• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত গুৱাহাটী মহানগৰী: অস্বাস্থ্যকৰ হৈ পৰিছে মহানগৰীৰ পৰিৱেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2026 8:26 am
79
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৌদিশে ধূলিৰ আচ্ছাদন আৰু যান-বাহনৰ ধোঁৱাই উশাহ ল’বলৈ কষ্টকৰ কৰি তুলিছে গুৱাহাটী মহানগৰীৰ পৰিৱেশ। বৰ্তমান এক ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত পৰিছে ৰাজ্যৰ প্ৰধান চহৰখন। চলিত ফেব্ৰুৱাৰী মাহত মহানগৰীৰ বায়ুৰ মান সূচকাংক (AQI) উদ্বেগজনকভাৱে অৱনমিত হৈ বিপজ্জনক স্তৰৰ ওচৰ পাইছেগৈ। বিশেষকৈ চৌদিশে চলি থকা নিৰ্মাণকাৰ্য, নীতি-নিয়মৰ উলংঘন আৰু শীতকালৰ শুকান বতৰৰ বাবে সৃষ্টি হোৱা এই প্ৰদূষণে এতিয়া মহানগৰীবাসীৰ স্বাস্থ্যৰ প্ৰতি এক গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি, যোৱা ১৬ ফেব্ৰুৱাৰীত বায়ুৰ মান সূচকাংক সৰ্বাধিক ২৯৪-লৈ বৃদ্ধি পাইছিল। পহিলা ফেব্ৰুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ, ৫ ফেব্ৰুৱাৰীত আৰু ১২-১৬ ফেব্ৰুৱাৰীলৈ এই সূচকাংক ২০১-৩০০ ৰ ভিতৰত আছিল, যিটোৱে ‘বেয়া’ (Poor) অৱস্থাক সূচায়। আনহাতে, ১৭-২২ ফেব্ৰুৱাৰীলৈ ই ‘মধ্যমীয়া’ (Moderate) অৱস্থা ১০১-২০০ ৰ ভিতৰলৈ ঘূৰি আহে।

Apply Now

উল্লেখ্য যে গুৱাহাটীৰ বায়ুত থকা ১০ মাইক্ৰ’মিটাৰ বা তাতকৈ সৰু আকাৰৰ ধূলিকণাৰ (PM 10) প্ৰধান উৎসসমূহৰ ভিতৰত ধূলি আৰু নিৰ্মাণ কাৰ্যৰ পৰা ৩২ শতাংশ, গাড়ীৰ ধোঁৱাৰ পৰা ১৯ শতাংশ, কল-কাৰখানাৰ ধোঁৱাৰ পৰা ১৬ শতাংশ আৰু কাঠ, কয়লা বা জৈৱ ইন্ধনৰ ধোঁৱাৰ পৰা ৯ শতাংশ সৃষ্টি হয়। আনহাতে, ২.৫ মাইক্ৰ’মিটাৰ বা তাতকৈ সৰু আকাৰৰ অতি সূক্ষ্ম তথা অধিক ক্ষতিকাৰক ধূলিকণাৰ (PM 2.5) ক্ষেত্ৰত গাড়ী-মটৰৰ ধোঁৱাৰ পৰা সৰ্বাধিক ৫২ শতাংশ সৃষ্টি হয়। ইয়াৰ লগতে ব্যৱসায়িক ৰন্ধন আৰু ঘৰৰ পৰা ১৬ শতাংশ, পথৰ ধূলিৰ পৰা ১৬ শতাংশ, কল-কাৰখানাৰ ধোঁৱাৰ পৰা ৬ শতাংশ, নিৰ্মাণ কাৰ্যৰ পৰা ৪ শতাংশ আৰু খৰি, গছৰ পাত, জাবৰ আদি জ্বলোৱাৰ পৰা ৩ শতাংশ ধূলিকণা নিৰ্গত হয়।

সাম্ভাব্য বৰষুণ সন্দৰ্ভত বতৰ বিজ্ঞানীয়ে সদৰী কৰা মতে, আগন্তুক পাঁচ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসম, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ কিছু স্থানত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। অৱশ্যে, গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত বৰষুণৰ পৰিৱৰ্তে আগন্তুক সাত দিনলৈ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰহে সম্ভাৱনা অধিক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd