২০১০ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ফুটবল বিশ্বকাপত ঘানাৰ হৈ কোৱাৰ্টাৰ ফাইনেল খেলা ষ্ট্ৰাইকাৰ আছামোহ জিয়ানক নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে চুক্তিবদ্ধ কৰিছে।
ঘানা ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক জিয়ানে দেশৰ হৈ চাৰিবাৰ ফুটবল বিশ্বকাপত অংশ লৈছে।
১০৭ খন আন্তঃৰাষ্ট্ৰীয় মেচত ৫১টা গ’ল কৰা জিয়ান দেশৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গ’লদাতা।
আনহাতে ক্লাব পৰ্যায়তো যথেষ্ট সুনাম কঢ়িয়াই থৈছে ষ্ট্ৰাইকাৰ গৰাকীয়ে। তেওঁ ছাণ্ডাৰলেণ্ড, উড়িনেছে আৰু ৰেনেছ আদি য়ুৰোপৰ শীৰ্ষ ক্লাবৰ উপৰি অন্য প্ৰান্তৰ ক্লাবতো খেলাৰ অভিজ্ঞতা আছে।
জানিব পৰা মতে বিশ্বৰ আগশাৰীৰ ষ্ট্ৰাইকাৰৰ শাৰীত তুলনা কৰিব পৰা ঘানাৰ এইগৰাকী খেলুৱৈ চলিত সপ্তাহৰ ভিতৰতে নৰ্থ-ইষ্ট য়ুনাইটেডত যোগ দিব।
ইফালে ক্লাবৰ কাৰ্যবাহী সঞ্চালক প্ৰিয়া ৰুঞ্চলে কয়, ‘জিয়ানৰ দৰে অভিজ্ঞ তথা দুৰন্ত ষ্ট্ৰাইকাৰৰ অন্তৰ্ভুক্তিয়ে আমাৰ ক্লাবক যথেষ্ট শক্তি প্ৰদান কৰিব। তেওঁক আমাৰ দলত পাই যথেষ্ট আনন্দিত’।
নৰ্থ-ইষ্ট য়ুনাইটেডত চুক্তিবদ্ধ হোৱা প্ৰসংগত জিয়ানে কয়, ‘মই মোৰ কেৰিয়াৰৰ এটা নতুন অধ্যায় আৰম্ভ কৰাৰ বাবে যথেষ্ট উৎসাহী হৈ আছো’।
‘আই এছ এল আৰু নৰ্থ-ইষ্ট য়ুনাইটেডৰ কথা বহু শুনিছো। সেয়ে আগন্তুক ছিজনত ইয়াৰ অংশ হ’বলৈ পাই সুখী অনুভৱ কৰিছো’। জিয়ানৰ মন্তব্য।
উল্লেখ্য যে ঘানাৰ সৰ্বশ্ৰেষ্ঠ ষ্ট্ৰাইকাৰ গৰাকীক চুক্তিবদ্ধ কৰাৰ লগে লগে নৰ্থ-ইষ্ট য়ুনাইটেডত এতিয়া বিদেশী খেলুৱৈৰ সংখ্যা সাতজনলৈ বৃদ্ধি পালে।