অসম আৰক্ষীৰ এজন জোৱানে আত্মহত্যা কৰাৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অসম আৰক্ষীৰ ভিতৰচৰাৰ লগতে সচেতন ৰাইজৰ মনত।
মঙলবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণত থকা অসম আৰক্ষীৰ ছাউনীত দেৱৰাম বসুমতাৰী নামৰ অসম আৰক্ষীৰ হাবিলদাৰগৰাকীয়ে নিজ কাৰ্বাইনেৰে গুলীয়াই আত্মহত্যা কৰে। দেৱৰাম বসুমতাৰীৰ ঘৰ কলিয়াবৰৰ বেঙেনাআটী গাঁৱত।
বিভাগীয় ছুটী পোৱা নোপোৱাৰ বিষয়ক লৈ হাবিলদাৰগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হয়।
বসুমতাৰীয়ে নিৰ্বাচনৰ দায়িত্ব সমাপ্ত কৰাৰ পাছত ঘৰলৈ যাবৰ বাবে ছুটি বিচাৰি আবেদন কৰিছিল আৰু বিভাগে হাবিলদাৰগৰাকীৰ ছুটিৰ আবেদনো মঞ্জুৰ কৰিছিল। আৰক্ষী ছাউনিৰ ভিতৰত বসুমতাৰীৰ আত্মহত্যাৰ ঘটনাক লৈ এতিয়া সৰ্বত্ৰে ৰহস্যৰ সৃষ্টি হৈছে।
আনহাতে, হাবিলদাৰগৰাকীৰ পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাক সহজ ভাবে গ্ৰহণ কৰিব পৰা নাই আৰু ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।