পৰীক্ষা কেলেংকাৰী! অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা স্বতন্ত্ৰ তদন্তৰ দাবী গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ

গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাই নিজৰ কাৰ্যালয়ত এখন জৰুৰী বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ আহ্বান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত শেহতীয়াভাৱে ধৰা পৰা পৰীক্ষা কেলেংকাৰী সম্পৰ্কে বিশদভাৱে আলোচনা কৰে আৰু সমগ্ৰ ঘটনাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।

সভাত উপস্থিত সকলোৱে একমুখে সমগ্ৰ ঘটনা সম্পৰ্কত গভীৰ উদ্বেগ প্রকাশ কৰে আৰু ঘটনাৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ হোৱা সমগ্ৰ পৰিস্থিতিটোৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা স্বতন্ত্ৰ তদন্ত কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক দাবী জনায়।

আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন অনুসৰি পৰীক্ষা ব্যৱস্থাটো চলিছে নে নাই তাকো পৰীক্ষা কৰিবলৈ সংস্থাই দাবী জনায়।

লগতে পঢ়কঃ বানত বুৰ যোৱা কাজিৰঙাত তিনিদিনত ১১টা জীৱ-জন্তুৰ মৃত্যু, ৬৫টাক উদ্ধাৰ

সভাত গ্ৰহণ কৰা আন এটি প্রস্তাৱ যোগে সংস্থাই পৰীক্ষা সংক্ৰান্তীয় সকলো কামৰ ৰেকৰ্ড ৰখাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে ২০২২ চনলৈ দায়িত্ব দিয়া বাহ্যিক সংস্থা আই ইউ এম এছ (IUMS)ক সমগ্ৰ ঘটনাৰ বাবে জবাবদিহি কৰি সংশ্লিষ্ট সকলোকে সকলো কথা পৰিষ্কাৰ কৰি দিবলৈ দাবী জনায়।

উল্লেখ্য যে আই ইউ এম এছ নামৰ সংস্থাটোক গুৱাহাটী বিশ্ববিদ্যালয়ে ২০১৭-২২ সময়ছোৱাৰ বাবে পৰীক্ষাৰ ৰেকৰ্ড ইত্যাদি কামৰ বাবে নিয়োজিত কৰিছিল আৰু তেওঁলোকৰ লগত চুক্তিৰ ম্যাদ ইতিমধ্যে শেষ হৈছে। গতিকে এই সময়ছোৱাৰ ভিতৰৰ যিবোৰ খেলিমেলি ধৰ৷ পৰিছে সেইবোৰ সকলো৷ পক্ষকে সন্তুষ্ট কৰাকৈ ঠিক কৰিব লাগে যাতে পৰীক্ষা পদ্ধতিটোৰ পৰিচালনা সম্পৰ্কত ভবিষ্যতে কোনো ধৰণৰ প্রশ্নৰ অৱতাৰণা নহয়।

লগতে পঢ়কঃ ‘এ ফ’ৰ আসাম’ বুলি কোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী এতিয়া ক’ত?

ইপিনে, উল্লেখ কৰা আটাইবোৰ দাবী গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাই  বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছে আৰু উপাচাৰ্যই প্ৰয়োজন অনুসৰি সকলো দাবীৰ ক্ষেত্ৰত জৰুৰী ব্যৱস্থা ল’ব বুলি সংস্থাৰ সভ৷পতি অধ্যাপক ডঃ তৰণী ডেকা আৰু সম্পাদক ডঃ সুভাষ মেধিক আশ্বাস দিছে।