NORTHEAST NOW (Assamese)

নিজামুদ্দিন আতংক : হাজোত আত্মগোপন কৰি থকা দুজন লোকক উদ্ধাৰ

April 2, 2020 12:51 pm · মৃদুল প্ৰীতম ডেকা

দিল্লীত মাৰ্কাজৰ ধৰ্মীয় অনুষ্ঠানত অংশ লৈ অসমলৈ ঘূৰি আহি আত্মগোপন কৰি থকা দুজন লোকক বুধবাৰে নিশা হাজো আৰক্ষী আৰু স্বাস্থ্য কৰ্মীয়ে উদ্ধাৰ কৰিছে।

উত্তৰ প্ৰদেশৰ পৰা আহি অসমৰ ভিন্ন ঠাইত ঘূৰি ফুৰা ৰূপহীহাটৰ মফিদুল ইছলামক হাজোৰ ৩নং মনাহকুছিৰ মছজিদৰ পৰা আৰু বুল্লুটৰ নুৰুল ইছলামক নিজ বাসগৃহৰ পৰা উদ্ধাৰ কৰে।

বৰ্তমান দুয়োগৰাকী লোককে শিঙিমাৰীৰ আদৰ্শ চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি কৰা হৈছে।

জানিব পৰা মতে বুল্লুটৰ নুৰুল ইছলাম দিল্লীৰ নিজামুদ্দিনত তবলিগী জামাতত অংশ লৈ আহি নিজ ঘৰতে আত্মগোপন কৰি আছিল।

হাজো প্ৰশাসনে এই কথা অৱগত হোৱাত ক্ষীপ্ৰতাৰে অভিযান চলাই দুয়োগৰাকীকে উদ্ধাৰ কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে।

ভ্ৰমণসূচী নিৰীক্ষণ কৰিয়ে হাজো প্ৰশাসনে স্বাস্থ্য বিভাগৰ সহযোগত দুয়োজন লোককে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতত অংশ লৈ অসমলৈ ঘূৰি অহা ১৬ জন লোক এই পৰ্যন্ত ক’ৰ’নাত আক্ৰান্ত হৈছে। আজি বিয়লি ভাগলৈ এই সংখ্যা বৃদ্ধি পোৱাৰ যথেষ্ট সম্ভাৱনা আছে।

আনহাতে নিজামুদ্দিনত অংশ লোৱা ২০০ ৰো অধিক লোকক প্ৰশাসনে চিনাক্ত কৰি কোৱাৰেণ্টাইনত ৰাখিছে যদিও এতিয়াও ১০০ ৰো অধিক লোকে আত্মগোপন কৰি থকাৰ কথা ৰাজ্য চৰকাৰে জনায়।

Related News