• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত আই পি এলৰ “সপোন” এতিয়া আদালতৰ মজিয়াত

“ৰাজস্থান ৰয়েলছৰ খেল বাহিৰলৈ নিয়াটো সন্মানহানিকৰ”, আদালতত আৱেদনকাৰীৰ মন্তব্য

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
February 3, 2020 5:40 pm
Barsapara

বৰ্ষাপাৰাত ৫ জানুৱাৰিত ভাৰত-শ্ৰীলংকা টি-২০-ৰ সময়ৰ এটা দৃশ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীত স্বচক্ষে আই পি এলৰ মেচ দেখা পাম বুলি আশা পালি থকা অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে নিৰাশা কঢ়িয়াই বিষয়টো আইনী মেৰপেঁচত পৰি অনিশ্চয়তালৈ গতি কৰিছে।

ৰাজস্থান ৰয়েলছৰ সহ-স্বত্বাধিকাৰী মনোজ বেডেলে যোৱা বছৰৰ ৬ নৱেম্বৰত ঘোষণা কৰিছিল যে দলটোৱে আগন্তুক ২০২০ আই পি এল ছিজনৰ বাবে গুৱাহাটীকো এখন নিজা স্থান (home venue) হিচাপে বিবেচনা কৰিছে।

Apply Now

দলটোৱে নিচেই কমেও আই পি এলৰ দুখন খেল গুৱাহাটীস্থিত ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত কৰিব খুজিছিল।

আনকি অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্বই অলপতে দাবী কৰিছিল যে গুৱাহাটীত আই পি এলৰ তিনিখন খেল অনুষ্ঠিত হ’ব।

যদিও গুৱাহাটীৰ নিজা আই পি এল দল নাই, ৰাজস্থান ৰয়েলছে নিঃসন্দেহে গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীক উৎসাহিত কৰিলে হেঁতেন, কাৰণ দলটোত অসমৰ ৰিয়ান পৰাগ মিডল অৰ্ডাৰ বেটছমেন হিচাপে আছে।

বি চি চি আইৰ গৱৰ্নিং কাউন্সিলে আগন্তুক ছিজনৰ (২০২০) আই পি এলৰ খেলৰ সূচীবোৰ অলপতে চূড়ান্ত কৰিব। মাৰ্চ ২৯ৰ পৰা অনুষ্ঠিত হ’ব লগীয়া প্ৰতিযোগিতাখনৰ ফাইনেল হ’ব ২৪ মে’ত।

কিন্তু গুৱাহাটীত আই পি এলৰ মেচ্চ অনুষ্ঠিত নোহোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

জয়পুৰৰ পৰা গুৱাহাটীলৈ দলটোৰ খেল স্থানান্তৰ কৰাক লৈ ৰাজস্থান উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰা হৈছে।

আৱেদনখনত আৱেদনকাৰী ৰাহুল কানৱাট, বিমল চন্দ চৌধুৰী আৰু য়োগেছ কুমাৰে ন্যায়ালয়ৰ কাষ চাপি কৈছে যে জয়পুৰৰ বাহিৰলৈ খেল স্থানান্তৰ কৰাটো “ৰাজ্যখনৰ বাবে সন্মানহানিকৰ” হ’ব।

ৰাজস্থান ৰয়েলছৰ পৰিচালন মণ্ডলীয়ে উত্তৰ দিবৰ বাবে আদালতৰ পৰা সময় বিচাৰিছে। অহা ১৩ ফেব্ৰুৱাৰিত বিষয়টোৰ শুনানি লোৱা হ’ব।

তাৰোপৰি, এটা সূত্ৰৰ মতে, বি চি চি আইৰ গৱৰ্নিং কাউন্সিলৰ একাংশ সদস্যয়ো গুৱাহাটীত আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ পক্ষপাতী নহয়।

যোৱা ৫ জানুৱাৰিত গুৱাহাটীত অনুষ্ঠিত ভাৰত-শ্ৰীলংকাৰ বাতিল হোৱা খেলখনৰ ঘটনাটোক লৈ তেওঁলোক সুখী নহয়। ভাৰত-শ্ৰীলংকাৰ মাজৰ টি-২০ শৃংখলাটোৰ প্ৰথমখন মেচ অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ বিষয়ববীয়াৰ “school boy error” ৰ বাবে বাতিল হ’ব লগীয়া হৈছিল।

খেলখনৰ আৰম্ভণিত হোৱা বৰষুণৰ পিছত অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ গ্ৰাউণ্ড ষ্টাফে সেমেকা পিটছ শুকুৱাবলৈ ইস্ত্ৰি, ভেকুৱাম ক্লিনাৰ আৰু হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰাৰ সময়ত গুৱাহাটীত বি চি চি আইৰ গৱৰ্নিং কাউন্সিলৰ সদস্য মামন মজুমদাৰ উপস্থিত আছিল।

আন এটা সূত্ৰৰ মতে, বি চি চি আইৰ গৱৰ্নিং কাউন্সিলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলো গুৱাহাটী ষ্টেডিয়ামৰ অৱস্থা আৰু অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ প্ৰস্তুতিক লৈ আশ্বস্ত নহয়।

আনহাতে অসমত এপ্ৰিল মাহত আগমন ঘটা বৰদৈচিলা (প্ৰবল বৰষুণ আৰু বতাহ)ক লৈও বি চি চি আইৰ সদস্যসকল শংকিত বুলি জানিব পৰা গৈছে।

শেহতীয়া টি-২০ মেচখনত অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ অদূৰদৰ্শিতাৰ পিছত, বৰদৈচিলাৰ ভয় আৰু আইনী মেৰপেঁচ গুৱাহাটীৰ আই পি এলৰ সপোন ধূলিসাৎ কৰাটো প্ৰায় নিশ্চিত।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd