NORTHEAST NOW (Assamese)

বিস্ময়কৰ! শংকৰদেৱৰো ১৬শ বছৰ আগৰে গুৱাহাটীৰ খজুৱতিৰোধী সভ্যতা পোহৰলৈ

May 23, 2019 3:26 am · কল্পজ্যোতি শইকীয়া
Updated: May 23, 2019 8:15 am
আমবাৰীৰ প্ৰত্নতাত্ত্বিক থলী। ছবি-- অসম প্ৰত্নতাত্ত্বিক সঞ্চালকালয়।

দেশৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনাৰ দিনটোতে ঐতিহ্যপ্ৰেমী অসমীয়ালৈ এটি গৌৰৱময় সংবাদ— আজিৰ পৰা ২২০০ বছৰ পূৰ্বেই গুৱাহাটীত বিকশিত হৈছিল এক খজুৱতিৰোধী সভ্যতা।

নৰ্থ ইষ্ট নাও-ৰ চৰজমিন তদন্তত পোহৰলৈ আহিছে আহোম-আগমনৰ ১৪ শতিকা আৰু মহাপুৰুষ শংকৰদেৱৰ জন্মৰ ১৬শ বছৰ পূৰ্বেই গঢ় লোৱা প্ৰাচীন কামৰূপৰ বিস্ময়কৰ কীৰ্তি।

মানুহৰ খজুৱতি তোলা নলাৰ গেলাপানীত গুৱাহাটীৰ মাজমজিয়াত বিনা অস্বস্তিৰে কাল পাত কৰিছে উত্তৰ-পূবৰ প্ৰাচীনতম সমল-ভাণ্ডাৰ আমবাৰীৰ প্ৰত্নতাত্ত্বিক থলীয়ে।

খোদ প্ৰত্নতাত্ত্বিক সঞ্চালকালয়ৰ সঞ্চালিকা দীপি ৰেখা কুলিৰ মতে, “কাম কৰিবলৈ তাত মানুহ নামিলে খজুৱতি হয় পানী লেতেৰা হোৱা বাবে। খৰালি ভাল হৈ থাকে।”

মহানগৰখনৰ একদম মাজমজিয়াৰ গুৱাহাটী ক্লাব আৰু আমবাৰী অঞ্চলৰ নলাৰ পানী আহি এই স্থানত পৰেহি আৰু সেয়ে কীৰ্তিচিহ্নসমূহত শেলুৱৈ ধৰিছে, কুলিয়ে জনায়।

এতিয়া স্থানীয় মেটেকা, ঘাঁহ আৰু গেলাপানীৰে মাজত থকা ঠাইটুকুৰাৰ অৱস্থা দহ বছৰ আগতে এনে নাছিল

প্ৰিয়ংকা চ’প্ৰাৰ জৰিয়তে অসম পৰ্য্যটনৰ ব্ৰেন্দিঙৰ চেষ্টা অব্যাহত ৰাখিলেও চৰকাৰী পুঁজি নোহোৱাৰ ফলতে প্ৰাচীন কীৰ্তিচিহ্নসমূহ সযতনে ৰাখিব পৰা হোৱা নাই।

আমবাৰীৰ প্ৰত্নতাত্বিক থলীৰ বুধবাৰৰ ছবি।

“ফান্দ যিমানখিনি আহিব লাগে, সিমানখিনি  নাহে। সেইকাৰণে ইমানখিনি কৰিব পৰা নাই,” সঞ্চালিকাই নৰ্থ ইষ্ট নাও-ক জনায়।

অসম চৰকাৰৰ প্ৰত্নতাত্ত্বিক সঞ্চালকালয়ৰ ঘোষিত “মূল লক্ষ্য” (prime objective)– “স্থান/ স্মৃতিচিহ্নসমূহ সঞ্চালকালয়ৰ দ্বাৰা ভৱিষ্যত সংৰক্ষণ আৰু যতনৰ বাবে ‘The Assam Ancient Monument and Records Act, 1959’ and ‘The Assam Ancient Monument and Records Rules 1964’ৰ অধীনত অসমৰ প্ৰত্নতাত্ত্বিক স্থান/ স্মৃতিচিহ্নসমূহ জাননীকৃত আৰু সংৰক্ষিত বুলি ঘোষণা।”

আৰু চৰকাৰী ৱে’বচাইতৰ মতে সঞ্চালকালয়ে আমবাৰী কিয়, সমগ্ৰ অসমৰে বিভিন্ন ঠাইত মুঠ ১১৭টা প্ৰত্নতাত্ত্বিক থলী সুৰক্ষিত কৰি ৰাখিছে।

স্ত’ৰ ৰুম!

 

পৰিত্যক্ত তেৰাক’তা, খণ্ডমূৰ্তিবোৰৰ স্থান স্ত’ৰ ৰুম নে সংগ্ৰহালয়?

সঞ্চালকালয়টোৰ “স্ত’ৰ ৰুম”ত বহুসংখ্যক তেৰাক’টা, মূৰ্তিৰ ভগ্নাৱশেষ দেখা গৈছে। “সমলখিনি ৰাজ্যৰ ভিন্নস্থানত খননত উদ্ধাৰ হোৱা,” সঞ্চালিকা কুলিয়ে জনায়।

 

আমবাৰীৰ প্ৰত্নতাত্ত্বিক থলীৰ ইতিহাস

গুৱাহাটীত পৰ্য্যটকৰ নেচালে নোহোৱা ঠাইৰূপে জনাজাত দীঘলীপুখুৰী এলেকাত অৱস্থিত এই থলীটো পোহৰলৈ আহিছিল ১৯৬৮ চনত।

গুৱাহাটীত ৰিজাৰ্ভ বেংকৰ কাৰ্য্যালয়টো স্থাপনৰ বাবে মাটি খন্দা অৱস্থাত এই অতি প্ৰাচীন স্মৃতিচিহ্নসমূহ দৃষ্টগোচৰ হৈছিল।

সঞ্চালকালয়ৰ মতে আমবাৰীৰ প্ৰত্নতাত্ত্বিক থলী “প্ৰাচীন কামৰূপত বিকশিত সংস্কৃতিৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰবোৰৰ এটা।”

প্ৰত্নতাত্ত্বিক থলীটোৰ স্মৃতিচিহ্নসমূহ বহলভাৱে দুটা সাংস্কৃতিক যুগৰ প্ৰতিনিধি। প্ৰথমটো কমন এ’ৰাৰ ২০০ বছৰ পূৰ্ব (BCE 200)ৰ আৰু দ্বিতীয়টো ১১০০চনৰ পৰা মধ্যযুগলৈ (ইউৰপিয় মধ্যযুগ ৫ৰ পৰা ১৫ শতিকা)।

এই থলীত থকা মূৰ্তি/ ভগ্নাৱশেষসমূহ কামৰূপা শৈলীৰ বিশিষ্ট বৈশিষ্ট্যপূৰ্ণ শিল্প দৃষ্টান্ত।

ইয়াত পোৱা নৃত্যৰত শিৱৰ নটৰাজ আৰু বাহন নন্দীৰ ভাস্কৰ্য্য সমগ্ৰ ভাৰতৰ ভিতৰতে অনন্য শৈলীৰ। আমবাৰীৰ খননত বৃ্হৎ পৰিমাণত উদ্ধাৰ হৈছিল শিলৰ ভাস্কৰ্য্য, শিৱলিংগ, তেৰাক’তা আৰু প্ৰাচীন গহনা।

অসমৰ প্ৰাচীন কামৰূপৰ ঠাই ভাৰতীয় গৌৰৱৰ মাজত আছেনে?

নৰ্দমাৰ গেলাপানীয়ে প্ৰাচীন ভাৰতীয় গৌৰৱ ৰক্ষাত কি অৰিহণা যোগাব?

বলপূৰ্বকভাৱে নিজেই যিকোনো কথা-বস্তুক ঐতিহ্যপূৰ্ণ বুলি কোৱাৰ অভ্যাস থকা অসমীয়াই প্ৰাচীন সম্পদ ৰক্ষাৰ বাবে কি কৰিব?

অসমীয়াই নিজাববীয়াকৈ দোহাৰি অহা ঐতিহ্য কটন কলেজৰ হস্তেলকেইটা ভাঙি তাৰ প্ৰতিকৃতি (replica) নিৰ্মাণৰ দৰে বিৰল পদ্ধতি লোৱা হ’ব নেকি ঐতিহ্যৰ সংৰক্ষণত?

Related News