DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত সংবাদমেল পাতি কংগ্ৰেছে দেশৰ সুৰক্ষাক লৈ খেলাৰ অভিযোগ যোগী আদিত্যনাথৰ

অনুপ শর্মা by অনুপ শর্মা
December 17, 2018 5:52 pm
17-12-18 Guwahati- Yogi Adityanath pmt (8)

গুৱাহাটীত উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথৰ সংবাদমেল। ফটো : ইউ বি

474
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে সোমবাৰে গুৱাহাটীত কংগ্ৰেছৰ বিৰুদ্ধে দেশৰ সুৰক্ষাক লৈ খেলাৰ অভিযোগ অনাৰ লগতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক দেশৰ জনসাধাৰণৰ ওচৰত ক্ষমা খোজাৰ দাবী তোলে।

সমগ্ৰ দেশজুৰি ৰাফাল চুক্তি সন্দৰ্ভত বিজেপি ৭০ খন সংবাদমেল অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ অংশ হিচাপে সোমবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি যোগী আদিত্যনাথে কয় যে কংগ্ৰেছ নেতৃত্বাধীন য়ুপিএ চৰকাৰৰ দিনত সম্পন্ন হোৱা বেছিভাগ প্ৰতিৰক্ষা চুক্তিৰ দৰে ৰাফাল চুক্তিত কোনো মধ্যভোগী বা এজেন্ট নাই।

‘’ কাৰ্গিল যুদ্ধৰ পাছত ভাৰতীয় সেনাৰ কৌশলগত প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি ৰাফাল চুক্তিৰ ব্যৱস্থা কৰা হৈছিল। অৱশ্যে, ২০০৪ চনত কংগ্ৰেছ নেতৃত্বাধীন য়ুপিএ চৰকাৰ ক্ষমতালৈ অহাৰ পাছত চুক্তিখন সম্পাদন নকৰি ২০০৭ চনৰ পৰা ২০১৪ চনলৈ বিলম্ব কৰি দেশৰ সুৰক্ষা বিষয়ত আপোচ কৰিছিল। এই বিলম্বৰ আঁৰৰ কাৰণ আছিল হয়তো ইয়াত কোৱাট্ৰচি বা খ্ৰীষ্টিয়ান মাইকেলৰ দৰে কোনো মধ্যভোগী নাছিল,’’-আদিত্যনাথে কয়।

‘’এতিয়া উচ্চতম ন্যায়ালয়ে ৰাফাল চুক্তি সন্দৰ্ভত চৰকাৰক ক্লীনশ্বীট দিলে আৰু চুক্তিখন সম্পৰ্কীয় আবেদন নাকচ কৰিলে। দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছে সৰ্বোচ্চ ন্যায়ালয়খনৰ প্ৰতি সন্মান জনোৱা উচিত,’’-তেওঁ কয়।

ৰাফাল চুক্তিৰ বিষয়টো অনাৱশ্যকভাৱে বিতৰ্কৰ মাজলৈ টানি অনাৰ বাবে ৰাহুল গান্ধীয়ে ক্ষমা খুজিবই লাগিব বুলি উল্লেখ কৰি যোগীয়ে কয়, ‘’ ৰাজনৈতিক স্বাৰ্থত কংগ্ৰেছে ৰাফাল চুক্তিৰ বিষয়টো অনাৱশ্যকভাৱে বিতৰ্কৰ মাজলৈ টানি আনিছে। প্ৰধান মন্ত্ৰী সম্পৰ্কে ৰাহুল গান্ধীয়ে যিদৰে মন্তৱ্য কৰিছে সেয়া তেওঁৰ পদ মৰ্যাদাৰ নেতা এগৰাকীৰ বাবে অতি দুৰ্ভাগ্যজনক।‘’

তেওঁ লগতে কয়, ‘’আমাৰ দলে কৈ আহিছে যে আমি যিকোনো বিষয়তে বিতৰ্কত ভাগ ল’বলৈ সাজু। গণতান্ত্ৰিক ব্যৱস্থাত জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিষয়ৰ আলোচনা কৰাৰ বাবে সংসদতকৈ আৰু ভাল স্থান কি হ’ব পাৰে। অৱশ্যে কংগ্ৰেছে বিষয়বোৰ অপ্ৰয়োজনীয়ভাৱে টানি অনাৰ বাহিৰে বিতৰ্কত আগ্ৰহী নহয়।‘’

Recent News

দিখৌত জাপ দি আত্মহত্যা কৰা শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ ঘটনাৰ নতুন মোৰ; মাতৃৰ এজাহাৰ

দিখৌত জাপ দি আত্মহত্যা কৰা শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ ঘটনাৰ নতুন মোৰ; মাতৃৰ এজাহাৰ

Assam HS results 2022: ২৭জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল; জনালে মুখ্যমন্ত্ৰীয়ে

Assam HS results 2022: ২৭জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল; জনালে মুখ্যমন্ত্ৰীয়ে

আমেৰিকা যুক্তৰাষ্ট্ৰত বাতিল কৰা হৈছে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰত বাতিল কৰা হৈছে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ

Rahul Gandhi’s office attacked: কেৰালাত ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয়ত এছএফআইৰ তাণ্ডৱ; চিপিআইএমৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ

Rahul Gandhi’s office attacked: কেৰালাত ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয়ত এছএফআইৰ তাণ্ডৱ; চিপিআইএমৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd