যোৱা ৪ অক্তোবৰত ৯ গৰাকীকৈ এ পি এছ চি কেলেংকাৰীত অভিযুক্ত ৯ গৰাকীকৈ ৰাজপত্রিত বিষয়াই জামিন লাভ কৰাৰ পিছত আজি পুনৰ উক্ত কেলেংকাৰীত অভিযুক্ত আন ৫ গৰাকী অভিযুক্তক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে।
জামিন পোৱা অভিযুক্ত বিষয়া কেইগৰাকী হৈছে ক্ৰমে হিমাংশু চৌধুৰী, অনিৰূদ্ধ ৰয়, ৰাজু চাহু, আৰু জয়ন্ত নাথ। ইয়াৰ পিছতে এতিয়া এ পি এছ চি কেলেংকাৰীত জামিনপ্ৰাপ্ত বিষয়াৰ সংখ্যা ১৭ গৰাকীলৈ বৃদ্ধি পায়।
আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্ত ৰাজপত্রিত বিষয়া জয়দেৱ মহন্ত আৰু নিশামণি ডেকাৰ জামিন নাকচ কৰে।
অহা ১১ অক্তোবৰত ন্যায়ালয়ে পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে এ পি এছ চি কেলেংকাৰীত এ পি এছ চিৰ অধ্যক্ষ ৰাকেশ পালকে ধৰি মুঠ ৫৪ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।