• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সামাজিক দূৰত্বই গুৱাহাটীত হেৰুৱালে চিটি বাছৰ হেণ্ডিমেনৰ বিখ্যাত চিঞৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 5, 2020 5:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দাদা বাইদেউ উঠি ল’ব,,,,,,, হেণ্ডিমেনৰ মুখত এই চিঞৰকেইটা এতিয়া শুনিবলৈ পোৱা নাযায় গুৱাহাটীৰ চিটী বাছত।  কিয়নো এতিয়া গুৱাহাটীৰ চিটীবাছ অথবা অন্যান্য যাত্ৰীবাহী বাহনত নাই যাত্ৰীৰ ভিৰ।

পূৰ্বতে গুৱাহাটীৰ ৰাজপথত দৈনিক ৩০০-৪০০ চিটী বাছ চলিলেও এতিয়া নামমাত্ৰ চিটীবাছৰহে চলাচল দেখিবলৈ পোৱা গৈছে।

Apply Now

চৰকাৰে ৫০ শতাংশ যাত্ৰীৰে বাণিজ্যিক যাত্ৰীবাহী চলাচলৰ অনুমতি দিলেও বাহনৰ তেল ভৰাবলৈয়ো নুজুৰে সেই ধন।

‘আমাৰ লোকচান মানে দিনটো গাড়ী চলাই তেল ভৰাবলৈ পইচাই নুজুৰে। সেইকাৰণে বহুতে চিটিবাছ চলোৱাটোৱেই বাদ দিছে।‘ মোহিত নামৰ এজন চিটিবাছ চালকে এইদৰে কয়।

আন এগৰাকী মেজিক চালক গোপালে আমাৰ সাংবাদিকৰ আগত কয় ‘আমাৰ নাওখন ডুবু ডুবু হৈছে। দিন বেয়াৰ ফালে গৈ আছে। য’ত পূৰ্বে ১০ ৰ পৰা ১২ গৰাকীকৈ যাত্ৰী মেজিকত উঠাইছিলো। এতিয়া মাত্ৰ ৪-৫ জনহে উঠাব পাৰো। কেতিয়াবা যাত্ৰীয়ে নাপাওঁ।‘

আনকি, বহু গাড়ীচালক অথবা হেণ্ডিমেনে জীৱনৰ পথ সলাই এতিয়া শাক-পাছলি অথবা ফলমূলৰ ব্যৱসায়ত নামি পৰা দেখা গৈছে। ইয়াৰোপৰি, কোনো কোনোৱে নিজকে নলা চাফা কৰা কামত নিযোগ কৰিছে। ৰাজ্যত ২০ লক্ষাধিক লোক এনে বানিজ্যিক বাহনৰ সৈতে জড়িত হৈ আছিল যদিও বহুতে এতিয়া হেৰুৱাইছে সংস্থাপন।

এই সন্দৰ্ভত সদৌ অসম মটৰ পৰিবহন সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ দাসে কয়, ‘গাড়ীৰ চালক হেণ্ডিমেনে ক’ৰবাৰ পৰা মাছ আনি বা শাক-পাছলি আনি বিক্ৰী কৰিছে। গুৱাহাটীৰ ৫০ শতাংশ চিটিবাছৰ চালক হেণ্ডিমেনে এতিয়া গাড়ী চলোৱা এৰি মাছ মাংস ব্যৱসায়ত ধৰিছে।‘

মুঠৰ ওপৰত এতিয়া চৰম হতাশাৰ সন্মুখীন হৈছে পৰিবহন মটৰ সন্থাৰ অধীনৰ ব্যৱসায়িক বাহনসমূহ। আনহাতে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ পেকেজে ৰাজ্যৰ পৰিবহন উদ্যোগটোক স্পৰ্শ নকৰাৰ অভিযোগ আনিছে সদো অসম মটৰ পৰিবহন সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ দাসে।

লকডাউনৰ সময়ত দেওলীয়া অৱস্থাৰ সন্মুখীন হোৱা স্বত্ত্বেও চালক হেণ্ডিমেন অথবা কৰ্মচাৰীয়ে কোনো চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।

দাসে কয় ‘চৰকাৰে পৰিবহন উদ্যোগটো ধ্বংস কৰাৰ উপক্ৰম হৈছে। যদিও ক’ৰ’নাই ধ্বংস কৰিছে তাতকৈ বেছি চৰকাৰে ধ্বংস কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ২০ হাজাৰ কোটি টকাৰ পেকেজৰ এটকাও ৰাজ্যৰ পৰিবহন বিভাগত খৰচ কৰা নেদেখিলো। আনকি চালক-হেণ্ডিমেনকো আৰ্থিক সাহায্য দি সহায় কৰা পৰিলক্ষিত নহ’ল।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd