• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰকাৰে বজায় ৰাস্তা-ঘাট উন্নয়নৰ ফটা ঢোল : মহানগৰীৰ মাজমজিয়াৰে পথৰ ওপৰৰ পুখুৰীত চৰে হাঁহ

NE NOW NEWS মুকুট দাস
গুৱাহাটী , August 17, 2018 7:29 pm

2 min read

চৰকাৰে বজায় ৰাস্তা-ঘাট উন্নয়নৰ ফটা ঢোল : মহানগৰীৰ মাজমজিয়াৰে পথৰ ওপৰৰ পুখুৰীত চৰে হাঁহ
121
VIEWS
Share on FacebookShare on Twitter

পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ শাসনকালত বৰ্তমান গুৱাহাটী মহানগৰীৰ চানমাৰি, জাপৰিগোগকে ধৰি বিভিন্ন অঞ্চলৰ ৰাইজে পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে।

উল্লেখযোগ্য যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ নেতা সকলে বাট-পথ, পৰিবহণ, স্বাস্থ্যখণ্ড আদিত পৰিৱৰ্তন অানিব বুলি জনসাধাৰণৰ আগত উদাত্ত ভাষণ দিছিল। কিন্তু শাসনৰ গাদী দখল কৰাৰ পিছত দেখা গৈছে ইয়াৰ এক ওলোটা ছবি।

আৰু এই কথা প্ৰমাণ কৰিছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ লক্ষ্মী নগৰ পথৰ জৰাজীৰ্ণ অৱস্থাই। যিটো পথে মহানগৰীৰ আৰ জি বৰুৱা আৰু জাপৰিগোগ পথক সংযোগ কৰিছে।

উক্ত অঞ্চলৰে নিৱাসী নৱ কুমাৰ গোস্বামীয়ে নৰ্থ ইষ্ট নাওৰ আগত প্ৰকাশ কৰা মতে এই পথটি ২০০৩ চনতে কংগ্ৰেছে নিৰ্মাণ কৰাৰ পিছত পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ শাসনাধিস্থ বিজেপি চৰকাৰেও পথটি এতিয়ালৈকে কোনো ধৰণৰ মেৰামতি কৰা নাই।

তাৰোপৰি গোস্বামীয়ে কয় যে এই সম্পূৰ্ণভাৱে জৰাজীৰ্ণ তথা মাত্ৰ সামান্য বৰষুণ দিলেই পথৰ ওপৰতে হাঁহ চৰিব পৰা অৱস্থা হোৱা সত্ত্বেও স্থানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই।

মন কৰিব লগীয়া যে পথটোৰ অৱস্থা ইমানই শোচনীয় যে চাৰি চকীয়া গাড়ী উক্ত পথেৰে চলাচল কৰাতো বাদেই দুচকীয়া বহনে সেই অঞ্চলেৰে আহ-যাহ কৰোতে পথৰ সলনি পথৰ কাষৰ পদপথেৰে আহ-যাহ কৰে।

তাৰোপৰি আন এজন স্থানীয় ব্যক্তি কিশোৰ ভৰালীয়ে সকলো ৰাজনৈতিক নেতা একে বুলি উল্লেখ কৰি কয় যে তেওঁলোকে কেৱল নিৰ্বাচনৰ আগতহে দেখা দিবলৈ আহে। কিন্তু স্থানীয় ৰাইজে ২০০৩ চনৰ পৰা ভূগি অহা এই সমস্যা সমাধানৰ ক্ষেত্ৰত বৰ্তমানলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই।

একেদৰে চানামাৰিৰ অমিয়ানগৰৰ পথৰ অৱস্থাও একে। ফলত স্থানীয় ৰাইজে শাসনাধিস্থ চৰকাৰখনৰ ওপৰত বাৰুকৈয়ে ক্ষোভিত হৈ পৰিছে। তাৰোপৰি গুৱাহাটী মহানগৰীতে পথৰ এনে দুৰৱস্থা হোৱাত গাঁৱৰ ভিতৰুৱা অঞ্চলৰ পথ সমূহ কিমান উন্নতি হৈছে তাক লৈও স্থানীয় ৰাইজৰ সন্দেহ প্ৰকাশ কৰিছে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd