২০১৯ চনৰে এক মন্তব্যৰ বাবে চুৰাট আদালতৰ দ্বাৰা দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আগন্তুক দুটা বছৰৰ ঠিকনা আজি নিৰ্ণয় কৰিব গুজৰাট উচ্চ ন্যায়ালয়ে। চূড়ান্ত শুনানিৰ প্ৰায় দুইমাহৰ পিছত আজি এই গোচৰৰ ৰায়দানৰ বাবে সাজু হৈছে গুজৰাট উচ্চ ন্যায়ালয়।
উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এক সভাত নিজ বক্তব্যত ৰাহুল গান্ধীয়ে ‘সকলো চোৰৰ উপাধি মোদী কিয় হয়’ বুলি মন্তব্য কৰিছিল। ইয়াৰ পিছতে বিজেপিৰ বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে দাখিল কৰিছিল এজাহাৰ।
পূৰ্ণেশ মোদীৰ এই এজাহাৰৰ ভিত্তিত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। চলিত বৰ্ষৰ মাৰ্চ মাহত এই গোচৰৰ ৰায়দান কৰি চুৰাট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে আৰু তেওঁক দুবছৰৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰে।
অৱশ্যে আদালতে কংগ্ৰেছ নেতাগৰাকীক জামিন মঞ্জুৰ কৰি ৩০ দিনৰ বাবে শাস্তি স্থগিত ৰাখে আৰু এই ৰায়ৰ বিৰুদ্ধে আপীল কৰিবলৈ অনুমতি দিয়ে। পিছত চুৰাট আদালতৰ এই ৰায়ক গুজৰাট উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাই কংগ্ৰেছ নেতাগৰাকীয়ে।
ইফালে চুৰাট আদালতৰ ৰায়ৰ পিছতে তৎকালীনভাৱে লোকসভা সচিবালয়ে খাৰিজ কৰিছিল ৰাহুল গান্ধীৰ সাংসদ পদ। গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। কংগ্ৰেছকে ধৰি দেশৰ বিৰোধী শক্তিয়ে গান্ধীৰ সাংসদ পদ খাৰিজক কেন্দ্ৰ কৰি তীব্ৰ আক্ৰমণ চলাইছিল শাসকীয় বিজেপিক।
এতিয়া চুৰাট আদালতৰ এই ৰায়ক গুজৰাট উচ্চ ন্যায়ালয়ে বাহাল ৰাখে নে এই ৰায় খাৰিজ কৰি ৰাহুল গান্ধীৰ পক্ষত ৰায় প্ৰদান কৰে, সেয়া হ’ব লক্ষণীয়।