আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভিছাৰ আবেদন সন্দৰ্ভত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়া কৈ ট্ৰাম্পে এইচ-১বি ভিছাৰ আবেদন আৰু নবীকৰণৰ বাবে বছৰি এক লাখ ডলাৰৰ (প্ৰায় ৯০ লাখ টকা) মাচুল আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। প্ৰথম বাৰৰ বাবে আবেদনকৰা আৰু নবীকৰণ বিচৰাসকল উভয়ৰে বাবে মাচুল বৃদ্ধি প্ৰযোজ্য হ’ব বুলি সদৰী কৰিছে।
হোৱাইট হাউছৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিকৰ উপস্থিতিত এই ঘোষণা কৰি ট্ৰাম্পে কয়, “আমাক শ্ৰেষ্ঠ শ্ৰমিকৰ প্ৰয়োজন। এই পদক্ষেপৰ দ্বাৰা কেৱল অতি দক্ষ লোকসকলক আমেৰিকালৈ আহিবলৈ সুযোগ লাভ কৰিব।”
আমেৰিকাত এইচ-১বি ভিছাত কৰ্মৰত হাজাৰ হাজাৰ প্ৰবাসীৰ ওপৰত এই সিদ্ধান্তই গভীৰ প্ৰভাৱ পেলাব। আমেৰিকাৰ নাগৰিকত্ব আৰু অভিবাসন সেৱাৰ (USCIS) তথ্য অনুসৰি ২০২৪ বৰ্ষত মুঠ ২,০৭,০০০ ভাৰতীয়ই এইচ-১বি ভিছা লাভ কৰিছিল, যেতিয়া ২০২৩ বৰ্ষত এই সংখ্যা আছিল ১,৯১,০০০।
বৰ্তমানত ভিছা আবেদন মাচুল হৈছে—
পঞ্জীয়ন মাচুল: $২১৫
বেচ ফাইলিং মাচুল: $৪৬০
প্ৰৱঞ্চনা বিৰোধী মাচুল: $৫০০
অতিৰিক্ত নিয়োগকৰ্তাৰ মাচুল: $৪,০০০
ট্ৰাম্পৰ নতুন নীতি অনুসৰি, বছৰি এক লাখ ডলাৰ মাচুলৰ প্ৰভাৱত বহু কোম্পানীয়ে বিদেশী শ্ৰমিকৰ পৰিবর্তে আমেৰিকান নাগৰিকক নিযুক্তি দিবলৈ বাধ্য হ’ব বুলি অনুমান কৰা হৈছে।
সমান্তৰাল ভাবে ট্ৰাম্পে নাগৰিকত্বৰ সম্ভাৱ্য পথ হিচাপে ১০ লাখ ডলাৰৰ ‘গোল্ড কাৰ্ড’ ভিছা আৰু ৫০ লাখ ডলাৰৰ ‘প্লেটিনাম কাৰ্ড’ ঘোষণা কৰে। প্লেটিনাম কাৰ্ডধাৰীয়ে বছৰত ২৭০ দিন আমেৰিকাত থাকিবলৈ সক্ষম হ’ব আৰু আমেৰিকাৰ বাহিৰৰ পৰা আয়ৰ ওপৰত কৰ দিব নালাগিব।
হোৱাইট হাউছৰ কৰ্মচাৰী সচিব উইল শ্বাৰফে এইচ-১বি ভিছাক “সৰ্বাধিক অপব্যৱহৃত ভিছা প্ৰগ্ৰেম” বুলি অভিহিত কৰি কয়, “আমেৰিকালৈ অনা লোকসকল অতি দক্ষ হ’ব লাগিব আৰু আমেৰিকান শ্ৰমিকৰ ঠাই নল’ব লাগিব।”
ইফালে প্ৰাক্তন USCIS সঞ্চালক ডাগ ৰেণ্ডে এই সিদ্ধান্তক “ইমিগ্ৰেচন নিষেধাজ্ঞাবাদীসকলৰ বাবে অনুৰাগী সেৱা” বুলি কটাক্ষ কৰে। তেওঁ কয়, “এইটো প্ৰকৃত নীতি নহয়, কেৱল আতংক আৰু বিভ্ৰান্তি সৃষ্টিৰ এক কৌশল।”
বিশ্লেষকসকলে কয় যে এই পদক্ষেপে বিশেষকৈ ভাৰতৰ পৰা আমেৰিকালৈ প্ৰযুক্তি খণ্ডৰ কৰ্মী নিয়োগ কৰা পৰামৰ্শদাতা কোম্পানীসমূহ—উইপ্ৰ’, ইনফ’ছিছ, এইচচিএল, টাটা কনছালটেন্সি আদিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব। এতিয়া বহুত ভাৰতীয় এই নতুন মাচুলৰ ফলত আমেৰিকাত থাকি চাকৰি চলাই নিব পাৰিবনে নাই সেই লৈ অনিশ্চয়তাত পৰিছে।





