• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিগ বাজেটৰ পূজা! গুৱাহাটীত দৰ্শকৰ আকৰ্ষণ হ’ব ভাৰত মাতা,বাহুবলী, ফিফা ৱৰ্ল্ডকাপ,পিৰামিড

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 12, 2018 6:50 am
Bharot Mata

বিষ্ণুপুৰ পূজা কমিটিয়ে এইবাৰ নিৰ্মাণ কৰি থকা ভাৰত-মাতাৰ ৭৬ ফুট দৈৰ্ঘ্যৰ মূৰ্তি। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ পূজা চাবলৈ যদি মন যায়, তেন্তে আপুনি আহক গুৱাহাটীলৈ। অন্য বছৰসমূহৰ দৰেই এইবাৰো গুৱাহাটীত দেখিবলৈ পাব নতুন নতুন আটকধুনীয়া মণ্ডপৰ সমাহাৰ।

বিগ বাজেটৰ পূজা কমিটিসমূহে এইবছৰ দৰ্শকক আকৰ্ষণ কৰাৰ বাবে ভাৰত মাতাৰ মূৰ্তি, বাহুবলী, ফিফা ৱৰ্লডকাপ, পিৰামিড,বেলুৰ মঠৰ আকাৰত নিৰ্মাণ কৰি উলিয়াইছে পূজা মণ্ডপসমূহত। যেন পূজা মণ্ডপসমূহ নিৰ্মাণৰ নামত কমিটিসমূহৰ মাজত অঘোষিত প্ৰতিযোগিতাহে চলিছে।

Apply Now

দৰ্শকৰ বিনোদনৰ বাবে চেষ্টা কৰি পূজা কমিটিসমূহে লক্ষাধিক টকা খৰচ কৰি ভিন্ন আকাৰত সাজি উলিয়াইছে পূজা মণ্ডপসমূহ।

Lakhimandir Beltola
বেলতলা লক্ষ্মীমন্দিৰত বাঁহেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে বিশাল পূজাৰ মণ্ডপ।ফটো : নৰ্থইষ্ট নাও

যোৱাবছৰ ১০২ ফুট দুৰ্গা মুৰ্তি নিৰ্মাণ কৰি জাকত-জিলিকা মণ্ডপ হিচাপে স্বীকৃতি পোৱা বিষ্ণুপুৰ পূজা কমিটিয়ে এইবাৰ নিৰ্মাণ কৰিছে ভাৰত-মাতাৰ ৭৬ ফুট দৈৰ্ঘ্যৰ মূৰ্তি সম্বলিত পূজা মণ্ডপ। ইয়াৰোপৰি উক্ত মণ্ডপৰ ভিতৰত দেখিবলৈ পাব মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসুকে ধৰি অন্য স্বাধীনতা সংগ্ৰামীৰ প্ৰতিচ্ছবি।

৬৮ তম বিষ্ণুপুৰ পূজা মণ্ডপৰ এই মুৰ্তিটো ছয়গাঁৱৰ শিল্পী মনজিৎ কলিতাই ছয়গাঁৱৰ ১২ জন যুৱকৰ সৈতে লগ লাগি  নিৰ্মাণ কৰি উলিয়াইছে। এইবাৰ বিষ্ণুপুৰ পূজা কমিটিৰ বাজেট ৩৫ লাখ টকা।

তদুপৰি গুৱাহাটীৰ বিমলানগৰত নিৰ্মাণ কৰা হৈছে বাহুবলী মহিষমতিৰ সাম্ৰাজ্যৰ আকাৰত পূজাৰ মণ্ডপ। ৮৩ বছৰত ভৰি দিয়া বিমলানগৰ পূজা কমিটিয়ে লক্ষাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিয়াইছে মহিষমতিৰ সাম্ৰাজ্যৰ আৰ্হিৰ পূজা মণ্ডপ।

আনহাতে, বেলতলা লক্ষ্মীমন্দিৰত এইবাৰ বাঁহেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে পূজাৰ মণ্ডপ। মণ্ডপৰ লগতে সংগতি ৰাখি ২৪০ ফুট দীঘল এখন পাহাৰো সাজি উলিওৱা হৈছে। পূজা কমিটিৰ কাৰ্য্যকৰী সভাপতি ভাগ্যৰাম টেৰণে আমাক জনোৱা মতে উক্ত পাহাৰতে হাতী মানুহৰ সংঘাতৰ কাৰণ, ডাইনী হত্যা-অন্ধ বিশ্বাস ইত্যাদি বিষয়ৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিওৱা হ’ব।

তদুপৰি ৫০ বছৰত ভৰি দিয়া বেলতলা লক্ষ্মীমন্দিৰ পূজা মণ্ডপৰ ভিতৰভাগত ডলা-চালনী, মাছ ধৰা সামগ্ৰী যেনে-জাকৈ, খালৈ ইত্যাদি অতি আটকধুনীয়াকৈ সাজি উলিওৱা হৈছে।

উল্লেখ্য যে, ৫০ লাখ বাজেটেৰে আয়োজন কৰা  স্থানীয় শিল্পীসকলেই এই পুজা মণ্ডপ নিৰ্মাণ কৰা বুলি আমাক কমিটিৰ সদস্যই জানিবলৈ দিয়ে।

আনহাতে, পুজাৰ বতৰত ফিফা ৱৰ্ল্ড কাপ চাবলৈ হ’লে এইবাৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সন্মুখলৈ আহিলেই হ’ব। মহানগৰীৰ ভৰলুস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সন্মুখতে শান্তিপুৰ শ্লুইছ গেট পুজা কমিটিয়ে এইবাৰ ফিফা ৱৰ্ল্ড কাপৰ আৰ্হিৰে নিৰ্মাণ কৰি ওলিয়াইছে পুজা মণ্ডপ। মণ্ডপটো নিৰ্মাণ কৰোঁতে কাঁচ ব্যৱহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

তদুপৰি এই মণ্ডপৰ কাষতে লাচিতৰ মোমাই কটা গড়ো নিৰ্মাণ কৰি থকা হৈছে। লগতে পুজাৰ দিনকেইটাত ডকমকা কাণ্ডত মৃত্যুক সাবটি লোৱা নীলোৎপল-অভিজিতকো শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে।

আনহাতে, ১৮ লাখ বাজেটেৰে আয়োজন কৰা পুজা মণ্ডপটি নিৰ্মাণ কৰিবৰ বাবে কলকাতাৰ শম্ভু সিনহা নামৰ শিল্পীগৰাকীক মাতি অনা হৈছে।

ইপিনে বৃন্দাবনত নিৰ্মীয়মাণ কৃষ্ণ মন্দিৰৰ আৰ্হিত এইবাৰ সাজি উলিওৱা হৈছে লতাশিল পুজা মণ্ডপ।  এইবাৰ লতাশিল সাৰ্বজনীন পূজা কমিটিৰ খৰচ ১৬ লাখ টকা। লগতে যোৱা ৩৮ বছৰ ধৰি লতাশিল খেলপথাৰত লতাশিল সাৰ্বজনীন পূজা কমিটিয়ে পূজা অনুষ্ঠিত কৰি আহিছে।

আনহাতে, ৪৩ বছৰ গৰকা গীতানগৰ সাৰ্বজনীন পূজা কমিটিয়ে এইবেলি ২৫ লাখ টকা বাজেটেৰে নিৰ্মাণ কৰি উলিয়াইছে ৰামকৃষ্ণ বেলুৰ মঠ আৰ্হিত পূজাৰ মণ্ডপ।

ইয়াৰোপৰি কাহিলীপাৰা কলনিৰ ভৈৰৱতলাত এইবছৰ পিৰামিডৰ আকাৰত নিৰ্মাণ কৰি উলিওৱা হৈছে পূজাৰ মণ্ডপ। লগতে ৪৩ বছৰ অতিক্ৰম কৰা পূজা কমিটিখনে ২০ লাখ ব্যয় কৰি মিচৰৰ প্ৰাচীন সভ্যতা তুলি ধৰাৰ চেষ্টা কৰিছে।

মুঠতে লক্ষাধিক টকা খৰচ কৰি হ’লেও পূৰ্বৰ বছৰৰ নিচিনাকৈ অতি ধুম-ধামেৰে পূজাৰ প্ৰস্তুতি চলাইছে মহানগৰীৰ পূজা কমিটিসমূহে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd