NORTHEAST NOW (Assamese)

আলফা নেতাৰ সৈতে ‘অবৈধ সম্পৰ্ক’ৰ পৰিণতিত আৰক্ষীৰ জালত শিৱসাগৰৰ মহিলা

May 16, 2019 10:22 pm · এন ই নাও নিউজ
জাহ্নৱী শইকীয়া। উৎস-ফেইচবুক

গুৱাহাটীৰ জুৰোডত বুধবাৰে সন্ধিয়া সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত জৰিত থকাৰ অভিযোগত আৰক্ষীৰ জালত পৰা শিৱসাগৰৰ ৪৮ বছৰীয়া মহিলাগৰাকীৰ এজন আলোচনাপন্থী আলফা নেতাৰ লগত থকা অবৈধ সম্পৰ্কৰ কথা পোহৰলৈ আহিছে

আৰক্ষী সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত থকা সন্দেহত জাহ্নৱী শইকীয়া নামৰ মহিলাগৰাকীক আটক কৰে। আটক কৰা মহিলাগৰাকীৰ আলোচনাপন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰুৰ লগত অবৈধ সম্পৰ্ক থকা বুলি অভিযোগ উঠিছে

বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা জাহ্নৱীৰ পাঞ্জাবাৰীত থকা বাসগৃহলৈ ৰাজগুৰু প্ৰায়ে আহি থকা বুলি খবৰ পোৱা গৈছে

ঘৰৰ মালিকে উল্লেখ কৰা মতে জাহ্নৱীয়ে ভাৰাঘৰত ঘৰুৱা কামৰ সহায়কাৰীৰ লগত থাকে

অভিনেত্ৰী হিচাপে অলপঅচৰপ চিনাকী থকা জাহ্নৱীৰ পতি ড০ অমিত শইকীয়াৰ লগত আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হোৱা নাই যদিও দুয়ো বহু বছৰৰ পৰা পৃথকে পৃথকে থাকে। জাহ্নৱীৰ পতি অমিত শইকীয়া নাজিৰাৰ এখন চিকিৎসালয়ত কৰ্তব্যৰত হৈ আছে

জাহ্নৱীয়ে টিভিত অভিনয় কৰাৰ উপৰিও কবিতাও লিখে। তেওঁ লিখা বহুকেইটা কবিতা ফে’চবুকত ৰাজগুৰুৰ নামত উচৰ্গা কৰিছিল

দুটা সন্তানৰ মাতৃ জাহ্নৱীয়ে ২০১২ চনতে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ আহি ভালেমান ঠাইত ভাড়াঘৰ লৈ আছিল

গুৱাহাটীলৈ অহাৰ পূৰ্বে জাহ্নৱীয়ে শিৱসাগৰত এটা কম্পিউটাৰ প্ৰতিষ্ঠান চলোৱাৰ লগতে বীমা কোম্পানিত কাম কৰিছিল

Related News