NORTHEAST NOW (Assamese)

গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ; বৰ্ষাপাৰাত প্ৰথমবাৰৰ বাবে এদিনীয়া আৰু টি-২০ৰ সম্পূৰ্ণ শৃংখলা

December 17, 2018 5:46 pm · এন ই নাও নিউজ
ইণ্টাৰনেটৰ পৰা সংগৃহীত

অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ। বিৰাট কোহলি কিম্বা ৰোহিত শৰ্মাৰ দৰ্শনীয় বেটিং ষ্টাইল নহয় এইবাৰ অসমৰ ক্ৰিকেটপ্ৰেমীয় দেখিবলৈ পাব আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটৰ চাঞ্চল্য তথা ভাৰতীয় মহিলা ক্ৰিকেটৰ তাৰকা হৰমনপ্ৰীত কৌৰ, মিঠালি ৰাজৰ দৰে ক্ৰিকেটাৰৰ চমক।

জানিব পৰা মতে গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অহা ফেব্ৰুৱাৰি-মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব এটি মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাটো ১৪ ফেব্ৰুৱাৰিৰ পৰা ১০ মাৰ্চলৈ চলিব।

১৬ ডিচেম্বৰত অনুষ্ঠিত অসম ক্ৰিকেট সন্থা চমুকৈ এ চি এৰ গভৰ্ণিং ব’ডীৰ সভাতে ক্ৰিকেট শৃংখলাটো গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অসমলৈ ২১ দিনৰ ভ্ৰমণসূচী লৈ আহিবলগীয়া ঘৰুৱা দল ভাৰত আৰু ইংলেণ্ডে শৃংখলাটোত তিনিখনকৈ টি-২০ আৰু তিনিখন আন্তৰ্জাতিক এদিনীয়া ক্ৰিকেটত প্ৰতিদ্বন্দ্বিতা কৰিব। এ চি এৰ গভৰ্ণিং ব’ডীৰ সভাৰ অন্ততে এই কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

উল্লেখ্য যে এই শৃংখলাটো অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আয়ে অসম ক্ৰিকেট সন্থাক অনুৰোধ জনাইছিল আৰু কালি অনুষ্ঠিত গভৰ্ণিং ব’ডীৰ সভাৰ অন্তত শৃংখলাটো গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

Related News