NORTHEAST NOW (Assamese)

আৰ টি আই কৰ্মী দুলাল বৰাৰ বিলাসী অট্টালিকা উচ্ছেদৰ ক্ষেত্ৰত ন্যায়ালয়ৰ স্থগিতাদেশ

May 6, 2020 7:00 pm · কল্পজ্যোতি শইকীয়া
Updated: May 6, 2020 7:31 pm
ফ'টো- নৰ্থ ইষ্ট নাও

বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাৰ বাসগৃহ ভঙাৰ ক্ষেত্ৰত বুধবাৰে বিয়লি ভাগত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

ন্যায়ালয়ে অহা ১২ মে’ত এই বিষয়ত এক শুনানি অনুষ্ঠিত হ’ব বুলি কোৱাৰ লগতে কিয় আজি গৃহটো ভঙা হ’ল তাৰ কাৰণ দৰ্শাবলৈ গুৱাহাটী পৌৰ নিগমক নিৰ্দেশ দিয়ে।

আজি পুৱা প্ৰায় ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে বৰাৰ ৰূক্মিণী গাওঁস্থিত তিনিমহলীয়া অট্টালিকাত উচ্ছেদ অভিযান চলাইছিল।

উচ্ছেদ অভিযান চলাৰ সময়তে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল দুলাল বৰাৰ অধিবক্তাই।

লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ২১৬৪/২০২০ গোচৰ ৰুজু কৰে। তাৰ পাছতে দুলাল বৰাৰ তিনি মহলীয়া বিলাসী অট্টালিকাটো উচ্ছেদৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰে।

গুৱাহাটী পৌৰ নিগমৰ এক উচ্চস্তৰীয় সূত্ৰই জনোৱা মতে বৰাই পৌৰ নিগমৰ পৰা কোনোধৰণৰ অনুমতি নোলোৱাকৈ গৃহটো নিৰ্মাণ কৰিছিল।

বৰাক দীৰ্ঘদিন ধৰি গৃহ নিৰ্মাণৰ অনুমতি পত্ৰ দেখুৱাবলৈ কৈ আহিছিল গুৱাহাটী পৌৰ নিগমে, কিন্তু বৰাই অনুমতি পত্ৰ দেখুওৱাৰ পৰা বিৰত আছিল বুলি সূত্ৰটোৱে অভিযোগ কৰে।

উল্লেখযোগ্য যে, বৰাৰ বিৰুদ্ধে বিভিন্ন সময়ত আৰ টি আই শক্তিৰ অপপ্ৰয়োগ কৰি উচ্চপদস্থ বিষয়াক ব্লেক মেইলিঙৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

ৰাজ্যৰ বহু কেইখন থানাত তেওঁৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৰুজু হৈ আছে।

যোৱা ১৭ মাৰ্চত খানাপাৰা কইনাধৰাস্থিত তিনিমহলীয়া বাসগৃহত উচ্ছেদ চলাইছিল প্ৰশাসনে। তাৰ পাছৰে পৰা বৰাৰ পৰিয়ালে আজি পৌৰ নিগমে উচ্ছেদ চলোৱা ঘৰটোত থাকি আহিছিল।

লগতে পঢ়ক বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাৰ তিনিমহলীয়া বিলাসী অট্টালিকাত বুলডেজাৰৰ আঁচোৰ

Related News