• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজেৰে যাবলগীয়া প্ৰকল্পটোৰ বাবে ৩,২০০ ৰো অধিক গছ কটাৰ প্ৰস্তাৱ; বন্যহস্তীৰ কৰিডৰ ধ্বংসৰ আশংকাত পৰিৱেশবিদৰ উদ্বেগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2026 2:21 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা ৫,২৭৯ কোটি টকা ব্যয়সাপেক্ষ গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ ভূমি অধিগ্ৰহণক লৈ উত্তৰ কামৰূপ আৰু গুৱাহাটীৰ উপকণ্ঠ অঞ্চল সোণাপুৰত ব্যাপক প্ৰতিক্ৰিয়া আৰু বিবাদৰ সৃষ্টি হৈছে। চৰকাৰৰ উন্নয়নমূলক প্ৰকল্পক সমৰ্থন কৰিলেও উত্তৰ কামৰূপৰ কৰৰা, বৰেগাঁও, নানৰা, মাজগাঁও আৰু মাৰুকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে উপযুক্ত ক্ষতিপূৰণ অবিহনে নিজৰ ভূমি হস্তান্তৰ নকৰাৰ স্পষ্ট স্থিতি গ্ৰহণ কৰিছে। ইপিনে, প্ৰকল্পটোৰ বাবে ১৫ বিঘা ভূমি অধিগ্ৰহণৰ প্ৰস্তাৱৰ ফলত সোণাপুৰৰ স্থানীয় ৰাইজৰ মাজত পৈতৃক বাসগৃহৰ পৰা উচ্ছেদ হোৱাৰ তীব্ৰ শংকাৰ সৃষ্টি হৈছে আৰু তেওঁলোকে প্ৰয়োজনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সকীয়নি প্ৰদান কৰিছে।

 

Apply Now

জানিব পৰা মতে, বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী গাঁৱসমূহৰ একাংশ ভূমি মালিকে অভিযোগ কৰিছে যে জিলা প্ৰশাসনে ভূমিৰ নথিপত্ৰ সংগ্ৰহৰ সময়ত ভয় আৰু ভাবুকিৰ পৰিৱেশ সৃষ্টি কৰিছে। আনহাতে সোণাপুৰৰ উচ্ছেদৰ আশংকাত থকা ৰাইজে সোণাপুৰৰ চক্ৰ বিষয়া, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ প্ৰকল্প সঞ্চালক, মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীলৈ লিখিত আৱেদন প্ৰেৰণ কৰিছে। ২০২৪ চনত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা এই প্ৰকল্পটোত ৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত উত্তৰ গুৱাহাটী বাইপাছ, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৮ কিলোমিটাৰ বহলীকৰণ আৰু ৫৮ কিলোমিটাৰ বাইপাছৰ উন্নীতকৰণ অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও জনজাতীয় বেল্টৰ অন্তৰ্গত সোণাপুৰ আৰু চন্দ্ৰপুৰৰ মাজত এটা নতুন পথ নিৰ্মাণৰো প্ৰস্তাৱ ৰখা হৈছে।

 

এই প্ৰকল্পটোক লৈ পৰিৱেশৱিদসকলৰ মাজতো গভীৰ উদ্বেগৰ সৃষ্টি হৈছে, কিয়নো ঘাইপথটো আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ ৮০০ মিটাৰ মাজেৰে পাৰ হৈ যাব। প্ৰকল্পটোৰ বাবে অভয়াৰণ্যৰ ভিতৰৰ কিছু অংশকে ধৰি ৩,২০০ ৰো অধিক গছ কটাৰ প্ৰস্তাৱ দিয়া হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে সৰ্বমুঠ ৫১.৭২ হেক্টৰ ভূমি অধিগ্ৰহণৰ পৰিকল্পনা কৰিছে, যাৰ ভিতৰত ৭.১২ হেক্টৰ বনভূমি আৰু ৪৪.৬০ হেক্টৰ অভয়াৰণ্যৰ পৰিস্থিতিতন্ত্ৰৰ স্পৰ্শকাতৰ অঞ্চলৰ অন্তৰ্গত। পৰিৱেশ সংৰক্ষকসকলে আশংকা প্ৰকাশ কৰিছে যে ইয়াৰ ফলত হাতীৰ যাতায়তৰ কৰিডৰ বিচ্ছিন্ন হ’ব, আৱাসস্থলী ধ্বংস হ’ব আৰু মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত ভয়াবহ ৰূপ ল’ব।

 

অৱশ্যে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে চৰকাৰে আমচাং অভয়াৰণ্যক মাৰ্কডোলা আৰু অপ্ৰিকলা সংৰক্ষিত বনাঞ্চলৰ সৈতে সংযোগ কৰা হাতীৰ কৰিডৰসমূহ পুনৰুদ্ধাৰৰ এক পৰিকল্পনা হাতত লোৱা বুলি সদৰী কৰিছে। ইয়াৰ অধীনত দুটা আণ্ডাৰপাছ, এটা ৪৫০ মিটাৰৰ দলং, নটা বক্স কালভাৰ্ট আৰু যোৰাবাটৰ পৰা সোণাপুৰলৈ এটা ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ওখ পথ নিৰ্মাণৰ প্ৰস্তাৱ কৰা বুলি  জনাইছে। ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডে হাতীৰ আহ-যাহৰ ওপৰত পৰিব পৰা প্ৰভাৱ মূল্যায়ন কৰিবলৈ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানক এক বিতং অধ্যয়ন চলাবলৈ নিৰ্দেশ দিছে। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত দীনেশ চন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰাকনক বি অ’ টি (BOT) আৰ্হিত এই প্ৰকল্পৰ নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা হৈছে। এন এইচ এ আইৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি, প্ৰকল্পটোৰ বাবে প্ৰায় ৯৮ শতাংশ ভূমি আৰু সকলো প্ৰয়োজনীয় অনুমতি ইতিমধ্যে উপলব্ধ হৈছে আৰু নিৰ্ধাৰিত চাৰি বছৰৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd