NORTHEAST NOW (Assamese)

সুদীর্ঘ ১৮ বছৰৰ মূৰত অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন

February 9, 2020 11:53 am · এন ই নাও নিউজ
গুৱাহাটী প্ৰেছ ক্লাৱ। ফটো: জাষ্ট টায়েলৰ সৌজন্যত

সুদীৰ্ঘ ১৮ বছৰৰ বিৰতিৰ পাছত গুৱাহাটীৰ সাংবাদিকসকলে গুৱাহাটী প্ৰেছ ক্লাৱৰ এখন নতুন কমিটি গঠনৰ বাবে ভোটদান কৰিব।

গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক নৱ ঠাকুৰীয়াক এখন স্মাৰক পত্ৰ দিয়াৰ পাছতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

স্মাৰক পত্ৰখনত গালিবুৰ ৰহমান, সঞ্জয় ৰয়, গৌৰৱ জ্যোতি নেওগকে ধৰি ৭৬ গৰাকী সাংবাদিকে স্বাক্ষৰ কৰে।

স্মাৰক পত্ৰ গ্ৰহণ কৰি  গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক নৱ ঠাকুৰীয়াই কয় যে অহা মাৰ্চ মাহৰ মাজভাগতে নিৰ্বাচনটো অনুষ্ঠিত কৰা হ’ব।

নৱ ঠাকুৰীয়াই লগতে জানিবলৈ দিয়ে যে গুৱাহাটী প্ৰেছ ক্লাৱত নতুন সদস্য ভৰ্তিৰ প্ৰক্ৰিয়া অহা ২০ ফেব্ৰুৱাৰিৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ’ব।

আনহাতে, গুৱাহাটী প্ৰেছ ক্লাৱৰ নতুন কমিটিখনে অহা ১ এপ্ৰিলত কাৰ্যভাৰ গ্ৰহণ কৰিব।

Related News