লকডাউন: কাকতৰ হকাৰক অস্থায়ী পৰিচয় পত্ৰ দিয়াৰ অনুমতি বিচাৰিছে গুৱাহাটী প্ৰেছ ক্লাবে

Guwahati Press Club seeks I-cards for newspaper hawkers for hassle-free distribution of newspapers

প্ৰতীকী ছবি।

গুৱাহাটী প্ৰেছ ক্লাবে মহানগৰখনত আসন্ন ১৪ দিনীয়া লকডাউনৰ সময়চোৱাত বাতৰি কাকতৰ হকাৰসকলক অস্থায়ী পৰিচয় পত্ৰ দিয়াৰ বাবে শুকুৰবাৰে প্ৰশাসনৰ অনুমতি বিচাৰিছে।

“যিহেতু ৰাজ্য চৰকাৰে সংবাদ মাধ্যমক লকডাউনৰ পৰা ৰেহাই দিছে, দেশজোৰা লকডাউনৰ সময়ত পূৰ্বে আপোনালোকে কৰাৰ দৰে হকাৰসকলক অস্থায়ী পৰিচয় পত্ৰ (অকল লকডাউনৰ সময়ৰ বাবে) দিয়াৰ বাবে আমাক অনুমতি দিয়াৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে আপোনাক অনুৰোধ জনাব খোজে,” প্ৰেছ ক্লাবৰ পত্ৰত উল্লেখ।

প্ৰেছ ক্লাবে মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগু আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তালৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে।

ক্লাবৰ হৈ সভাপতি-সম্পাদক ক্ৰমে মনোজ কুমাৰ নাথ আৰু সঞ্জয় ৰয়ে প্ৰেৰণ কৰা পত্ৰত কোৱা হৈছে, “পৰিচয় পত্ৰ প্ৰদানে নিৰ্দিষ্ট সময়চোৱাত হকাৰসকলৰ অসুবিধাহীন চালচলনেই কেৱল সহজ কৰি নোতোলে বৰং একে সময়তে ই আইন বলৱৎকাৰীসকলৰ কামো সহজ কৰি তুলিব,” পত্ৰত প্ৰকাশ।

“এয়া সমগ্ৰ দেশৰ বাবে পৰীক্ষাৰ সময় আৰু সংবাদ উদ্যোগো ব্যতিক্ৰম নহয়। সেয়ে গুৱাহাটী প্ৰেছ ক্লাবে আপোনাৰ সমৰ্থন আৰু সহযোগিতা বিচাৰিছে।”

উল্লেখযোগ্য যে ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধাৰ বাবে গুৱাহাটীত অহা দেওবাৰে ৰাতিৰ পৰা ১৪ দিনীয়া লকডাউন ঘোষণা কৰা হৈছে।

অসমত বিশেষকৈ গুৱাহাটী মহানগৰত শেহতীয়াকৈ ব্যাপক হাৰত ক’ভিড ৰোগী চিনাক্ত হৈছে।