• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কটনৰ ছাত্ৰাৱাসৰ দুৰৱস্থা! : দুগৰাকী প্ৰাক্তন অধ্যক্ষৰ আক্ষেপ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 14, 2018 9:29 pm
Cotton Hostels

ঘাঁহ-বনেৰে আবৃত অৱস্থাত কটনৰ এটা হোষ্টেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰ তথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই এতিয়া পৰিত্যক্ত হৈ পৰি আছে কটন বিশ্ববিদ্যালয়ৰ ঐতিহ্যপূৰ্ণ ছাত্ৰাৱাসসমূহ। হাবি-জংঘলৰ মাজত ক্ৰমান্বয়ে জহিখহি যাবলৈ ধৰা এই ছাত্ৰাৱাসসমূহৰ কি হ’বগৈ তাৰ নাই কোনো স্পষ্ট ছবি নাই।

এখন আৰ টি আই আৱেদনৰ উত্তৰত এশ বছৰৰ অধিক সময়ৰ ঐতিহ্য বহন কৰি অহা এই ছাত্ৰাবাসসমূহক লৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ উদাসীনতা স্পষ্ট হৈ পৰিছে। এই বাতৰি ইতিমধ্যে নৰ্থ-ইষ্ট নাওত প্ৰকাশ পাইছে।

Apply Now

কটনৰ ছাত্ৰাৱাসবোৰৰ এই দুৰৱস্থাক লৈ নৰ্থ-ইষ্ট নাওৰ আগত আক্ষেপ প্ৰকাশ কৰিছে কটন কলেজৰ দুগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ছাত্ৰাবাসৰ প্ৰাক্তন আবাসীয়ে।

এই বিষয়ত অৱসৰপ্ৰাপ্ত অধ্যক্ষ উদয়াদিত্য ভৰালীয়ে কয়, “আধুনিকতা শিপাহীন হ’ব নোৱাৰে। ঐতিহ্যক বাদ দিলে বা অতীতক বাদ দিলে নহ’ব। এই অতীতসমূহৰ পৰাই এতিয়াৰ প্ৰজন্মই অনুপ্ৰেৰণা লাভ কৰে। আমাক উন্নয়ন লাগিবই। কিন্তু ঐতিহ্য ভাঙি শেষ কৰি কোনো উন্নয়ন নহয়। এইটোও নহয় যে চৰকাৰৰ মাটি নাই। গতিকে কটনৰ সম্প্ৰসাৰণৰ বাবে আন এটা চৌহদৰ ব্যৱস্থা কৰক।”

তেওঁ লগতে কয় যে কলকাতাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঠাইখিনিত প্ৰেছিডেন্সি কলেজ আছে। প্ৰেছিডেন্সি কলেজৰ সম্প্ৰসাৰণৰ বাবে পুৰণা বিল্ডিংবোৰ ভাঙি দিয়া নাই। বৰং তেওঁলোকে সুকীয়া ঠাইত বেলেগ চৌহদৰ ব্যৱস্থা কৰিছে। উন্নয়নৰ বাবে কেমব্ৰীজ, অক্সফ’ৰ্ড আদিৰ দৰে বিশ্ববিদ্যালয়সমূহে নিজৰ পুৰণা বিল্ডিংবোৰ ভাঙি দিয়া নাই।

“আজি বিদেশৰ যিবিলাক উন্নত দেশ তেওঁলোকৰ বেয়াখিনি লোৱাত আমাৰ মানুহে আগ বাঢ়ি গৈছে কিন্তু ভালখিনি ল’ব নোখোজেই। তেওঁলোকৰ বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত পঢ়ি যোৱা ব্যক্তিসকলে তেওঁলোকে এই শিক্ষানুষ্ঠানসমূহলৈ যথেষ্ট দান-বৰঙনি আগ বঢ়ায়। কিন্তু তেনেকৈ দান-বৰঙনি দিবলৈ তেওঁলোকৰ সৈতে আত্মিক সম্পৰ্ক থাকিবলৈ সেই ঠাইখিনি থাকিব লাগিব। সেইটোৱে যদি নাথাকে, তাৰ সন্মুখেৰে পাৰ হৈ গ’লে যদি নিজৰ পুৰণি স্মৃতি মনলৈ নাহে তেনেহ’লে এইটো মোৰ বুলি ভাবটো কেনেকৈ আহিব। সেই কথাখিনি যদি বুজি নাপায় সেই উন্নয়ন হ’ব ঠেৰুছিগা। তাৰ শিপা নাই”, প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীয়ে কয়।

ইপিনে, কটন কলেজৰ আন এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ সীতানাথ লহকৰে ছাত্ৰাবাসকেইটা সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সোনকালে সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে।

তেওঁ কয়, “এই বিষয়ত আমি কটন কলেজত থাকোতে যেতিয়া ড০ ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য অধ্যক্ষ হৈ আছিল, তেতিয়া এটা সিদ্ধান্ত হৈছিল। সেই সময়ত সেই ছাত্ৰাবাসকেইটা ভাঙি দিয়া হ’ব বুলি শুনি বহুতেই আপত্তি কৰিছিল আৰু সেই ছাত্ৰাবাসসমূহ সংৰক্ষণৰ দাবী তুলিছিল। কিন্তু যিহেতু ছাত্ৰ-ছাত্ৰীৰ কাৰণে নতুন ছাত্ৰাবাস লাগিবই গতিকে ‘নতুন আৱাস নিৰ্মাণ কৰিলেও তাৰ ওপৰত বা সন্মুখত পুৰণি ছাত্ৰাবাসৰ পূৰ্ণ আৰ্হি এটা ৰখা হওক। লগতে ছাত্ৰাবাসৰ নাম একে ৰখা যাওক।’ –এই সিদ্ধান্ত লোৱা হৈছিল।”

তেওঁ লগতে কয় যে যদি কটনৰ পাণবজাৰৰ পুৰণি চৌহদ একে ৰাখি আন ঠাইত থকা বিশ্ববিদ্যালয়ৰ মাটিত নতুন চৌহদ নিৰ্মাণ কৰে সেয়াও গ্ৰহণযোগ্য। কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৰ্তমানৰ ছাত্ৰাবাসকেইটা মেৰামতি কৰি সংৰক্ষণ কৰিব পাৰিব নে নাই সেই কথা স্পষ্ট কৰিব লাগে।

কটন কলেজৰ দুগৰাকী অধ্যক্ষৰ মন্তব্যৰ বিপৰীতে কিন্তু বৰ্তমান ছাত্ৰাবাসকেইটা সন্দৰ্ভত কোনো স্পষ্ট সিদ্ধান্ত নথকাত অসন্তুষ্ট তাহানিৰ কটন কলেজ আৰু এতিয়াৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আৰু এতিয়াৰ বহু ছাত্ৰ-ছাত্ৰী।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd