আলফা-স্বাধীন সংঘটিত গুৱাহাটীৰ শেহতীয়া গ্ৰেনে’দ বিস্ফোৰণৰ দৰে কাম বন্ধ কৰিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে হীৰেন গোহাঁয়ে।
গুৱাহাটী প্ৰে’ছ ক্লাবত ’হৈ চৈ’ শীৰ্ষক এখন শ্ৰব্য চিদি উন্মোচনৰ পিছতে মঙলবাৰে বিদ্ৰোহী সংগঠনটোক এই আহ্বান জনায় বৰ্ষীয়ান বুদ্ধিজীৱীজনে।
“মই তেওঁলোকক অনুৰোধ কৰো যাতে এইধৰণৰ কাম-কাজ বন্ধ কৰক। তেওঁলোকেও ভাবি চাওক। এইটো বৰ ক্ষতিকাৰক ৰাস্তা হ’ব বুলি মই ভাবো,” গোহাঁয়ে কয়।
পৰেশ বৰুৱাই “শত্ৰু”ৰ ওপৰত আক্ৰমণৰূপে ঘটনাটোৰ ন্যায্যতা প্ৰতিপন্ন কৰিব খোজাৰ বিপৰীতে গোহাঁয়ে বিস্ফোৰণটোৰ বাবে সংগঠনটোক দায়ী কৰিছে।
“তেওঁলোকে বজাৰ কৰিব আহিছিল বা অন্য কামত আহিছিল। সেইবিলাক মানুহৰ প্ৰাণ হৰণ কৰা একেবাৰে গ্ৰহণযোগ্য নহয়। য’ত এখন বজাৰ থাকে, মানুহ অহা-যোৱা কৰি থাকে, তাত বোমা বিস্ফোৰণ কৰিলে এনেকুৱা ঘটনা হ’বই।”
ঘটনাটোত অসামৰিক লোক আহত হোৱা বাবে আলফা-স্বাঃ সেনাপ্ৰধানজনে ইতিমধ্যে দুখ প্ৰকাশ কৰিছে।
কিন্তু বুদ্ধিজীৱী গোহাঁয়ে বিদ্ৰোহী সংগঠনটোৰ যুদ্ধৰ “পদ্ধতি”টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
আপোনালোকৰ যুদ্ধৰ পদ্ধতি এনেকুৱা কিয় বুলি সংগঠনটোক প্ৰশ্ন কৰি গোহাঁয়ে কয়, “এনেকুৱা ঘটনাত যিবোৰ মানুহ নিহত হয়, সেইবোৰ আপোনালোকৰ শত্ৰু নহয়। তেওঁলোক সাধাৰণ মানুহ আৰু জাতিৰে মানুহ।”
তেওঁ লগতে কয় যে বিস্ফোৰণত আহত নিৰীহ লোকসকলে আলফাৰ বিৰোধিতা কৰাৰ প্ৰশ্নই নাহে।
“স্বাধীন অসম” প্ৰসংগৰ লগতে আলফাৰ ৰণনীতি আৰু কৌশলক লৈ কেইবাদশকধৰি পৰেশ বৰুৱা আৰু গোহাঁইৰ মাজত বিভিন্ন সময়ত তৰ্ক হৈ আহিছে। কিন্তু মতানৈক্যৰ পিছতো দুয়োৱে পৰস্পৰৰ প্ৰতি সদিচ্ছা বজাই চলা দেখা যায়।
“স্বাধীন অসম বাঞ্চনীয়, কিন্তু অসম্ভৱ” বুলি কোনো সময়ত গোহাঁয়ে নিজৰ মত প্ৰকাশ কৰি অহাৰ বিপৰীতে পৰেশ বৰুৱা সাৰ্বভৌমত্বৰ প্ৰশ্নত নিৰৱচ্ছিন্নভাৱে অটল।
২০১০ চনত গোহাঁইৰ নেতৃত্বত আয়োজিত “সন্মিলিত জাতীয় অভিৱৰ্তন”ত গৃহীত প্ৰস্তাৱৰ আধাৰতে বৰ্তমানৰ আলফা-ভাৰত চৰকাৰ শান্তি আলোচনা চলি আছে।
অভিৱৰ্তনৰ উদ্যোগক লৈ মূলতঃ গোহাঁইৰ সৈতে বৰুৱাৰ তৰ্ক হৈছিল।
অভিৱৰ্তনখনত অসমৰ প্ৰায় সকলো দল-সংগঠন, জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্ব আৰু বহুসংখ্যক প্ৰখ্যাত ব্যক্তিৰ পৰামৰ্শৰ “ভিত্তিত” আলোচনাৰ দাবী চনদখন প্ৰস্তুত হৈছিল।
তদানীন্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ হাতত অভিৱৰ্তনৰ প্ৰস্তাৱসমূহ প্ৰদান কৰি পূৰ্বে ঘোষণা কৰাৰ অনুসৰি উদ্যোক্তাসকলে আলফা-চৰকাৰৰ আলোচনাৰ বাবে ঠাই এৰি নিজে আঁতৰি আহে।
আলোচনাটো “চূড়ান্ত” পৰ্য্যায়ত থকা বুলি যোৱা বছৰৰ ৭ এপ্ৰিলত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে গুৱাহাটীত প্ৰকাশ কৰিছিল যদিও তাৰ কোনো অগ্ৰগতি পৰিলক্ষিত হোৱা নাই।
আলফাৰ প্ৰায়সকল প্ৰবীন আৰু শীৰ্ষ নেতাই আলোচনাটোত ভাগ লোৱাৰ বিপৰীতে আলফা-স্বাধীনৰ জৰিয়তে বৰুৱাই “সাৰ্বভৌমত্বৰ সংগ্ৰাম” বৰ্তাই ৰাখিছে।
আলফাৰ “কাকপথাৰ কেম্প” আৰু পিছত যোগ হোৱা সভাপতি অৰৱিন্দ ৰাজখোৱা আদিয়ে ২০১১ চনৰ পৰা এক গোটৰূপে আলোচনাত ভাগ লৈ আহিছে। বাংলাদেশৰ পৰা ওভতাৰ পিছত প্ৰতিষ্ঠাপক সম্পাদক অনুপ চেতিয়ায়ো চলিত প্ৰক্ৰিয়াটোত যোগ দিছে।
“স্বাধীনতাৰ দাবী” পৰিহাৰ কৰি কাকপথাৰ কেম্পে ২০০৮ত নিজাববীয়া অস্ত্ৰবিৰতি ঘোষণাৰে মেজলৈ অহাৰ বিপৰীতে বাংলাদেশে ভাৰতক গতাই দিয়াৰ পিছত বাকী নেতাসকল প্ৰক্ৰিয়াটোত চামিল হৈছে।