাৰৰ শাসনৰ আৰ্হিৰ আধাৰত গুজৰাট দখলৰ হাবিয়াস কৰা আপৰ মুৰব্বীগৰাকীয়ে ইতিমধ্যে কংগ্ৰেছক ধূলিস্যাত কৰিছে। ২০১৮ চনত ৭৭খন আসন লাভ কৰি ৰাজ্যখনত প্ৰধান বিৰোধী হিচাপে থকা কংগ্ৰেছৰ সম্ভাৱনা প্ৰায় শূন্য কৰি তুলিছে আপৰ জোৰদাৰ ৰাজনৈতিক প্ৰচাৰে।

ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আপৰ প্ৰত্যাহ্বান খাৰিজ কৰি “আপ গুজৰাটৰ জনসাধাৰণৰ মনতেই নাই” বুলি আপৰ শক্তিক সম্পূৰ্ণ উলাই কৰিছে। আপৰ সম্ভাৱনা নাকচ কৰি অমিত শ্বাহে কয়, “নিৰ্বাচনৰ ফলাফললৈ অপেক্ষা কৰক, হয়তো সফল প্ৰাৰ্থীৰ তালিকাত আপৰ নাম নাথাকিব।”

উল্লেখ্য যে আজি প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া ৮৯ খন আসন কুচ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ ১৯খন জিলাৰ লগতে ৰাজ্যখনৰ দক্ষিণ প্ৰান্তত বিস্তৃত হৈ আছে। আজি এই ৮৯ আসনত ৰাজ্যখনৰ আগন্তুক চৰকাৰৰ ভাগ্য নিৰ্ণয় কৰাৰ পিছত ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।৮ ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd